--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ৮০ বছৰীয়া বৃদ্ধই আদালতৰ চৌহদতে মালা পিন্ধালে এগৰাকী ৭৫ বছৰীয়া বৃদ্ধাক৷ কিন্তু ইমান বেছি বয়সত বৃদ্ধগৰাকীয়ে কিয় বৃদ্ধাগৰাকীক মালা পিন্ধালে? এই ঘটনাৰ কাৰণ উদ্ঘাটন কৰিবলৈ আমি জানিব লাগিব কিছু বিশেষ কথা৷ 

কিষাণগঞ্জৰ  বাসিন্দা  শিৱ প্ৰসাদ পাঠকে ৰাজহুৱা নিৰ্মাণ বিভাগত কাম কৰিছিল। অৱসৰ লোৱাৰ পিছত তেওঁ ঘৰতে থাকিবলৈ লৈছিল৷ কিন্তু পত্নীৰ সৈতে তেওঁৰ  কোনো সম্পৰ্ক নাছিল। তেওঁ নিজে এজন পুত্ৰৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল আৰু পত্নী প্ৰভু দেৱীয়ে আন এজন পুত্ৰৰ সৈতে থাকিবলৈ লৈছিল৷

ইয়াৰ পিছত ৭৫ বছৰীয়া পত্নীয়ে ৰক্ষণাবেক্ষণৰ খৰচ বিচাৰি পাঠকৰ বিৰুদ্ধে  গোচৰ ৰুজু কৰিছিল। শিৱ প্ৰসাদৰ বয়স প্ৰায় ৮০ বছৰ। দুয়োকে তেওঁলোকৰ অধিবক্তা দিলীপ কুমাৰ শুক্লাই আইনী সেৱা কৰ্তৃপক্ষৰ জৰিয়তে বিবাদৰ  মীমাংসা কৰিবলৈ প্ৰেৰণা যোগাইছিল৷ 

অৱশেষত অধিবক্তাৰ বুজনিত পতি-পত্নীৰ মাজত চলি থকা দীৰ্ঘদিনীয়া বিবাদৰ অন্ত পৰিল৷ লগে লগে পাৰিবাৰিক আদালতৰ  গোচৰটোও বন্ধ কৰা হ’ল । ইয়াৰ পিছতে দুয়োজনে ইজনে সিজনৰ ডিঙিত মালা পিন্ধাই পুনৰ নতুন জীৱন আৰম্ভ কৰাৰ সংকল্প লয়। জিলা ন্যায়াধীশে তেওঁলোকক  পুনৰ মিলনৰ  বাবে অভিনন্দন জনাই কয় যে গোচৰৰ ফলত একো লাভ নহয়। সন্তানৰহে  যথেষ্ট ক্ষতি হয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক