--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিপাশা বসু গৰ্ভৱতী৷ কিন্তু গৰ্ভৱতী অৱস্থাতো অভিনেত্ৰীগৰাকীয়ে যেন আঁতৰি যাব পৰা নাই কেমেৰাৰ সন্মুখৰ পৰা৷  তেওঁ শেহতীয়াকৈ কৰা এটা ফটোশ্বুটে এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ গৰ্ভৱতী অৱস্থাত ফটোশ্বুট কৰি বিপাশাই   যেন সোনমে দেখুওৱা পথত খোজ কাঢ়িলে৷

কেইসপ্তাহমান আগতে  বিপাশাই স্বামী কৰণ গ্ৰোভাৰৰ সৈতে এখন ফটোৰ জৰিয়তে  তেওঁসলোকৰ অনুৰাগীসকলক ভাল খবৰটো দিছিল।কেইবছৰমান আগলৈকে গৰ্ভৱতী হোৱাৰ সময়ত ভাৰতীয় অভিনেত্ৰীসকলৰ ছবি বিশেষভাবে  ৰাজহুৱা হোৱা  নাছিল। অৱশ্যে পশ্চিমত অভিনেত্ৰীসকলে গৰ্ভৱতী অৱস্থাত ফটো দিয়াটো এক ফেশ্বনত পৰিণত হৈছে। 

এতিয়া ভাৰততো সেই ট্ৰেণ্ড আহি গৈছে৷বিশেষকৈ বলীউডত   গৰ্ভৱতী অভিনেত্ৰীৰ  ফটোশ্বুটৰ প্ৰৱণতা বৃদ্ধি পাইছে। কেইমাহমান আগতে অভিনেত্ৰী সোনম কাপুৰৰ গৰ্ভৱতী অৱস্থাৰ ফটোশ্বুটকলৈ  ব্যাপকভাৱে চৰ্চা হৈছিল। এতিয়া  বিপাশা বসুয়েও সোনমে দেখুওৱা পথত খোজ কাঢ়িলে।


শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অনুৰাগীসকলৰ বাবে গৰ্ভৱতী অৱস্থাৰ  ছবি তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ক'লা নেট গাউন পিন্ধা বিপাশাৰ বেবী বাম্প ফটোত ভালদৰেই ফুটি উঠিছে৷ বিপাশাৰ  মুখত পাতল হাঁহি, খোলা চুলি আৰু পাতল মেক-আপো স্পষ্ট হৈ পৰিছে। ফটোখনৰ তলত বিপাশাই লিখিছে, "অবৰ্ণনীয় অনুভৱ, ভাষাত প্ৰকাশ কৰা কঠিন’। অভিনেত্ৰীগৰাকীয়ে মাতৃসকললৈ  এইবুলি বাৰ্তাটো দিছে, 'আপোনাৰ শৰীৰটোক  ভালপাবলৈ শিকক। '

বহু নেটিজেনে বিপাশাৰ এনে ছবি চাই কৈছে  যে  ৪৩ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে এনে ফটোশ্বুটৰ জৰিয়তেও  চকু কাঢ়ি নিব পৰা নাই। উল্লেখ্য ২০১৫  চনত বিপাশা-কৰণ প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হৈছিল। এবছৰৰ প্ৰেমৰ পিছত ২০১৬ তেওঁলোক বিবাহপাশত আব্ধ হৈছিল৷ এতিয়া এজন নতুন সদস্য তেওঁলোক দুজনৰ পৰিয়াললৈ আহিবলৈ ওলাইছে৷ বিবাহৰ প্ৰায় ৬ বছৰৰ পিছত অভিনেত্ৰীগৰাকী মাতৃ হ’বলৈ ওলাইছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু