--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএগৰাকী ছাত্ৰীয়ে মাথো বিচাৰিছিল চেনিটাৰী পেড। স্বাস্থ্যৰ প্ৰতি সচেতন ছাত্ৰীগৰাকীৰ এনে দাবীতেই যেন জাঙুৰ খাই উঠিল এগৰাকী মহিলা আইএএছ বিষয়া। তেওঁ এঢাপ আগুৱাই গৈ ছাত্ৰীগৰাকীক প্ৰশ্ন কৰিলে’ এতিয়া তুমি কণ্ডমো বিচাৰিবা নেকি’? বিহাৰৰ জ্যেষ্ঠ আইএএছ বিষয়া তথা মহিলা আৰু শিশু বিকাশ নিগমৰ (ডব্লিউচিডিচি) অধ্যক্ষ  হৰজ্যোত কৌৰ বামৰাহৰ এনে মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

হৰজ্যোত কৌৰ বামৰাহে এগৰাকী দৰিদ্ৰ স্কুলীয়া ছাত্ৰীৰ অতি সৰু দাবীক ৰাজহুৱাভাৱে উপহাস কৰাৰ পিছতে  বিতৰ্কৰ সৃষ্টি হৈছে। ছাত্ৰীগৰাকীয়ে তেওঁলোকক এটা অনুষ্ঠানত বিষয়াগৰাকীক  চেনিটাৰী নেপকিন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল।

তেওঁ সুধিছিল "চৰকাৰে আমাক ২০-৩০ টকাত চেনিটাৰী নেপকিন দিব পাৰিবনে?" এই কথাতে ক্ষুণ্ণ হৈ মহিলা বিষয়াগৰাকীয়ে ছাত্ৰীগৰাকীক তেনেদৰে ভৰ্ৎসনা কৰে। উল্লেখ্য  আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংগঠনসমূহৰ সৈতে মিলি ডব্লিউচিডিচিয়ে আয়োজন কৰা "সৱল বেটি, সমৃদ্ধ বিহাৰ" শীৰ্ষক এদিনীয়া কৰ্মশালাত এগৰাকী স্কুলীয়া ছাত্ৰীয়ে তেওঁক এনেদৰে সুধিছিল। 

ছাত্ৰীগৰাকীৰ অনুৰোধৰ প্ৰত্যুত্তৰত বিষয়াগৰাকীয়ে কয় ‘এনে দাবীৰ কোনো অন্ত আছে নেকি? কাইলৈ তুমি জিন্স বিচাৰিবা, তাৰ পিছত ধুনীয়া  জোতা আৰু শেষত যেতিয়া পৰিয়াল পৰিকল্পনাৰ কথা আহে, তুমি ক'ব পাৰা যে চৰকাৰেও কণ্ডমো দিয়া উচিত,’ ।বিষয়াগৰাকীৰ এনে  মন্তব্যৰ পিছতে ছোৱালীজনীয়ে অপমানিত অনুভৱ কৰিছিল আৰু  পৰৱৰ্তী নিৰ্বাচনত চৰকাৰক ভোট নিদিয়ে বুলি কৈছিল। ছাত্ৰীগৰাকীৰ কথা শুনি  বামৰাহে কয়  তুমি  ভোট দিয়াৰ প্ৰয়োজন নাই। 

এয়া মূৰ্খতাৰ পৰিচয়!"  মহিলা বিষয়াগৰাকীৰ এনে আচৰণৰ  পিছতে বিহাৰৰ সমাজ কল্যাণ মন্ত্ৰী মদন চাহনীয়ে বিষয়টোত দুখ প্ৰকাশ কৰি কয় " আইএএছ বিষয়াগৰাকীয়ে  ছোৱালীজনীৰ মনোবল বৃদ্ধি কৰাৰ পৰিৱৰ্তে তেওঁক  নিৰুৎসাহিত কৰাহে দেখা গল। এয়া উচিত নহয়। তেওঁ এনে কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব"।

তেওঁ বিভাগীয়  সচিবৰ সৈতে বিষয়টো আলোচনা কৰিব বুলিও কথা দিয়ে। তেওঁ কয় যে চৰকাৰে ইতিমধ্যে মহিলাৰ বাবে বহু কাম কৰিছে, যেনে  পঞ্চায়ত  আৰু চৰকাৰী চাকৰিত মহিলাসকলৰ বাবে সংৰক্ষণৰ দিহা কৰা আদি ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক