--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সপ্তাহত ৮০ ঘণ্টা কাম কৰিব লাগিব টুইটাৰৰ কৰ্মীসকলে। স্পষ্টভাৱে এইদৰে জনালে সামাজিক মাধ্যমটোৰ নতুন স্বত্বাধিকাৰ এলন মাস্কে।

 

দুসপ্তাহপূৰ্বে টুইটাৰ ক্ৰয় কৰাৰ পাছতে তেওঁ আধাখিনি কৰ্মীক বৰ্খাস্ত কৰিছে। তাৰপাছতে শেহতীয়াকৈ কৰ্মচাৰীসকলৰ সতে মুখামুখি অনুষ্ঠানত মাস্কে টুইটাৰৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰি এইদৰে কয়।

 

মাস্কে কয় যে কোনো দিন টুইটাৰ দেউলিয়া হৈ যাব পাৰে। সেয়া ৰোধ কৰিবলৈ কি কৰি কৰণীয়- সেই বিষয়ে কৰ্মীসকলক জনাই দিলে তেওঁ।

 

মাস্কৰ স্পষ্ট কথা যে সপ্তাহত ৮০ ঘণ্টা অফিচলৈ আহি কঠোৰ পৰিশ্ৰম কৰিব লাগিব টুইটাৰৰ কৰ্মীসকলে।

অফিচত বিনামূলীয়া খাদ্যও নাপাব কৰ্মীসকলে। তাৰ পৰিৱৰ্তে নিজৰ খোৱা খাদ্যৰ খৰচ নিজেই ভৰিব লাগিব। তদুপৰি, ৱৰ্ক ফৰ্ম হমৰ ব্যৱস্থাও বন্ধ কৰা হব।  মাস্কৰ এইসমূহ কঠোৰ সিদ্ধান্তত চিন্তিত হৈ পৰিছে টুইটাৰৰ কৰ্মীসকল।

 

মাস্কে কয় যে সংস্থাটোৰ বৰ্তমান আৰ্থিক অৱস্থা ভাল নহয়। ইতিমধ্যে কেইবা কোটি ডলাৰৰ ঋণৰ বোজাত পোত খাইছে টুইটাৰ। এই পৰিস্থিতিত অধিক উপাৰ্জন কৰাটো প্ৰয়োজন বুলি অনুভৱ কৰিছে মাস্কে।

 

উপযুক্ত পদক্ষেপ নললে টুইটাৰ দেউলীয়া হবলৈ বেছি সময় নালাগিব বুলিও আশংকা প্ৰকাশ কৰিছে তেওঁ। যিসকল কৰ্মীয়ে দৈনিক ১৬ ঘণ্টা কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰে, তেওঁলোকক পদত্যাগ কৰিবলৈও মাস্কে অনুৰোধ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ
এইকেইটা বস্তু পেটৰ বাবে বৰদান! জানি লওক
টিংখাঙত দুই ভাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকৰ
AFC মহিলা এছিয়ান কাপ ফুটবলত ভাৰতৰ প্ৰথম প্ৰতিদ্বন্দ্বী হ'ব ভিয়েটনাম