--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়া আক্ৰমণ চলাব কিম জং উনে! এই দুখন বৈৰী দেশৰ বাবেই উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসকগৰাকীয়ে ধাৰাবাহিকভাৱে আণৱিক ক্ষেপনাস্ত্ৰ পৰীক্ষা কৰি আহিছে।

উত্তৰ কোৰিয়াই এইদৰে অস্ত্ৰ পৰীক্ষা কৰি থকাক লৈ বিশ্বৰ ৰাজনীতি উত্তপ্ত হৈ থকাৰ মাজতে এই মন্তব্য কৰিছে কিম জং উন আৰু তেওঁৰ সেনাবাহিনীয়ে।

সোমবাৰে উত্তৰ কোৰিয়াৰ সেনাই জনাইছে যে তেওঁলোকৰ শত্ৰুৰ বিমানবন্দৰ আৰু যুদ্ধবিমানসমূহ অচল কৰি পেলোৱাৰ উদ্দেশ্যেৰই এইদৰে আণৱিক ক্ষেপনাস্ত্ৰ পৰীক্ষা কৰি থকা হৈছে।

উল্লেখ্য যে যোৱা কেইবাসপ্তাহধৰি ধাৰাবাবিকভাৱে এইসমূহ পৰীক্ষা কৰি আহিছে উত্তৰ কোৰিয়াৰই। অক্টোবৰ মাহতো জাপানৰ ভূখণ্ডৰ ওপৰেৰে এটা আণৱিক অস্ত্ৰ ক্ষেপন কৰা হৈছিল। তাৰ প্ৰত্যুত্তৰত আমেৰিকা আৰু দক্ষিণ কোৰিয়াইও উত্তৰ কোৰিয়ালৈ ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিছিল।

এইসমূহ ঘটনাই কোৰিয়া উপদ্বীপ অঞ্চলত ব্যাপক উত্তেজনাৰ সৃষ্টি হৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়াকে ধৰি কেইবাখনো দেশে ইতিমধ্যে উত্তৰ কোৰিয়াক বয়কট কৰিবলৈ বিশ্ববাসীৰ আগত দাবী তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজনিশা ভোকাতুৰ শিশুৰ চিৎকাৰে কঁপাইছে গাজা
ট্ৰাম্পে ভাৰতক ‘মৃত অৰ্থনীতি’ বুলি অভিহিত কৰাৰ পাছত প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
বিপদত অনিল আম্বানী!
১৭ ছেপ্টেম্বৰত মোদীৰ জন্মদিনৰ দিনা শুভাৰম্ভ হ'ব অৰুণোদয় ৩.০ৰ