--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সীমান্তত পুনৰ সমস্যা। এইবাৰ জলপথত লাগিছে কন্দল। কোটি কোটি টকাৰ মাদকদ্ৰব্য সৰবৰাহকাৰী এখন নাও ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোতেই জব্দ এখন পাকিস্তানী নাও। গুজৰাট উপকূলৰ পৰা ভাৰতীয় জলসীমাত ৬জন ক্ৰু সদস্যৰ সৈতে এখন পাকিস্তানী মাছ মৰা নাও 'আল হুছেইনী' জব্দ কৰা বুলি সদৰী কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ জনসম্পৰ্ক কাৰ্যালয়ে। তাৰ পৰা প্ৰায় ৪০০ কোটি টকাৰ প্ৰায় ৭৭ কিলোগ্ৰাম হিৰোইন উদ্ধাৰ কৰা হৈছে। জানিবলৈ পোৱা মতে, এক গোপন সূত্ৰৰ জৰিয়তে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী দলৰ সৈতে এক যুটীয়া অভিযান চলায়।

গুজৰাটৰ পিআৰ ডিফেন্সে এক টুইটযোগে কয়, ‘ভাৰতীয় উপকূলৰক্ষী বাহিনী, গুজৰাট সন্ত্ৰাসবাদ বিৰোধী দলৰ এক যুটীয়া অভিযানত প্ৰায় ৪০০ কোটি মূল্যৰ ৭৭ কিলোগ্ৰাম হিৰোইন কঢ়িয়াই অনা পাকিস্তানী মাছ ধৰা নাওঁ ভাৰতীয় জলসীমাত ৬জন কৰ্মচাৰীৰ সৈতে 'আল হুছেইনী'ক জব্দ কৰিছে। ইফালে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সদৰী কৰামতে, জাহাজখন গুজৰাট সীমান্তলৈ অনা হৈছে। কি উদ্দেশ্যে বৃহৎ পৰিমাণৰ মাদকদ্ৰব্য ভাৰতলৈ অনা হৈছিল তাকে লৈ এতিয়া অব্যাহত আছে অনুসন্ধান।

উল্লেখ্য যে, বিগত ছেপ্টেম্বৰ মাহত এখন জাহাজৰ পৰা দুই কণ্টেইনাৰ ভৰ্তি প্ৰায় ৩,০০০ কিলোগ্ৰাম হিৰোইন জব্দ কৰা হৈছিল। যাৰ বজাৰ মূল্য আছিল প্ৰায় ২০হাজাৰ কোটি টকা। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ আশংকা অনুসৰি, আদানি বন্দৰৰ জৰিয়তে পাকিস্তানে ভাৰতত প্ৰৱেশৰ প্ৰচেষ্টা চলাই আহিছে। অৱশ্যে, এতিয়ালৈকে আনুষ্ঠানিকভাৱে চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ বাৰ্তা প্ৰেৰণ কৰা হোৱা নাই। উল্লেখ্য যে, সম্প্ৰতি আটকাধীন অভিযুক্তৰ পৰা প্ৰতিৰক্ষা কৰ্মীসকলে তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম