--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আভ্যন্তৰীণ কন্দল আৰু জনসাধাৰণৰ মাজত ক্ৰমশ: হেৰুৱাই পেলোৱা সমৰ্থনৰ ফলশ্ৰুতিত ভাৰতীয় ৰাজনীতিত অভাৱনীয়ভাৱে স্থিতি দুৰ্বল হৈ পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেৰ। এই বিপৰ্যয়ৰ পৰা মুক্ত হৈ দেশীয় ৰাজনীতিত পূৰ্ণশক্তিৰে ঠন ধৰি উঠাৰ লক্ষ্যৰে কংগ্ৰেছে গ্ৰহণ কৰিছে ‘ভাৰত জোড়ো যাত্ৰা’ শীৰ্ষক এক জনসম্পৰ্কমুখী অভিযান। দেশৰ জনসাধাৰণৰ মাজত পুনৰ দলীয় আস্থা ঘূৰাই অনা তথা সাংগঠনিক ভেটি পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে কংগ্ৰেছে গ্ৰহণ কৰা এই ‘ভাৰত জোড়ো যাত্ৰা’ই বিপুল জনসমৰ্থন লাভ কৰিছে। দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত এই পদযাত্ৰাত অংশগ্ৰহণ কৰা কংগ্ৰেছ কৰ্মীসকল বৰ্তমান কেৰালাত মাজেৰে পদযাত্ৰা অব্যাহত ৰাখিছে। 

‘ভাৰত জোড়ো যাত্ৰা’ৰ মাজতে ৰাহুল গান্ধীয়ে বুধবাৰে টুইটাৰত শ্বেয়াৰ কৰে এক বিশেষ পোষ্ট। পোষ্টটোৰ সৈতে সংলগ্ন কৰা এখন ফটোত ৰাহুল গান্ধীয়ে এগৰাকী কন্যা শিশুক নিজৰ কোলাত তুলি হাস্যবদনে শিশুটিৰ মুখলৈ চাই থকা দেখিবলৈ পোৱা গৈছে আৰু গান্ধীৰ এই মৰমত অভিভূত হৈ পৰা শিশুটিয়ে দুইহাতেৰে হেঁচি ধৰিছে নিজৰ মুখ। ফটোখনৰ সৈতে গান্ধীয়ে লিখিছে, “এনে মুহূৰ্তৰ বাবে মই সহস্ৰ মাইল খোজ কাঢ়িব পাৰিম।” কংগ্ৰেছ নেতাগৰাকীৰ এই হৃদয়স্পৰ্শী পোষ্টে স্বাভাৱিকতেই হৃদয় জিনিছে দেশবাসীৰ।

উল্লেখ্য যে এই পদযাত্ৰাৰ সময়ত শিশুৰ সৈতে বাৰ্তালাপ কৰি থকা অৱস্থাত দেখিবলৈ পোৱা ৰাহুল গান্ধীৰ কেইবাখনো আলোকচিত্ৰ ইয়াৰ পূৰ্বে সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত হৈ পৰিছিল। ইফালে বুধবাৰে গান্ধীৰ সাক্ষাৎ লাভ কৰি আবেগ বিহ্বল হৈ পৰা এগৰাকী যুৱতীৰ ক্ৰন্দনৰত এক ভিডিঅ'ও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। পদযাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ সৈতে যোগদান কৰিবলৈ অনুমতি লাভ কৰাৰ পিছতে আনন্দতে কান্দোনত ভাগি পৰিছিল যুৱতীগৰাকী। কংগ্ৰেছ নেতাগৰাকীয়ে লাভ কৰা এই সমৰ্থনৰ দৃশ্য শ্বেয়াৰ কৰি কংগ্ৰেছৰ দ্বাৰা পৰিচালিত ‘ভাৰত জোড়ো’ নামৰ টুইটাৰ হেণ্ডেলটোৱে লিখিছিল, "কোনো শিৰোনামৰ প্ৰয়োজন নাই। কেৱল প্ৰেম।"

উল্লেখ্য যে ৮ ছেপ্টেম্বৰৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই ভাৰত জোড়ো পদযাত্ৰাই আজি কেৰালা অতিক্ৰম কৰি কৰ্ণাটকত প্ৰৱেশ কৰিব।  সূদীৰ্ঘ ৩,৫৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ‘ভাৰত জোড়ো যাত্ৰা’ক বিগত শতিকাৰ পিছত দেশত আয়োজিত ‘দীৰ্ঘতম পদযাত্ৰা’ বুলি কংগ্ৰেছে অভিহিত কৰিছে। এই কাৰ্যসূচীৰ দ্বাৰা ৰাহুল গান্ধী নেতৃত্বাধীন পদযাত্ৰাকাৰী সকলে ১৫০ দিনৰ ভিতৰত ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল এই কাৰ্যসূচীত সামৰি ল’ব। 

ইফালে ‘ভাৰত জোড়ো যাত্ৰা’ই এইদৰে জনসমৰ্থন লাভ কৰাৰ মাজতে আন এক দলীয় বিবাদত জৰ্জৰিত হৈ পৰিছে দলটোৰ ৰাজস্থান প্ৰদেশ গোট। দলৰ নতুন সভাপতি নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ নাম মুখ্যমন্ত্ৰী হিচাপে চৰ্চিত হৈ পৰাৰ পাছতো ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব, ইয়াক লৈ বিবাদৰ সূত্ৰপাত হৈছিল। এইক্ষেত্ৰত দলৰ অন্যতম নেতা শচীন পাইলটৰ নাম সৰ্বপ্ৰথমে সমুখলৈ আহিছিল যদিও গেহলটৰ সমৰ্থক সকলে পাইলটৰ মুকলি বিৰোধ কৰিছিল। পৰিস্থিতিয়ে এনে ৰূপ ধাৰণ কৰিছিল যে ৰাজ্যখনৰ ৯২ গৰাকী কংগ্ৰেছ বিধায়কে পদত্যাগ কৰিবলৈও সাজু হৈছিল।

এনে ৰাজনৈতিক অস্থিৰতাৰ ফলশ্ৰুতিত গেহলট দলৰ সভাপতি নিৰ্বাচনৰ দৌৰৰ পৰা বাহিৰ হ’বলৈ বাধ্য হয়। ইতিমধ্যে দলটোৰ জেষ্ঠ নেতা শশী থাৰুৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আনহাতে শেহতীয়াকৈ আন এগৰাকী জেষ্ঠ নেতা দিগ্বিজয় সিঙেও মনোনয়ন দাখিল কৰিব বুলি ঘোষণা কৰিছে। ইতিমধ্যে ৰাহুল গান্ধীয়ে এই নিৰ্বাচনত গান্ধী পৰিয়ালৰ কোনো সদস্যই অৱতীৰ্ণ নহয় বুলি ঘোষণা কৰাৰ লগে লগে দীৰ্ঘদিনৰ মূৰত দলটোৰ সভাপতি হিচাপে গান্ধী পৰিয়ালৰ বাহিৰৰ এগৰাকী নেতা সভাপতি হোৱাটো নিশ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement