--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে শেহতীয়াকৈ  ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰৰ জৰিয়তে মহিলা আৰু শিশুৰ শিশু পৰ্ণগ্ৰাফী আৰু ধৰ্ষণৰ ভিডিঅ' প্ৰদৰ্শন কৰাৰ বাবে  টুইটাৰ ইণ্ডিয়া পলিচী হেড আৰু দিল্লী আৰক্ষীক সাক্ষাৎ কৰে৷ 

টুইটাৰত শিশুৰ সৈতে জড়িত যৌন কাৰ্য্যৰ ভিডিঅ' আৰু আলোকচিত্ৰ মুকলিকৈ দেখুওৱা কেইবাটাও টুইটৰ ওপৰত সমালোচনা কৰি  আয়োগে কয় যে,  বেছিভাগ টুইটতে শিশুসকলক সম্পূৰ্ণ উলংগ অৱস্থাত দেখুওৱা হৈছে আৰু বহুত ভিডিঅ’ত  শিশু আৰু মহিলাৰ সৈতে  ধৰ্ষণ আৰু অন্যান্য অসন্মতিপূৰ্ণ যৌন কাৰ্যকলাপ সংঘটিত হোৱাও দেখুওৱা হৈছে৷ 

আয়োগে বিষয়টোৰ সন্দৰ্ভত  দিল্লী আৰক্ষীক এখন এজাহাৰ দিয়ে আৰু  অশ্লীল তথা ধৰ্ষণৰ ভিডিঅ'ত  দৃশ্যমান হোৱা শিশু আৰু মহিলাসকলক চিনাক্ত কৰিবলৈ পৰামৰ্শ দিছে।

আশ্চৰ্যজনকভাৱে, ইয়াৰে কিছুমান ভিডিঅ'ত  শিশু আৰু মহিলাসকলক শুই থকা অৱস্থাত ধৰ্ষণৰ কৰাৰ  দৃশ্যও দেখুওৱা হৈছিল! এই অপৰাধমূলক কাৰ্য্যবোৰত জড়িত কিছুমান টুইটাৰ একাউণ্টে এটা ৰেকেট চলাই থকা দেখা গৈছে য'ত তেওঁলোকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ আন ব্যৱহাৰকাৰীৰ পৰা শিশুৰ অশ্লীল আৰু ধৰ্ষণৰ ভিডিঅ' প্ৰদান কৰাৰ বাবে ধন বিচাৰে৷ ডিচিডব্লিউয়ে এক প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰে৷ আয়োগে দিল্লী আৰক্ষীৰ ওচৰত এনে  টুইটাৰ একাউণ্টসমূহৰ এখন  ভাগ বতৰা কৰিছে।

টুইটাৰত মুক্তভাৱে উপলব্ধ ধৰ্ষণ আৰু শিশু পৰ্ণোগ্ৰাফিক ভিডিঅ'বোৰে সকলোকে হতবাক কৰিছে৷ এনে আপত্তিজনক প’ষ্ট এতিয়াও টুইটাৰৰ পৰা আঁতৰ নোহোৱাটো সন্দেহজনক৷ আৰক্ষীয়ে এনে আপত্তিজনক ভিডিঅ' তৎক্ষণাৎ বিলোপ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু অপৰাধীসকলে কঠোৰ শাস্তি পোৱা উচিত বুলি  ডি চি ডব্লিউৰ মুৰব্বী স্বাতী মালিৱালে দাবী কৰে। 

আয়োগে আৰক্ষীক  টুইটবোৰ কিয় বিলোপ কৰা হোৱা নাই তাৰ কাৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷  আয়োগে বৰ্তমান টুইটাৰত উপলব্ধ এনে টুইটৰ সংখ্যা সম্পৰ্কেও তথ্য বিচাৰিছে। লগতে, যোৱা চাৰি বছৰত টুইটাৰৰ দ্বাৰা চিনাক্ত, বিলোপ আৰু প্ৰতিবেদন কৰা শিশু পৰ্ণগ্ৰাফী আৰু ধৰ্ষণৰ ছবি দেখুওৱা টুইটৰ সংখ্যাও জানিবলৈ বিচাৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ