--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল’লে এজন অন্নদাতাই৷ জানিব পৰা তথ্য অনুসৰি আত্মহত্যাৰ পথ বাছি লোৱা কৃষকজনে সমবায় বেংকৰ পৰা ডেৰ-দুই লাখ টকাৰ ঋণ লৈছিল। আৰু সময়মতে এই ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাব হুগলীৰ আৰামবাগত কৃষকজনে এই পন্থা বাছি লয়৷

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম জয়দেৱ সৰকাৰ।ব্যক্তিজনৰ বয়স আছিল একসত্তৰ বছৰ। আৰামবাগৰ বটানাল গাঁও পঞ্চায়তৰ কাঞ্চগুৰীয়া গাঁৱৰ বাসিন্দা। পৰিয়ালৰ লোকে দাবী কৰে যে জয়দেৱে আৰামবাগত ভতিজাকৰ ঘৰত ফাঁচী লৈ আত্মহত্যা কৰে৷পৰিয়ালৰ লোকে জনোৱা মতে, 'ব্যক্তিজনে বহুত ঋণ লৈছিল, প্ৰায় ডেৰ-দুই-তিনি লাখ টকা। তেওঁ ৭-৮ বিঘা মাটিত খেতি কৰিছিল। পানীত ধানখেতি ডুবি যোৱাৰ বাবে তেওঁ এই কাৰ্যসম্পাদন কৰে৷

ইফালে পশ্চিম মেদিনীপুৰৰ চন্দ্ৰকোনাতো বিষ সেৱন কৰি আলু খেতিয়কৰ ‘আত্মহত্যা’ সংঘটিত হৈছে। মৃত লোকজনৰ নাম বাপি ঘোষ। ব্যক্তিজনৰ ঘৰ, চন্দ্ৰকোনাৰ লাহীৰগঞ্জ অঞ্চলত৷পৰিয়ালৰ লোকে জনোৱা মতে, বাপিয়ে প্ৰায় ৪ বিঘা মাটিত টপাজকে ধৰি বিভিন্ন ধৰণৰ আলুৰ খেতি কৰিছিল। খেতিৰ বাবে তেওঁ বৃহৎ ঋণ লৈছিল। কিন্তু অকাল বৰষুণৰ ফলত আলু খেতি ক্ষতিগ্ৰস্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে। কিন্তু প্ৰশাসন ব্যক্তিজনৰ কাষত থিয় নহ’ল। শস্য হেৰুৱাৰ ভয়ত হতাশাত ভুগিছিল কৃষকজন। অৱশেষত শুকুৰবাৰে নিশা ঘৰতে বিহ পান কৰি স্ব-নিধন কৰে।


প্ৰথমে বাপ্পীক ঘটাল মহকুমা চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পাছত শনিবাৰে পুৱা তেওঁক মেদিনীপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় যদিও সেই নিশাই কৃষকজনৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক