--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল’লে এজন অন্নদাতাই৷ জানিব পৰা তথ্য অনুসৰি আত্মহত্যাৰ পথ বাছি লোৱা কৃষকজনে সমবায় বেংকৰ পৰা ডেৰ-দুই লাখ টকাৰ ঋণ লৈছিল। আৰু সময়মতে এই ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাব হুগলীৰ আৰামবাগত কৃষকজনে এই পন্থা বাছি লয়৷

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম জয়দেৱ সৰকাৰ।ব্যক্তিজনৰ বয়স আছিল একসত্তৰ বছৰ। আৰামবাগৰ বটানাল গাঁও পঞ্চায়তৰ কাঞ্চগুৰীয়া গাঁৱৰ বাসিন্দা। পৰিয়ালৰ লোকে দাবী কৰে যে জয়দেৱে আৰামবাগত ভতিজাকৰ ঘৰত ফাঁচী লৈ আত্মহত্যা কৰে৷পৰিয়ালৰ লোকে জনোৱা মতে, 'ব্যক্তিজনে বহুত ঋণ লৈছিল, প্ৰায় ডেৰ-দুই-তিনি লাখ টকা। তেওঁ ৭-৮ বিঘা মাটিত খেতি কৰিছিল। পানীত ধানখেতি ডুবি যোৱাৰ বাবে তেওঁ এই কাৰ্যসম্পাদন কৰে৷

ইফালে পশ্চিম মেদিনীপুৰৰ চন্দ্ৰকোনাতো বিষ সেৱন কৰি আলু খেতিয়কৰ ‘আত্মহত্যা’ সংঘটিত হৈছে। মৃত লোকজনৰ নাম বাপি ঘোষ। ব্যক্তিজনৰ ঘৰ, চন্দ্ৰকোনাৰ লাহীৰগঞ্জ অঞ্চলত৷পৰিয়ালৰ লোকে জনোৱা মতে, বাপিয়ে প্ৰায় ৪ বিঘা মাটিত টপাজকে ধৰি বিভিন্ন ধৰণৰ আলুৰ খেতি কৰিছিল। খেতিৰ বাবে তেওঁ বৃহৎ ঋণ লৈছিল। কিন্তু অকাল বৰষুণৰ ফলত আলু খেতি ক্ষতিগ্ৰস্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে। কিন্তু প্ৰশাসন ব্যক্তিজনৰ কাষত থিয় নহ’ল। শস্য হেৰুৱাৰ ভয়ত হতাশাত ভুগিছিল কৃষকজন। অৱশেষত শুকুৰবাৰে নিশা ঘৰতে বিহ পান কৰি স্ব-নিধন কৰে।


প্ৰথমে বাপ্পীক ঘটাল মহকুমা চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পাছত শনিবাৰে পুৱা তেওঁক মেদিনীপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় যদিও সেই নিশাই কৃষকজনৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক