--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ নিৰ্মাতা ৰবীন্দৰ চন্দ্ৰশেখৰ আৰু দক্ষিণৰ বিখ্যাত টিভি অভিনেত্ৰী মহালক্ষ্মী বিবাহপাশত আবদ্ধ হৈছে। তিৰুপতিত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত দুয়োজনে বৈবাহিক বান্ধোনত বান্ধ খায়। বৃহস্পতিবাৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন হৈ যায় মহালক্ষ্মী আৰু ৰবীন্দৰৰ বিবাহ। 

শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত নিজৰ বিয়াৰ কিছু ছবি শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে এই ফটোসমূহ। উল্লেখ্য যে এয়া অভিনেত্ৰীগৰাকীৰ দ্বিতীয় বিবাহ। ইয়াৰ পূৰ্বে অনিল কুমাৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল মহালক্ষ্মী। তেওঁৰ এজন পুত্ৰ সন্তানো আছে। বিয়াৰ পিছত দুয়োৰে মাজত ব্যাপক কাজিয়াৰ সৃষ্টি হৈছিল, যাৰ বাবে অভিনেত্ৰীগৰাকীৰ ২০১৯ চনত বিবাহ বিচ্ছেদ ঘটিছিল। এতিয়া ৰবীন্দৰক জীৱনসংগী কৰিবলৈ পাই সুখী হৈ পৰিছে মহালক্ষ্মী। 

 ’বিদ্যুম বৰাই কাথিৰু’ নামৰ এখন ছবিত একেলগে কাম কৰিছে ৰবীন্দৰ আৰু মহালক্ষ্মীয়ে। তাৰ পিছতে দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। সময়ৰ সময়ৰ লগে লগে দুয়োৰে মাজৰ ঘনিষ্ঠতা বাঢ়ি গৈ থাকিল। অৱশেষত দুয়ো ল'লে বিয়াৰ সিদ্ধান্ত। বিয়াৰ ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত লিখিছে, ‘জীৱনত তোমাক পাই মই নিজকে ভাগ্যৱান বুলি গণ্য কৰোঁ। তুমি মোৰ জীৱনটো তোমাৰ মৰমেৰে ভৰাই দিলা। লাভ ইউ আম্মু।’

বিয়াৰ ফটো ভাইৰেল হোৱাৰ লগে লগে এই নতুন দম্পতীক যুগ্ম জীৱন সুখৰ হ'বৰ বাবে বহুতে শুভকামনা জনাইছে। একে সময়তে অভিনেত্ৰীগৰাকীৰ আকস্মিক বিবাহক লৈ একাংশই পতিয়ন যাব পৰা নাই। একাংশই মন্তব্য কৰিছে যে 'এয়া নতুন ছিৰিয়েলৰ প্ৰমো নেকি?' 

উল্লেখযোগ্য যে ‘বাণী ৰাণী’, ‘চেল্লাময়’, ‘অফিচ’, ‘আৰাছি’, ‘থিৰু মঙলম’, ‘য়ামিৰুক্কা বায়ামেন’, কেলাদি কানমণি আদি ধাৰাবাহিকত মহালক্ষ্মীয়ে অভিনয় কৰিছে। একে সময়তে ৰবীন্দ্ৰ চন্দ্ৰশেখৰে ‘নলনাম নন্দিনিয়ম’, ‘সুত্ত কাধাই’, ‘নটপুনা এন্নানু থেৰিয়ুমা’, ‘মুৰুংকাই চিপছ’ আদি ছবি নিৰ্মাণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু