--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৰমুজ এবিধ মিঠা, ৰসাল ফল। দেহ জুৰ পেলাবলৈ গৰমৰ দিনত আমি বহুতেই তৰমুখ খাওঁ। বহু তৰমুখ  খোৱাৰ সময়ত গুটিবোৰ  পেলাই দিয়ে।  কিন্তু এই তৰমুজৰ বীজ  আমাৰ শৰীৰৰ বাবে অি উপকাৰী। তৰমুজৰ গুটি খোৱাৰ ফলতকেনে উপকাৰ  হ'ব পাৰে আপুনি জানেনে? বিশেষজ্ঞসকলে কয় যে তৰমুজৰ দৰেই  ইয়াৰ বীজবোৰৰো নিজা গুণ আছে। সেয়া  আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।  তৰমুজৰ বীজে আমাৰ শৰীৰৰ কি উপকাৰ সাধন কৰে জানো আহক -

এক কাপ তৰমুজৰ শুকান গুটিত  ৬০০ কেলৰি থাকে।ইয়াৰ বাহিৰে তৰমুজৰ বীজত গুৰুত্বপূৰ্ণ উপাদান যেনে লো, কেলচিয়াম , মেগনেচিয়াম আদি থাকে। তৰমুজৰ গুটিত থাকে কাৰ্বোহাইড্ৰেট, এমিনো এচিড, ফেটি এচিড, জিংক, ফোলেট, মেগনেচিয়াম, মেঙ্গানিজ, পটাচিয়াম, ছডিয়াম, ফছফৰাছ, ভিটামিন-বি৬ ইত্যাদি।

তৰমুজ বীজে এনেবোৰ উপকাৰ সাধন কৰে- 

হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি  ৰাখে:
তৰমুজৰ বীজত মেগনেছিয়াম থাকে। যিবিধ পদাৰ্থই  আমাৰ হৃদযন্ত্ৰক স্বাস্থ্যৱান ৰাখে। ই হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালী স্বাভাৱিক কৰি ৰখাত আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তৰমুজৰ বীজত ষ্টেৰলিন নামৰ এবিধ পদাৰ্থও থাকে।  যিয়ে ৰক্তচাপ হ্ৰাস কৰি হৃদযন্ত্ৰক সুৰক্ষিত কৰে। তৰমুজৰ বীজত থকা এণ্টিঅক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী আৰু ভেচোডিলেটৰিঅ'ই হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে:

তৰমুজৰ বীজত থকা ফলেট, লো আৰু খনিজ অংশবোৰে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। লগতে, তৰমুজৰ বীজত থকা  ভিটামিন বি-কমপ্লেক্সে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
 
 উৰ্বৰতা বৃদ্ধি কৰেঃ

চিকিৎসা বিজ্ঞানে কৈছে যে পুৰুষৰ উৰ্বৰতা বৃদ্ধিৰ বাবে 'জিংক' অতি গুৰুত্বপূৰ্ণ। এক অধ্যয়ন অনুসৰি, জিঙ্কে পুৰুষৰ শুক্ৰাণুৰ মান যথেষ্ট উন্নত কৰিব পাৰে। তৰমুজ আৰু ইয়াৰ বীজত বহু পৰিমাণে মেঙ্গানিজ থাকে। মেৰিলেণ্ড চিকিৎসা কেন্দ্ৰৰ মতে পুৰুষৰ উৰ্বৰতা উন্নত কৰাত মেঙ্গানিজে অৰিহণা যোগায়।

ডায়েবেটিচ নিয়ন্ত্ৰণ:

এক অধ্যয়ন অনুসৰি গ্লাইকোজেনৰ  সংশ্লেষণৰ বিষয়ত  তৰমুজৰ বীজে ইতিবাচক প্ৰভাৱ পেলায়, যিয়ে ডায়েবেটিচৰ চিকিৎসাত সহায় কৰে। ইণ্টাৰনেচনেল জাৰ্নেল অফ বেছিক এণ্ড এপ্লাইড চাইন্সেছৰ এক প্ৰতিবেদন অনুসৰি তৰমুজৰ বীজত অমেগা-৬ ফেটি এচিড থাকে। ই ডায়েবেটিচ প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰিব পাৰে।

লগতে তৰমুজৰ গুটিবোৰে মগজু উৰ্বৰ কৰে, হজম বৃদ্ধি কৰে,  চুলি শক্তিশালী কৰে, ছাল পৰিষ্কাৰ ৰাখে আৰু লগতে মুখত বয়সৰ ছাপ  পৰা  প্ৰতিহত কৰে।
 
গতিকে বিশেষজ্ঞসকলে কয় যে তৰমুজৰ গুটি পেলাই  দিয়াৰ সলনি, ইয়াক তৰমুজৰ সৈতে খাব লাগে বা বীজবোৰ তৰমুজৰ পৰা পৃথক কৰি শুকুৱাই পিছত  গুৰি কৰি খাব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু