--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনীতিৰ পৰা অৱসৰ ল’ব কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে! আপাততঃ তেনে ইংগিতেই দিলে ছোনিয়াই৷ ছত্তীশগড়ৰ ৰায়পুৰত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় দিনা ছোনিয়া গান্ধীয়ে অৱসৰৰ ইংগিত দি  দলটোৰৰ প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে কয়, "মোক আটাইতকৈ বেছি সন্তুষ্ট কৰা কথাটো হ'ল  এয়াই যে মোৰ যাত্ৰা ভাৰত জোড়ো  যাত্ৰাৰ সৈতেই সমাপ্ত হ'ব পাৰে। ''

ৰায়পুৰ অধিৱেশনত উপস্থিত থকা এআইচিচিৰ ১৫,০০০ প্ৰতিনিধিক সম্বোধন কৰি ছোনিয়াই তেওঁৰ পুত্ৰ ৰাহুলৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰাৰ প্ৰশংসা কৰে। "ভাৰত জোড়ো  যাত্ৰা দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট। এই যাত্ৰাই প্ৰমাণ কৰিছে যে ভাৰতৰ জনসাধাৰণে সম্প্ৰীতি, সহিষ্ণুতা আৰু সমতা বিচাৰে।  বিজেপিয়ে সংখ্যালঘু, দলিত, আদিবাসী আৰু মহিলাৰ বিৰুদ্ধে ঘৃণাৰ জুই বিয়পাই আছে। ''ৰায়পুৰত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় দিনা ৰাষ্ট্ৰীয় পৰ্যায়ত সমভাবাপন্ন  দলসমূহৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা  হয়। শুকুৰবাৰে অধিৱেশনৰ প্ৰথম দিনা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি শীৰ্ষ নেতৃত্বই দলিত, অ'বিচি, আদিবাসী, সংখ্যালঘু, মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে দলৰ সৰ্বোচ্চ সংস্থা - কংগ্ৰেছ ৱৰ্কিং কমিটিৰ আধা পদ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লয়। ফলস্বৰূপে, এই অধিৱেশনত কাৰ্যকৰী সমিতিৰ সদস্যপদৰ বাবে ভোটদানৰ কোনো সম্ভাৱনা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু