--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ষ্ট্ৰোক, এক আকস্মিক বিপদ। কিন্তু এই বিপদৰ পৰা ৰক্ষা পৰাৰ উপায়ো আধুনিক বিজ্ঞানে উলিয়াইছে।  বিশ্বত এতিয়া ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। শেহতীয়া এক অধ্যয়ন অনুসৰি  ২০৫০  চনৰ ভিতৰত বছৰি প্ৰায় ১০ নিযুত লোকৰ ষ্ট্ৰোকত আক্ৰান্ত হৈ  মৃত্যু হ'ব পাৰে। মুখ্যতঃ নিম্ন আৰু মধ্য আয়ৰ দেশবোৰ (এলএমআইচি) এনে ঘটনাৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব পাৰে।

এই অধ্যয়নটো বিশ্ব ষ্ট্ৰোক সংস্থা আৰু লেঞ্চেট নিউৰোলজী আয়োগৰ সহযোগিতামূলক প্ৰচেষ্টাত কৰা হৈছিল। বিশ্বব্যাপী ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰাৰ বাবে ব্যৱহাৰিক পৰামৰ্শৰ ওপৰত গুৰুত্ব দিয়া চাৰিখন গৱেষণা পত্ৰ ইতিমধ্যে  প্ৰকাশ কৰা হৈছে।প্ৰতিবেদনখনে উল্লেখ কৰিছে যে ষ্ট্ৰোকত হোৱা  মৃত্যু ২০২০ চনত ৬.৬ নিযুতৰ পৰা ২০৫০ চনলৈ ৯.৭ নিযুতলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ২০৫০  চনলৈ, ষ্ট্ৰোকৰ মৃত্যুৰ হাৰ   ৮৬  শতাংশৰ পৰা ৯১  শতাংশলৈ বৃদ্ধি হ'ব পাৰে।

প্ৰতিবেদনখনে প্ৰমাণ-আধাৰিত, ব্যৱহাৰিক সমাধানৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) সঞ্চালক প্ৰধান ডাঃ ৰাজীৱ বহেলে এনে মৃত্যু হ্ৰাস কৰিবলৈ আৰু নতুন ষ্ট্ৰোক প্ৰতিৰোধ কৰিবলৈ প্ৰমাণ-আধাৰিত ষ্ট্ৰোকৰ  পৰ্যাপ্ত সতৰ্কতা কাৰ্যকৰী কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে। আই.চি.এম.আৰ.-য়ে অসংক্ৰামক ৰোগৰ মোকাবিলা কৰিবলৈ  সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে। 

অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী (এনপি-এনচিডি)ৰ আধাৰতত ভাৰতত ষ্ট্ৰোক প্ৰতিৰোধৰ বাবে যাৱতীয় বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত এক উল্লেখযোগ্য সফলতা হৈছে ইণ্ডিয়া হাইপাৰটেনচন কণ্ট্ৰোল ইনিছিয়েটিভ (আইএইচচিআই), যিয়ে ২ নিযুতৰো অধিক ৰোগীক ডিজিটেলভাৱে নিৰীক্ষণ কৰাৰ বাবে প্ৰযুক্তি-চালিত উদ্ভাৱন ব্যৱহাৰ কৰি আছে।  

বিশ্ব ষ্ট্ৰোক সংগঠনৰ নিৰ্বাচিত সভাপতি অধ্যাপক জয়াৰাজ পাণ্ডিয়ানে কয় যে ষ্ট্ৰোক বৃদ্ধিৰ কাৰকবোৰ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে।

কানাডাৰ কেলগাৰীত নিউৰোলজিষ্ট আৰু ষ্ট্ৰোক ফেলো ,  "দক্ষিণ-পূব এছিয়াৰ ষ্ট্ৰোক চিষ্টেমচ অফ কেয়াৰ" নামৰ কাকতখনৰ মুখ্য লেখক ডাঃ আইভি চেবাষ্টিয়ানে স্বাস্থ্যসেৱা প্ৰণালীৰ উন্নতিকৰণৰ জড়িয়তে ষ্ট্ৰোক প্ৰতিৰোধৰ বিষয়ত গুৰুত্ব দিছে। 
 ষ্ট্ৰোকক বহুতে  হৃদ ৰোগত আক্ৰান্ত হোৱা বুলি  ভাবে। কিন্তু দুয়োটা  সম্পূৰ্ণ বেলেগ।

ষ্ট্ৰোকে মুখ্যতঃ মানুহৰ মগজুত আঘাত কৰে। ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ তথ্য অনুসৰিযেতিয়া মগজুৰ যিকোনো অংশলৈ তেজৰ যোগান বন্ধ  হয় আৰু মগজুৰ কোষবোৰ মৰি যায় তেতিয়াই ষ্ট্ৰোক হয়।
 সাধাৰণতে ৬০  বছৰৰ অধিক বয়সৰ ৰোগীৰ ষ্ট্ৰোকৰ আশংকা অধিক হয়।  কিন্তু শেহতীয়াকৈ যুৱ আৰু আনকি শিশুও ষ্ট্ৰোকত আক্ৰান্ত হোৱা দেখা গৈছে।

অৱশ্যে, অধ্যয়নে  দেখুৱাইছে যে পুৰুষৰ ষ্ট্ৰোকৰ আশংকা মহিলাতকৈ অধিক।

তিনি প্ৰকাৰৰ ষ্ট্ৰোক আছে। মৃদু ষ্ট্ৰোক, ইস্কিমিক ষ্ট্ৰোক আৰু হেমৰেজিক ষ্ট্ৰোক।

মৃদু ষ্ট্ৰোকত ৰোগীৰ মগজুলৈ তেজৰ যোগান অস্থায়ীভাৱে বন্ধ  হয় আৰু পুনৰ আৰম্ভ  হয়। এইটো মূলতঃ এটা ডাঙৰ ষ্ট্ৰোকৰ পূৰ্ব লক্ষণ।

ইস্কিমিক ষ্ট্ৰোকত মগজু আৰু শৰীৰৰ অন্যান্য অংশত ৰক্ত নলীত তেজ গোট মাৰে।

হেমৰেজিক ষ্ট্ৰোকত মগজুৰ ৰক্তনলীবোৰ ফাটি যায় আৰু ৰক্তক্ষৰণ হয়।

ষ্ট্ৰোকে মগজুৰ কিমান ক্ষতি কৰিব সেয়া নিৰ্ভৰ কৰে মগজুত ই ক'ত হয় আৰু ই কিমান ঠাই আৱৰি থাকে তাৰ ওপৰত।

 ষ্ট্ৰোকৰ কিছুমান সাধাৰণ  লক্ষণ হৈছে:

হঠাতে হাত, ভৰি বা শৰীৰৰ যিকোনো অংশ অৱশ হৈ পৰা।  হাত দাঙিব নোৱাৰা হোৱা।
চকুৰে অস্পষ্ট/আন্ধাৰ দেখা।
কথা কোৱাত অসুবিধা পোৱা ।
বল্তু গিলিবলৈ টান পোৱা ।
জিভা জঠৰ হোৱা, মুখ বেঁকা হৈ পৰা।
শৰীৰৰ ভাৰসাম্য হেৰুওৱা, নিয়ন্ত্ৰণ হেৰুওৱা আৰু জ্ঞান হেৰুওৱা। 
হঠাতে, কেইছেকেণ্ডৰ ভিতৰতে  তীব্ৰ মূৰৰ বিষ অনুভৱ কৰা।
ওকালি অহা, বমি হোৱা, চিজাৰ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান