--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টুইটাৰৰ পাছত ফেচবুকে বৰ্খাস্ত কৰিব কৰ্মচাৰীক৷ মাৰ্ক জুকাৰবাৰ্গৰ প্ৰতিষ্ঠানটোৱে বৃহৎসংখ্যক কৰ্মচাৰীক কৰ্তন কৰিব পাৰে বুলি ৱাল ষ্ট্ৰীট জাৰ্ণেলৰ প্ৰতিবেদনত প্ৰকাশ পাইছে৷ 

সম্ভৱতঃ চলিত সপ্তাহৰ ভিতৰতে প্ৰতিষ্ঠানটোৱে বৃহৎ সংখ্যক কৰ্মচাৰীক কামৰ পৰা অব্যাহত দিব বুলি জানিব পৰা গৈছে৷ এইক্ষেত্ৰত জুকাৰবাৰ্গে টুইটাৰৰ গৰাকী ইলন মাস্কৰ পদাংককে অনুসৰণ কৰিব৷

দা ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি এই সপ্তাহৰ বুধবাৰে মেটাৰ পৰা বৰ্খাস্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব জুকাৰবাৰ্গে৷ অৱশ্যে, মেটা কৰ্তৃপক্ষই প্ৰতিবেদনটো সন্দৰ্ভত কোনো মন্তব্য দিব বিচৰা নাই।

মেতাই এই বছৰ অক্টোবৰত লোকচানৰ প্ৰতিবেদন দিছিল। এইটো কোৱা হৈছিল যে প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ বজাৰৰ মূল্য বহুত হ্ৰাস পাইছে। জুকাৰবাৰ্গৰ প্ৰতিষ্ঠানে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। আনকি ফেচবুক, ৱাটছএপ, ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত নতুন কৰ্মচাৰীৰ নিযুক্তিও স্থগিত ৰাখিব লগা হৈছিল। বহুক্ষেত্ৰত জুকাৰবাৰ্গেও ব্যয়ৰ ওপৰত লেকাম পেলাইছে। 
মাস্কে শেহতীয়াকৈ টুইটাৰ অধিগ্ৰহণৰ পাছত সামূহিক অব্যাহতিৰ দিশে খোজ কাঢ়িছে। তেওঁ কৈছিল যে কোম্পানীৰ ব্যয় সুলভ কৰি ৰাখিবলৈ তেওঁ এই পদক্ষেপ ল’ব লাগিব। মাস্কে এইটোও কৈছিল যে তেওঁৰ ওচৰত আন কোনো বিকল্প নাছিল। 
খবৰ অনুসৰি টুইটাৰে শুকুৰবাৰে ৰাতিটোৰ ভিতৰতে প্ৰায় ৩,৭০০ কৰ্মচাৰীক ই-মেইলযোগে বৰ্খাস্ত কৰে। এই সকলো কৰ্মচাৰীয়ে আগতীয়া দৰমহা লাভ কৰিছে। জুকাৰবাৰ্গেও এইবাৰ এই পথ অনুসৰণ কৰিবলৈ গৈ আছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে