--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সপ্তাহত ৮০ ঘণ্টা কাম কৰিব লাগিব টুইটাৰৰ কৰ্মীসকলে। স্পষ্টভাৱে এইদৰে জনালে সামাজিক মাধ্যমটোৰ নতুন স্বত্বাধিকাৰ এলন মাস্কে।

 

দুসপ্তাহপূৰ্বে টুইটাৰ ক্ৰয় কৰাৰ পাছতে তেওঁ আধাখিনি কৰ্মীক বৰ্খাস্ত কৰিছে। তাৰপাছতে শেহতীয়াকৈ কৰ্মচাৰীসকলৰ স’তে মুখামুখি অনুষ্ঠানত মাস্কে টুইটাৰৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰি এইদৰে কয়।

 

মাস্কে কয় যে কোনো দিন টুইটাৰ দেউলিয়া হৈ যাব পাৰে। সেয়া ৰোধ কৰিবলৈ কি কৰি কৰণীয়- সেই বিষয়ে কৰ্মীসকলক জনাই দিলে তেওঁ।

 

মাস্কৰ স্পষ্ট কথা যে সপ্তাহত ৮০ ঘণ্টা অফিচলৈ আহি কঠোৰ পৰিশ্ৰম কৰিব লাগিব টুইটাৰৰ কৰ্মীসকলে।

অফিচত বিনামূলীয়া খাদ্যও নাপাব কৰ্মীসকলে। তাৰ পৰিৱৰ্তে নিজৰ খোৱা খাদ্যৰ খৰচ নিজেই ভৰিব লাগিব। তদুপৰি, ৱৰ্ক ফৰ্ম হমৰ ব্যৱস্থাও বন্ধ কৰা হ’ব।  মাস্কৰ এইসমূহ কঠোৰ সিদ্ধান্তত চিন্তিত হৈ পৰিছে টুইটাৰৰ কৰ্মীসকল।

 

মাস্কে কয় যে সংস্থাটোৰ বৰ্তমান আৰ্থিক অৱস্থা ভাল নহয়। ইতিমধ্যে কেইবা কোটি ডলাৰৰ ঋণৰ বোজাত পোত খাইছে টুইটাৰ। এই পৰিস্থিতিত অধিক উপাৰ্জন কৰাটো প্ৰয়োজন বুলি অনুভৱ কৰিছে মাস্কে।

 

উপযুক্ত পদক্ষেপ নল’লে টুইটাৰ দেউলীয়া হ’বলৈ বেছি সময় নালাগিব বুলিও আশংকা প্ৰকাশ কৰিছে তেওঁ। যিসকল কৰ্মীয়ে দৈনিক ১৬ ঘণ্টা কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰে, তেওঁলোকক পদত্যাগ কৰিবলৈও মাস্কে অনুৰোধ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক