--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজা ষ্ট্ৰিপত এতিয়াও অব্যাহত আছে মৃত্যুৰ বিভীষিকা।  অস্থায়ী যুদ্ধবিৰতিৰ পিছত ইজৰাইল আৰু হামাছে পুনৰ যুঁজত লিপ্ত হৈছে। গাজাত যুদ্ধ চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হেৰজ'গক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী  মোদীয়ে শুকুৰবাৰে সংযুক্ত আৰৱ আমিৰাত অনুষ্ঠিত চিঅ'পি ২৮ বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে  ডুবাইত  ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ সৈতে এক বৈঠকত মিলিত হয়। আলোচনাকালত মোদীয়ে  ইজৰাইল-পেলেষ্টাইনী  সংঘাতৰ এক স্থায়ী আৰু দীৰ্ঘম্যাদী সমাধানৰ বাবে আহ্বান জনায় । দুয়োগৰাকী নেতাই  গাজা ষ্ট্ৰিপত ইজৰাইলী সেনাৰ অভিযান আৰু হামাছৰ সংহাৰৰ বিষয়ে আলোচনা কৰে। 


বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে প্ৰকাশ কৰা মতে   প্ৰধানমন্ত্ৰী মোদীয়ে ৭ অক্টোবৰৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। একে সময়তে তেওঁ হামাছৰ দ্বাৰা বন্দী কৰি ৰখা বন্দীসকলৰ মুক্তিকো  আদৰণি জনায়। উল্লেখ্য ৭ অক্টোবৰত হামাছে ইজৰাইলক লক্ষ্য কৰি প্ৰায় পাঁচ হাজাৰ ৰকেট নিক্ষেপ কৰিছিল। ইয়াৰ পিছতে ইজৰাইলৰ সেনাই গাজা ষ্ট্ৰিপত হামাছক উৎখাত কৰাৰ বাবে অভিযান আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কৈছে যে মধ্যপ্ৰাচ্যৰ এই ভয়ংকৰ যুদ্ধত ভাৰত ইহুদী দেশখনৰ  সৈতে আছে। 

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৰ পৰা ফোন পোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে পুনৰ এই কথা দোহাৰে। কেইদিনমান আগতে মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ সৈতেও টেলিফোনত  বাৰ্তালাপ কৰিছিল। দুয়োখন দেশৰ  ৰাষ্ট্ৰপ্ৰধান দুগৰাকীয়ে ইজৰাইল আৰু হামাছৰ মাজত হোৱা ৰক্তক্ষয়ী যুদ্ধৰ বিষয়ে আলোচনা কৰিছিল। ৰাইচিৰ সৈতে হোৱা বৈঠকত মোদীয়ে সন্ত্ৰাসবাদ, হিংসা আৰু যুদ্ধত নিৰীহ লোকৰ মৃত্যুৰ বিষয়ত  গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে, প্ৰধানমন্ত্ৰীয়ে ইজৰাইল-পেলেষ্টাইন সন্দৰ্ভত ভাৰতৰ দীৰ্ঘম্যাদী স্থিতিৰ কথাও দোহাৰিছিল। 

উল্লেখ্য স্বাধীন পেলেষ্টাইনৰ সপক্ষে ভাৰতৰ স্থিতি দীৰ্ঘদিন ধৰি একে আছে। অৱশ্যে, হামাছ  বনাম ইজৰাইল যুদ্ধৰ মাজতে ইহুদী দেশখনৰ প্ৰতি ভাৰতৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপিত হৈছিল।  সংঘৰ্ষৰ মাজতে ভাৰে এখন স্বাধীন পেলেষ্টাইনী  ৰাষ্ট্ৰ গঠনৰ  কিয় পক্ষপাতী সেই কথা  আন্তঃৰাষ্ট্ৰীয় মঞ্চত একাধিকবাৰ ব্যাখ্যা কৰিছে। যোৱা মাহত ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধিগৰাকীয়ে  কৈছিল "আমি বিচাৰো যে পেলেষ্টাইন এখন স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হওক। '


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ