--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনলৈ প্ৰেৰণ কৰা এক বাৰ্তাযোগে মস্কোক নিজৰ দেশৰ সম্পূৰ্ণ সমৰ্থনৰ বাৰ্তা আগবঢ়াইছে। সোমবাৰে কিমে ৰাছিয়াৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে অভিনন্দন জনাই বাৰ্তা প্ৰেৰণ কৰে।

উত্তৰ কোৰিয়াৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা কেইখনমান দেশৰ ভিতৰত ৰাছিয়া অন্যতম। উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কোৰিয়ান চেন্ট্ৰেল নিউজ এজেন্সি (কেচিএনএ)য়ে প্ৰকাশ কৰিছে কিমৰ বাৰ্তা। কিন্তু বাৰ্তাটোত ইউক্ৰেইনৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বা সশস্ত্ৰ সংঘাতত মস্কো জড়িত হোৱাৰ কথা উল্লেখ কৰা হোৱা নাই। বৰঞ্চ শত্ৰুৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা ভাবুকি ব্যৰ্থ কৰিবলৈ পুটিনৰ সিদ্ধান্তৰ প্ৰশংসা কৰা হৈছে।

তদুপৰি, সাম্ৰাজ্যবাদীৰ অত্যাচাৰ আৰু স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে নিজৰ দেশৰ সাৰ্বভৌম অধিকাৰ, উন্নয়ন আৰু স্বাৰ্থ ৰক্ষাৰ বাবে চলি থকা সৰ্বাত্মক সংগ্ৰামত উত্তৰ কোৰিয়াৰ জনসাধাৰণে ৰাছিয়াৰ জনসাধাৰণৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আৰু একতা প্ৰকাশ কৰাটোও বাৰ্তাটোত উল্লেখ কৰা হৈছে।

ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত মস্কোৰ সমৰ্থনত পিয়ংইয়াঙৰ পৰা এইটোৱেই হৈছে শেহতীয়া বাৰ্তা। উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ সংঘাতক ৰাছিয়া ধ্বংস কৰিবলৈ আমেৰিকাৰ “ছাঁয়া যুদ্ধ” বুলি অভিহিত কৰি কিয়েভলৈ পশ্চিমীয়া সামৰিক সাহায্যক গৰিহনা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন