--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ নিৰ্মাতা ৰবীন্দৰ চন্দ্ৰশেখৰ আৰু দক্ষিণৰ বিখ্যাত টিভি অভিনেত্ৰী মহালক্ষ্মী বিবাহপাশত আবদ্ধ হৈছে। তিৰুপতিত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত দুয়োজনে বৈবাহিক বান্ধোনত বান্ধ খায়। বৃহস্পতিবাৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন হৈ যায় মহালক্ষ্মী আৰু ৰবীন্দৰৰ বিবাহ। 

শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত নিজৰ বিয়াৰ কিছু ছবি শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে এই ফটোসমূহ। উল্লেখ্য যে এয়া অভিনেত্ৰীগৰাকীৰ দ্বিতীয় বিবাহ। ইয়াৰ পূৰ্বে অনিল কুমাৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল মহালক্ষ্মী। তেওঁৰ এজন পুত্ৰ সন্তানো আছে। বিয়াৰ পিছত দুয়োৰে মাজত ব্যাপক কাজিয়াৰ সৃষ্টি হৈছিল, যাৰ বাবে অভিনেত্ৰীগৰাকীৰ ২০১৯ চনত বিবাহ বিচ্ছেদ ঘটিছিল। এতিয়া ৰবীন্দৰক জীৱনসংগী কৰিবলৈ পাই সুখী হৈ পৰিছে মহালক্ষ্মী। 

 ’বিদ্যুম বৰাই কাথিৰু’ নামৰ এখন ছবিত একেলগে কাম কৰিছে ৰবীন্দৰ আৰু মহালক্ষ্মীয়ে। তাৰ পিছতে দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। সময়ৰ সময়ৰ লগে লগে দুয়োৰে মাজৰ ঘনিষ্ঠতা বাঢ়ি গৈ থাকিল। অৱশেষত দুয়ো ল'লে বিয়াৰ সিদ্ধান্ত। বিয়াৰ ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত লিখিছে, ‘জীৱনত তোমাক পাই মই নিজকে ভাগ্যৱান বুলি গণ্য কৰোঁ। তুমি মোৰ জীৱনটো তোমাৰ মৰমেৰে ভৰাই দিলা। লাভ ইউ আম্মু।’

বিয়াৰ ফটো ভাইৰেল হোৱাৰ লগে লগে এই নতুন দম্পতীক যুগ্ম জীৱন সুখৰ হ'বৰ বাবে বহুতে শুভকামনা জনাইছে। একে সময়তে অভিনেত্ৰীগৰাকীৰ আকস্মিক বিবাহক লৈ একাংশই পতিয়ন যাব পৰা নাই। একাংশই মন্তব্য কৰিছে যে 'এয়া নতুন ছিৰিয়েলৰ প্ৰমো নেকি?' 

উল্লেখযোগ্য যে ‘বাণী ৰাণী’, ‘চেল্লাময়’, ‘অফিচ’, ‘আৰাছি’, ‘থিৰু মঙলম’, ‘য়ামিৰুক্কা বায়ামেন’, কেলাদি কানমণি আদি ধাৰাবাহিকত মহালক্ষ্মীয়ে অভিনয় কৰিছে। একে সময়তে ৰবীন্দ্ৰ চন্দ্ৰশেখৰে ‘নলনাম নন্দিনিয়ম’, ‘সুত্ত কাধাই’, ‘নটপুনা এন্নানু থেৰিয়ুমা’, ‘মুৰুংকাই চিপছ’ আদি ছবি নিৰ্মাণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?