--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত সপ্তাহত ৰাণী এলিজাবেথে প্ৰাক্তন প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰক ‘নাইট’ উপাধি প্ৰদান কৰিছিল। ইয়াৰ পাছতে অব্যাহত আছে উত্তেজনাৰ। প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰৰ ‘নাইট’ উপাধি প্ৰত্যাহাৰ কৰিবলৈ প্ৰায় ৬ লক্ষ্যাধিকে ৰাণী দ্বিতীয় এলিজাবেথক আহ্বান জনাইছে। ২০০৩ চনত ইৰাকত ভুৱা তথ্যৰ ওপৰত ভিত্তি কৰি সামৰিক অভিযান চলোৱা বাবে টনী ব্লেয়াৰৰ উচিত বিচাৰৰ দাবী তুলিছে স্বাক্ষৰদাতাসকলে। তেওঁলোকে কয়, ‘ ইৰাকত অবৈধভাৱে চলোৱা সামৰিক অভিযানৰ বাবে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ লগতে টনী ব্লেয়াৰো সমানে দায়ী বুলি দাবী আৱেদনকাৰীৰ।

ব্ৰিটিছ ৰাণী এলিজাবেথে প্ৰাক্তন প্ৰধানমন্ত্ৰী ব্লেয়াৰক দেশৰ সৰ্বোচ্চ সন্মানীয় সন্মান অৰ্থাত্‍ ‘নাইট’ উপাধি প্ৰদান কৰিলেও সহজে মানি লোৱা নাই একাংশই। আবেদনকাৰীসকলে কয় যে, ব্লেয়াৰ বিশ্বৰ আটাইতকৈ ক্ৰুৰ ৰাজনৈতিক ব্যক্তিসকলৰ মাজৰ এজন! ১৯৯৭ চনৰ পৰা ২০০০ চনলৈ তেওঁ শাসনত অধিষ্ঠিত আছিল। তেওঁৰ শাসনকালতে ব্ৰিটিছ সমাজত গভীৰ নেতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু প্ৰতিটো মুহূৰ্তত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি পাই আহিছে। ইৰাকৰ পৰা উভতি অহা ব্ৰিটিছ সৈন্যৰো একেই মতপোষণ কৰিছে। ‘নাইট’ উপাধি দিয়াৰ আগতে এনে কেতবোৰ স্পৰ্শকাতৰ বিষয়ক লৈ অধিক পৰ্যালোচনাৰ প্ৰয়োজনীয়তা আছে বুলি সদৰী কৰিছে ব্ৰিটিছ সৈন্যই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই