--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত ভাৰত চৰকাৰ৷টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চেৰ মতে ভাৰতে ২০২০-২১ চনৰ কৃষকৰ প্ৰতিবাদৰ সৈতে জড়িত একাউণ্টত বাধা আৰোপ কৰাৰ বাবে চৰকাৰে দিয়া নিৰ্দেশ মানি নল’লে মাইক্ৰ’ ব্লগিং চাইটটো বন্ধ কৰি দিয়াৰ হুংকাৰ দিছিল বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে৷

ইপিনে চৰকাৰে ডৰ্চেৰ অভিযোগ অস্বীকাৰ কৰিছে৷“প্ৰতিষ্ঠান বিৰোধী” ইউটিউব শ্ব’ ব্ৰেকিং পইণ্টছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৰা হৈছিল৷দুজন ভাৰতীয় মন্ত্ৰীয়ে এই অভিযোগক ভুল বুলি অভিহিত কৰিছে।ডৰ্চেই এই অভিযোগ উত্থাপন কৰাৰ সময়তে তেওঁ বিদেশী চৰকাৰৰ পৰা টুইটাৰে সন্মুখীন হোৱা কিছুমান হেঁচা বিতংভাৱে উল্লেখ কৰে। তেওঁ উল্লেখ কৰা প্ৰথম উদাহৰণসমূহৰ ভিতৰত তুৰস্ক আৰু নাইজেৰিয়াৰ উপৰিও ভাৰত আছিল।

ডৰ্চেৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইলেক্ট্ৰনিকছ আৰু আই টিৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কয় যে "তেওঁৰ এই মন্তব্য সম্পূৰ্ণ মিছা। সত্যটো হ’ল ২০২০ চনৰ পৰা ২০২২ চনৰ ভিতৰত দীৰ্ঘদিন ধৰি টুইটাৰে ভাৰতীয় আইন মানি চলা নাছিল।”

তেওঁ লগতে কয়, ‘২০২০ চনৰ পৰা ২০২২ চনলৈকে সমগ্ৰ সময়ছোৱাত যেতিয়া তেওঁলোকে ভাৰতীয় আইন মানি চলা নাছিল, তেতিয়া তেওঁলোকৰ ওপৰত কোনো অভিযান চলোৱা হোৱা নাছিল, তেওঁলোকক জেললৈও প্ৰেৰণ কৰা হোৱা নাছিল। গতিকে এইটো এটা কল্পকাহিনী যিটো তেওঁ উলিয়াই দিছে৷চন্দ্ৰশেখৰে টুইটাৰ ফাইলসমূহ লৈ আহিছিল য’ত টুইটাৰ ইনকৰ্পৰেশ্যনৰ নিৰ্বাচিত আভ্যন্তৰীণ নথিসমূহ যিবোৰ বৰ্তমানৰ চিইঅ’ ইলন মাস্কে আমেৰিকাৰ সংবাদ মাধ্যমক প্ৰকাশ কৰিছে,যিবোৰে দেখুৱাইছে যে কোম্পানীটোৱে ব্লেকলিষ্টিঙৰ বাবে কৰা অনুৰোধ কেনেকৈ চম্ভালিছিল।'



তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ডৰ্চেৰ এই অভিযোগক নিৰ্বাচনৰ পূৰ্বে ভাৰতক বদনাম কৰাৰ ষড়যন্ত্ৰৰ সৈতে জড়িত কৰিব বিচাৰিছিল।ডৰ্চেই অৱশ্যে সাক্ষাৎকাৰটোত টুইটাৰ ফাইলৰ কথা কৈছিল। তেওঁ কয় যে নথি-পত্ৰসমূহ সম্পূৰ্ণৰূপে মুকলি কৰিব লাগিছিল যাতে পাঠকে প্ৰসংগটো জানিব পাৰে, যিটো এতিয়া নোহোৱা হৈছে।

২০২১ চনৰ মে’ মাহত মাইক্ৰ’ ব্লগিং চাইট টুইটাৰে বিজেপিৰ কৰ্মীসকলৰ কিছুমান টুইটক লৈ “হেতালি খেলা সংবাদ মাধ্যম” বুলি ঘোষণা কৰাৰ পাছত আৰক্ষীয়ে দিল্লী আৰু গুৰগাঁৱৰ টুইটাৰৰ কাৰ্যালয় ভ্ৰমণ কৰিছিল যদিও ইয়াক আনুষ্ঠানিকভাৱে “অভিযোগ” বুলি কোৱা হোৱা নাছিল।

এমাহৰ পাছত দিল্লী আৰক্ষীয়ে বাংগালুৰুলৈ গৈ টুইটাৰৰ ভাৰতৰ মুৰব্বী মণীষ মহেশ্বৰীক সোধা-পোছা কৰে।ডৰ্চেৰ এই অভিযোগ বিশেষভাৱে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰৰ সৈতে টুইটাৰৰ মুখামুখিৰ সৈতে জড়িত যেন লাগে।সেই বছৰ গণৰাজ্য দিৱসত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছত টুইটাৰে ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে ঘোষণা কৰিছিল যে ৫০০ একাউণ্ট স্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে আৰু কিছুমানৰ প্ৰৱেশ বন্ধ কৰা হৈছে তদুপৰি ইলেক্ট্ৰনিক্স আৰু আই টি মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি আন কেইবাটাও হেণ্ডেলৰ বিষয়বস্তু ব্লক কৰা হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য