--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলিয়ান এমবাপে, লিয়নেল মেছি সতীৰ্থ আশ্ৰাফ হাকিমিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। পিচএছি আৰু মৰক্কোৰ ডিফেণ্ডাৰগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত আৰম্ভ হৈছে।

ফ্ৰান্সৰ কাকত লে পেৰিছিয়েনে প্ৰকাশ কৰা অনুসৰি, ২৬ ফেব্ৰুৱাৰী দেওবাৰে হাকিমিৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰে এগৰাকী যুৱতীয়ে। ২৫ ফেব্ৰুৱাৰী শনিবাৰে পেৰিছৰ ঘৰত হাকিমিয়ে তেওঁক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে ছানীয়ে। যুৱতীগৰাকীৰ পৰিচয় প্ৰকাশ কৰা নাই আৰক্ষীয়ে। তেওঁ দণ্ডাধীশক এটা গোপন বিবৃতি দিয়ে।

এজাহাৰ লাভ কৰাৰ পিছতে হাকিমিৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তেওঁক হাজিৰ হ’বলৈ কোৱা হৈছে। অৱশ্যে হাকিমিয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ মেলা নাই। পেৰিছ চেণ্ট জাৰ্মেইনৰ হৈ যোৱা দুখন মেচত খেলা নাছিল হাকিমি। হামষ্ট্ৰিং আঘাতৰ বাবে তেওঁ দলৰ পৰা বাহিৰ হৈছে।

উল্লেখ্য যে কাটাৰ বিশ্বকাপত হাকিমিয়ে মৰক্কোৰ হৈ অতি ভাল ফুটবল খেলিছিল। তেওঁ মৰক্কোক বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰিছিল। পি এছ জিতো তেওঁ দূৰ্দান্ত ছন্দত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক