--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে শেহতীয়াকৈ  ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰৰ জৰিয়তে মহিলা আৰু শিশুৰ শিশু পৰ্ণগ্ৰাফী আৰু ধৰ্ষণৰ ভিডিঅ' প্ৰদৰ্শন কৰাৰ বাবে  টুইটাৰ ইণ্ডিয়া পলিচী হেড আৰু দিল্লী আৰক্ষীক সাক্ষাৎ কৰে৷ 

টুইটাৰত শিশুৰ সৈতে জড়িত যৌন কাৰ্য্যৰ ভিডিঅ' আৰু আলোকচিত্ৰ মুকলিকৈ দেখুওৱা কেইবাটাও টুইটৰ ওপৰত সমালোচনা কৰি  আয়োগে কয় যে,  বেছিভাগ টুইটতে শিশুসকলক সম্পূৰ্ণ উলংগ অৱস্থাত দেখুওৱা হৈছে আৰু বহুত ভিডিঅ’ত  শিশু আৰু মহিলাৰ সৈতে  ধৰ্ষণ আৰু অন্যান্য অসন্মতিপূৰ্ণ যৌন কাৰ্যকলাপ সংঘটিত হোৱাও দেখুওৱা হৈছে৷ 

আয়োগে বিষয়টোৰ সন্দৰ্ভত  দিল্লী আৰক্ষীক এখন এজাহাৰ দিয়ে আৰু  অশ্লীল তথা ধৰ্ষণৰ ভিডিঅ'ত  দৃশ্যমান হোৱা শিশু আৰু মহিলাসকলক চিনাক্ত কৰিবলৈ পৰামৰ্শ দিছে।

আশ্চৰ্যজনকভাৱে, ইয়াৰে কিছুমান ভিডিঅ'ত  শিশু আৰু মহিলাসকলক শুই থকা অৱস্থাত ধৰ্ষণৰ কৰাৰ  দৃশ্যও দেখুওৱা হৈছিল! এই অপৰাধমূলক কাৰ্য্যবোৰত জড়িত কিছুমান টুইটাৰ একাউণ্টে এটা ৰেকেট চলাই থকা দেখা গৈছে য'ত তেওঁলোকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ আন ব্যৱহাৰকাৰীৰ পৰা শিশুৰ অশ্লীল আৰু ধৰ্ষণৰ ভিডিঅ' প্ৰদান কৰাৰ বাবে ধন বিচাৰে৷ ডিচিডব্লিউয়ে এক প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰে৷ আয়োগে দিল্লী আৰক্ষীৰ ওচৰত এনে  টুইটাৰ একাউণ্টসমূহৰ এখন  ভাগ বতৰা কৰিছে।

টুইটাৰত মুক্তভাৱে উপলব্ধ ধৰ্ষণ আৰু শিশু পৰ্ণোগ্ৰাফিক ভিডিঅ'বোৰে সকলোকে হতবাক কৰিছে৷ এনে আপত্তিজনক প’ষ্ট এতিয়াও টুইটাৰৰ পৰা আঁতৰ নোহোৱাটো সন্দেহজনক৷ আৰক্ষীয়ে এনে আপত্তিজনক ভিডিঅ' তৎক্ষণাৎ বিলোপ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু অপৰাধীসকলে কঠোৰ শাস্তি পোৱা উচিত বুলি  ডি চি ডব্লিউৰ মুৰব্বী স্বাতী মালিৱালে দাবী কৰে। 

আয়োগে আৰক্ষীক  টুইটবোৰ কিয় বিলোপ কৰা হোৱা নাই তাৰ কাৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷  আয়োগে বৰ্তমান টুইটাৰত উপলব্ধ এনে টুইটৰ সংখ্যা সম্পৰ্কেও তথ্য বিচাৰিছে। লগতে, যোৱা চাৰি বছৰত টুইটাৰৰ দ্বাৰা চিনাক্ত, বিলোপ আৰু প্ৰতিবেদন কৰা শিশু পৰ্ণগ্ৰাফী আৰু ধৰ্ষণৰ ছবি দেখুওৱা টুইটৰ সংখ্যাও জানিবলৈ বিচাৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু