--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সীমান্তত পুনৰ সমস্যা। এইবাৰ জলপথত লাগিছে কন্দল। কোটি কোটি টকাৰ মাদকদ্ৰব্য সৰবৰাহকাৰী এখন নাও ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোতেই জব্দ এখন পাকিস্তানী নাও। গুজৰাট উপকূলৰ পৰা ভাৰতীয় জলসীমাত ৬জন ক্ৰু সদস্যৰ সৈতে এখন পাকিস্তানী মাছ মৰা নাও 'আল হুছেইনী' জব্দ কৰা বুলি সদৰী কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ জনসম্পৰ্ক কাৰ্যালয়ে। তাৰ পৰা প্ৰায় ৪০০ কোটি টকাৰ প্ৰায় ৭৭ কিলোগ্ৰাম হিৰোইন উদ্ধাৰ কৰা হৈছে। জানিবলৈ পোৱা মতে, এক গোপন সূত্ৰৰ জৰিয়তে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী দলৰ সৈতে এক যুটীয়া অভিযান চলায়।

গুজৰাটৰ পিআৰ ডিফেন্সে এক টুইটযোগে কয়, ‘ভাৰতীয় উপকূলৰক্ষী বাহিনী, গুজৰাট সন্ত্ৰাসবাদ বিৰোধী দলৰ এক যুটীয়া অভিযানত প্ৰায় ৪০০ কোটি মূল্যৰ ৭৭ কিলোগ্ৰাম হিৰোইন কঢ়িয়াই অনা পাকিস্তানী মাছ ধৰা নাওঁ ভাৰতীয় জলসীমাত ৬জন কৰ্মচাৰীৰ সৈতে 'আল হুছেইনী'ক জব্দ কৰিছে। ইফালে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সদৰী কৰামতে, জাহাজখন গুজৰাট সীমান্তলৈ অনা হৈছে। কি উদ্দেশ্যে বৃহৎ পৰিমাণৰ মাদকদ্ৰব্য ভাৰতলৈ অনা হৈছিল তাকে লৈ এতিয়া অব্যাহত আছে অনুসন্ধান।

উল্লেখ্য যে, বিগত ছেপ্টেম্বৰ মাহত এখন জাহাজৰ পৰা দুই কণ্টেইনাৰ ভৰ্তি প্ৰায় ৩,০০০ কিলোগ্ৰাম হিৰোইন জব্দ কৰা হৈছিল। যাৰ বজাৰ মূল্য আছিল প্ৰায় ২০হাজাৰ কোটি টকা। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ আশংকা অনুসৰি, আদানি বন্দৰৰ জৰিয়তে পাকিস্তানে ভাৰতত প্ৰৱেশৰ প্ৰচেষ্টা চলাই আহিছে। অৱশ্যে, এতিয়ালৈকে আনুষ্ঠানিকভাৱে চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ বাৰ্তা প্ৰেৰণ কৰা হোৱা নাই। উল্লেখ্য যে, সম্প্ৰতি আটকাধীন অভিযুক্তৰ পৰা প্ৰতিৰক্ষা কৰ্মীসকলে তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা