--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনলৈ প্ৰেৰণ কৰা এক বাৰ্তাযোগে মস্কোক নিজৰ দেশৰ সম্পূৰ্ণ সমৰ্থনৰ বাৰ্তা আগবঢ়াইছে। সোমবাৰে কিমে ৰাছিয়াৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে অভিনন্দন জনাই বাৰ্তা প্ৰেৰণ কৰে।

উত্তৰ কোৰিয়াৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা কেইখনমান দেশৰ ভিতৰত ৰাছিয়া অন্যতম। উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কোৰিয়ান চেন্ট্ৰেল নিউজ এজেন্সি (কেচিএনএ)য়ে প্ৰকাশ কৰিছে কিমৰ বাৰ্তা। কিন্তু বাৰ্তাটোত ইউক্ৰেইনৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বা সশস্ত্ৰ সংঘাতত মস্কো জড়িত হোৱাৰ কথা উল্লেখ কৰা হোৱা নাই। বৰঞ্চ শত্ৰুৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা ভাবুকি ব্যৰ্থ কৰিবলৈ পুটিনৰ সিদ্ধান্তৰ প্ৰশংসা কৰা হৈছে।

তদুপৰি, সাম্ৰাজ্যবাদীৰ অত্যাচাৰ আৰু স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে নিজৰ দেশৰ সাৰ্বভৌম অধিকাৰ, উন্নয়ন আৰু স্বাৰ্থ ৰক্ষাৰ বাবে চলি থকা সৰ্বাত্মক সংগ্ৰামত উত্তৰ কোৰিয়াৰ জনসাধাৰণে ৰাছিয়াৰ জনসাধাৰণৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আৰু একতা প্ৰকাশ কৰাটোও বাৰ্তাটোত উল্লেখ কৰা হৈছে।

ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত মস্কোৰ সমৰ্থনত পিয়ংইয়াঙৰ পৰা এইটোৱেই হৈছে শেহতীয়া বাৰ্তা। উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ সংঘাতক ৰাছিয়া ধ্বংস কৰিবলৈ আমেৰিকাৰ “ছাঁয়া যুদ্ধ” বুলি অভিহিত কৰি কিয়েভলৈ পশ্চিমীয়া সামৰিক সাহায্যক গৰিহনা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস