--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঢাকাৰ উত্তৰ-দক্ষিণ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই তেওঁক বিশ্ববিদ্যালয়ৰ পৰা বাদ দি তেওঁৰ কণ্ঠ দমন কৰিব বিচাৰিছিল। তাৰ বিপৰীতটোহে ঘটিল। বাংলাদেশৰ ৰূপান্তৰকামী গোটৰ অন্যতম মুখ হো চি মিন ইছলামৰ কণ্ঠই সমগ্ৰ বাংলাদেশক সামৰি লৈছে।

যদিও একাংশই তেওঁক উপহাস কৰিছিল, বাংলাদেশৰ বহু লোকে এতিয়া হো চিৰ নাগৰিক অধিকাৰৰ বিষয়ে মুকলিকৈ কৈছে। কিন্তু কোন এই হো চি মিন ইছলাম? মহামাৰীৰ সময়ত বাংলাদেশৰ স্বাস্থ্য খণ্ডত এগৰাকী সাহসী নাৰ্ছ হিচাপে চৰ্চালৈ আহিছিল হো চি। ব্ৰেক বিশ্ববিদ্যালয়ৰ পৰা জনস্বাস্থ্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে।

বগুৰাৰ এগৰাকী দৰিদ্ৰ নাইট গাৰ্ডৰ ঘৰত জন্মগ্ৰহণ কৰা ২৯ বছৰীয়া হো চি মিন বাংলাদেশৰ যৌন সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰ ৰক্ষাৰ কৰ্মী হিচাপে পৰিচিত হোৱাৰ লগতে লিংগ সমতাৰ যুঁজত বিশিষ্ট মুখ হিচাপে পৰিচিত। অৱশ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হো চিক বিশ্ববিদ্যালয়ৰ পৰা বাদ দিয়া হৈছিল। 

মাত্ৰ এসপ্তাহ পূৰ্বে যোৱা শুকুৰবাৰে এই ঘটনাৰ পিছত হো চিৰ শুভাকাংক্ষীসকলো তেওঁৰ সুৰক্ষাৰ বাবে চিন্তিত হৈ পৰিছিল। কিন্তু ইয়াৰ দুদিনৰ ভিতৰতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ঢাকাৰ গণোভাবনত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি কয় যে তৃতীয় লিংগৰ পুৰুষ-মহিলাৰ সম অধিকাৰ সুনিশ্চিত কৰিব লাগে।

তৃতীয় লিংগৰ সম অধিকাৰ ইছলামৰ বিৰুদ্ধে নহয় বুলি ব্যাখ্যা কৰি তেওঁ কয় যে যদি আল্লাহ মানুহৰ সৃষ্টিকৰ্তা হয় তেন্তে তৃতীয় লিংগকো তেওঁৰ দ্বাৰা সৃষ্টি কৰা বুলি বিশ্বাস কৰিব লাগিব। ইছলামে তৃতীয় লিংগৰ লোকক পেংলাই দিবলৈ কোৱা নাই। বাংলাদেশৰ সংবিধানতো সকলোৰে সম অধিকাৰ আছে।

তৃতীয় লিংগৰ লোকসকলক তেওঁ নিজৰ মতে পেছা নিৰ্বাচন কৰিবলৈও উৎসাহিত কৰে। ইছলামৰ সমতাৰ বিষয়ে ব্যাখ্যা কৰি হাচিনাই কয় যে যদি কোনোবাই ছোৱালীৰ দৰে জীয়াই থাকিব বিচাৰে তেন্তে ইছলামত ছোৱালীৰ বাবে উল্লেখ থকা সম্পত্তিখিনি তেওঁ পাব। কোনোবাই যদি ল’ৰাৰ দৰে হ’ব বিচাৰে তেন্তে ল’ৰাই যি পায় তাকেই পাব৷

প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিছত এতিয়া বহু সমাজকৰ্মীয়ে হো চিৰ বাবে মুখ মেলিবলৈ সাহস লাভ কৰিছে। অৱশ্যে বাংলাদেশত ৰূপান্তৰকামী সুৰক্ষা আইন কেতিয়া কাৰ্যকৰী হ’ব সেই সন্দৰ্ভত বহুতে প্ৰশ্ন উত্থাপন কৰিছে। বাংলাদেশত ৩৭৭ ধাৰা অপৰাধ হিচাপে চিনাক্ত কৰা হৈ আহিছে। কেইবছৰমান আগতে বাংলাদেশৰ সমকামীৰ আলোচনী ‘ৰূপবান’ৰ সম্পাদক জুলহাজক মৌলবাদীয়ে হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ