--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়া আক্ৰমণ চলাব কিম জং উনে! এই দুখন বৈৰী দেশৰ বাবেই উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসকগৰাকীয়ে ধাৰাবাহিকভাৱে আণৱিক ক্ষেপনাস্ত্ৰ পৰীক্ষা কৰি আহিছে।

উত্তৰ কোৰিয়াই এইদৰে অস্ত্ৰ পৰীক্ষা কৰি থকাক লৈ বিশ্বৰ ৰাজনীতি উত্তপ্ত হৈ থকাৰ মাজতে এই মন্তব্য কৰিছে কিম জং উন আৰু তেওঁৰ সেনাবাহিনীয়ে।

সোমবাৰে উত্তৰ কোৰিয়াৰ সেনাই জনাইছে যে তেওঁলোকৰ শত্ৰুৰ বিমানবন্দৰ আৰু যুদ্ধবিমানসমূহ অচল কৰি পেলোৱাৰ উদ্দেশ্যেৰই এইদৰে আণৱিক ক্ষেপনাস্ত্ৰ পৰীক্ষা কৰি থকা হৈছে।

উল্লেখ্য যে যোৱা কেইবাসপ্তাহধৰি ধাৰাবাবিকভাৱে এইসমূহ পৰীক্ষা কৰি আহিছে উত্তৰ কোৰিয়াৰই। অক্টোবৰ মাহতো জাপানৰ ভূখণ্ডৰ ওপৰেৰে এটা আণৱিক অস্ত্ৰ ক্ষেপন কৰা হৈছিল। তাৰ প্ৰত্যুত্তৰত আমেৰিকা আৰু দক্ষিণ কোৰিয়াইও উত্তৰ কোৰিয়ালৈ ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিছিল।

এইসমূহ ঘটনাই কোৰিয়া উপদ্বীপ অঞ্চলত ব্যাপক উত্তেজনাৰ সৃষ্টি হৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়াকে ধৰি কেইবাখনো দেশে ইতিমধ্যে উত্তৰ কোৰিয়াক বয়কট কৰিবলৈ বিশ্ববাসীৰ আগত দাবী তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক