--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিপাশা বসু গৰ্ভৱতী৷ কিন্তু গৰ্ভৱতী অৱস্থাতো অভিনেত্ৰীগৰাকীয়ে যেন আঁতৰি যাব পৰা নাই কেমেৰাৰ সন্মুখৰ পৰা৷  তেওঁ শেহতীয়াকৈ কৰা এটা ফটোশ্বুটে এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ গৰ্ভৱতী অৱস্থাত ফটোশ্বুট কৰি বিপাশাই   যেন সোনমে দেখুওৱা পথত খোজ কাঢ়িলে৷

কেইসপ্তাহমান আগতে  বিপাশাই স্বামী কৰণ গ্ৰোভাৰৰ সৈতে এখন ফটোৰ জৰিয়তে  তেওঁসলোকৰ অনুৰাগীসকলক ভাল খবৰটো দিছিল।কেইবছৰমান আগলৈকে গৰ্ভৱতী হোৱাৰ সময়ত ভাৰতীয় অভিনেত্ৰীসকলৰ ছবি বিশেষভাবে  ৰাজহুৱা হোৱা  নাছিল। অৱশ্যে পশ্চিমত অভিনেত্ৰীসকলে গৰ্ভৱতী অৱস্থাত ফটো দিয়াটো এক ফেশ্বনত পৰিণত হৈছে। 

এতিয়া ভাৰততো সেই ট্ৰেণ্ড আহি গৈছে৷বিশেষকৈ বলীউডত   গৰ্ভৱতী অভিনেত্ৰীৰ  ফটোশ্বুটৰ প্ৰৱণতা বৃদ্ধি পাইছে। কেইমাহমান আগতে অভিনেত্ৰী সোনম কাপুৰৰ গৰ্ভৱতী অৱস্থাৰ ফটোশ্বুটকলৈ  ব্যাপকভাৱে চৰ্চা হৈছিল। এতিয়া  বিপাশা বসুয়েও সোনমে দেখুওৱা পথত খোজ কাঢ়িলে।


শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অনুৰাগীসকলৰ বাবে গৰ্ভৱতী অৱস্থাৰ  ছবি তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ক'লা নেট গাউন পিন্ধা বিপাশাৰ বেবী বাম্প ফটোত ভালদৰেই ফুটি উঠিছে৷ বিপাশাৰ  মুখত পাতল হাঁহি, খোলা চুলি আৰু পাতল মেক-আপো স্পষ্ট হৈ পৰিছে। ফটোখনৰ তলত বিপাশাই লিখিছে, "অবৰ্ণনীয় অনুভৱ, ভাষাত প্ৰকাশ কৰা কঠিন’। অভিনেত্ৰীগৰাকীয়ে মাতৃসকললৈ  এইবুলি বাৰ্তাটো দিছে, 'আপোনাৰ শৰীৰটোক  ভালপাবলৈ শিকক। '

বহু নেটিজেনে বিপাশাৰ এনে ছবি চাই কৈছে  যে  ৪৩ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে এনে ফটোশ্বুটৰ জৰিয়তেও  চকু কাঢ়ি নিব পৰা নাই। উল্লেখ্য ২০১৫  চনত বিপাশা-কৰণ প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হৈছিল। এবছৰৰ প্ৰেমৰ পিছত ২০১৬ তেওঁলোক বিবাহপাশত আব্ধ হৈছিল৷ এতিয়া এজন নতুন সদস্য তেওঁলোক দুজনৰ পৰিয়াললৈ আহিবলৈ ওলাইছে৷ বিবাহৰ প্ৰায় ৬ বছৰৰ পিছত অভিনেত্ৰীগৰাকী মাতৃ হ’বলৈ ওলাইছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?