--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএগৰাকী ছাত্ৰীয়ে মাথো বিচাৰিছিল চেনিটাৰী পেড। স্বাস্থ্যৰ প্ৰতি সচেতন ছাত্ৰীগৰাকীৰ এনে দাবীতেই যেন জাঙুৰ খাই উঠিল এগৰাকী মহিলা আইএএছ বিষয়া। তেওঁ এঢাপ আগুৱাই গৈ ছাত্ৰীগৰাকীক প্ৰশ্ন কৰিলে’ এতিয়া তুমি কণ্ডমো বিচাৰিবা নেকি’? বিহাৰৰ জ্যেষ্ঠ আইএএছ বিষয়া তথা মহিলা আৰু শিশু বিকাশ নিগমৰ (ডব্লিউচিডিচি) অধ্যক্ষ  হৰজ্যোত কৌৰ বামৰাহৰ এনে মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

হৰজ্যোত কৌৰ বামৰাহে এগৰাকী দৰিদ্ৰ স্কুলীয়া ছাত্ৰীৰ অতি সৰু দাবীক ৰাজহুৱাভাৱে উপহাস কৰাৰ পিছতে  বিতৰ্কৰ সৃষ্টি হৈছে। ছাত্ৰীগৰাকীয়ে তেওঁলোকক এটা অনুষ্ঠানত বিষয়াগৰাকীক  চেনিটাৰী নেপকিন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল।

তেওঁ সুধিছিল "চৰকাৰে আমাক ২০-৩০ টকাত চেনিটাৰী নেপকিন দিব পাৰিবনে?" এই কথাতে ক্ষুণ্ণ হৈ মহিলা বিষয়াগৰাকীয়ে ছাত্ৰীগৰাকীক তেনেদৰে ভৰ্ৎসনা কৰে। উল্লেখ্য  আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংগঠনসমূহৰ সৈতে মিলি ডব্লিউচিডিচিয়ে আয়োজন কৰা "সৱল বেটি, সমৃদ্ধ বিহাৰ" শীৰ্ষক এদিনীয়া কৰ্মশালাত এগৰাকী স্কুলীয়া ছাত্ৰীয়ে তেওঁক এনেদৰে সুধিছিল। 

ছাত্ৰীগৰাকীৰ অনুৰোধৰ প্ৰত্যুত্তৰত বিষয়াগৰাকীয়ে কয় ‘এনে দাবীৰ কোনো অন্ত আছে নেকি? কাইলৈ তুমি জিন্স বিচাৰিবা, তাৰ পিছত ধুনীয়া  জোতা আৰু শেষত যেতিয়া পৰিয়াল পৰিকল্পনাৰ কথা আহে, তুমি ক'ব পাৰা যে চৰকাৰেও কণ্ডমো দিয়া উচিত,’ ।বিষয়াগৰাকীৰ এনে  মন্তব্যৰ পিছতে ছোৱালীজনীয়ে অপমানিত অনুভৱ কৰিছিল আৰু  পৰৱৰ্তী নিৰ্বাচনত চৰকাৰক ভোট নিদিয়ে বুলি কৈছিল। ছাত্ৰীগৰাকীৰ কথা শুনি  বামৰাহে কয়  তুমি  ভোট দিয়াৰ প্ৰয়োজন নাই। 

এয়া মূৰ্খতাৰ পৰিচয়!"  মহিলা বিষয়াগৰাকীৰ এনে আচৰণৰ  পিছতে বিহাৰৰ সমাজ কল্যাণ মন্ত্ৰী মদন চাহনীয়ে বিষয়টোত দুখ প্ৰকাশ কৰি কয় " আইএএছ বিষয়াগৰাকীয়ে  ছোৱালীজনীৰ মনোবল বৃদ্ধি কৰাৰ পৰিৱৰ্তে তেওঁক  নিৰুৎসাহিত কৰাহে দেখা গল। এয়া উচিত নহয়। তেওঁ এনে কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব"।

তেওঁ বিভাগীয়  সচিবৰ সৈতে বিষয়টো আলোচনা কৰিব বুলিও কথা দিয়ে। তেওঁ কয় যে চৰকাৰে ইতিমধ্যে মহিলাৰ বাবে বহু কাম কৰিছে, যেনে  পঞ্চায়ত  আৰু চৰকাৰী চাকৰিত মহিলাসকলৰ বাবে সংৰক্ষণৰ দিহা কৰা আদি ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু