--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টুইটাৰৰ পাছত ফেচবুকে বৰ্খাস্ত কৰিব কৰ্মচাৰীক৷ মাৰ্ক জুকাৰবাৰ্গৰ প্ৰতিষ্ঠানটোৱে বৃহৎসংখ্যক কৰ্মচাৰীক কৰ্তন কৰিব পাৰে বুলি ৱাল ষ্ট্ৰীট জাৰ্ণেলৰ প্ৰতিবেদনত প্ৰকাশ পাইছে৷ 

সম্ভৱতঃ চলিত সপ্তাহৰ ভিতৰতে প্ৰতিষ্ঠানটোৱে বৃহৎ সংখ্যক কৰ্মচাৰীক কামৰ পৰা অব্যাহত দিব বুলি জানিব পৰা গৈছে৷ এইক্ষেত্ৰত জুকাৰবাৰ্গে টুইটাৰৰ গৰাকী ইলন মাস্কৰ পদাংককে অনুসৰণ কৰিব৷

দা ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি এই সপ্তাহৰ বুধবাৰে মেটাৰ পৰা বৰ্খাস্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব জুকাৰবাৰ্গে৷ অৱশ্যে, মেটা কৰ্তৃপক্ষই প্ৰতিবেদনটো সন্দৰ্ভত কোনো মন্তব্য দিব বিচৰা নাই।

মেতাই এই বছৰ অক্টোবৰত লোকচানৰ প্ৰতিবেদন দিছিল। এইটো কোৱা হৈছিল যে প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ বজাৰৰ মূল্য বহুত হ্ৰাস পাইছে। জুকাৰবাৰ্গৰ প্ৰতিষ্ঠানে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। আনকি ফেচবুক, ৱাটছএপ, ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত নতুন কৰ্মচাৰীৰ নিযুক্তিও স্থগিত ৰাখিব লগা হৈছিল। বহুক্ষেত্ৰত জুকাৰবাৰ্গেও ব্যয়ৰ ওপৰত লেকাম পেলাইছে। 
মাস্কে শেহতীয়াকৈ টুইটাৰ অধিগ্ৰহণৰ পাছত সামূহিক অব্যাহতিৰ দিশে খোজ কাঢ়িছে। তেওঁ কৈছিল যে কোম্পানীৰ ব্যয় সুলভ কৰি ৰাখিবলৈ তেওঁ এই পদক্ষেপ ল’ব লাগিব। মাস্কে এইটোও কৈছিল যে তেওঁৰ ওচৰত আন কোনো বিকল্প নাছিল। 
খবৰ অনুসৰি টুইটাৰে শুকুৰবাৰে ৰাতিটোৰ ভিতৰতে প্ৰায় ৩,৭০০ কৰ্মচাৰীক ই-মেইলযোগে বৰ্খাস্ত কৰে। এই সকলো কৰ্মচাৰীয়ে আগতীয়া দৰমহা লাভ কৰিছে। জুকাৰবাৰ্গেও এইবাৰ এই পথ অনুসৰণ কৰিবলৈ গৈ আছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক