--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান যেন কোনো ঠাইতে সুৰক্ষিত নহয় নাৰী৷ এইবাৰ জ’মেট’ বয়ৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী৷  ৪২ বছৰীয়া এজন জ’মেট’ ডেলিভাৰী ব্যক্তিক এগৰাকী যুৱতী গ্ৰাহকক উৎপীড়ন কৰা আৰু বলপূৰ্বকভাৱে  চুম্বন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে৷ এই ঘটনাটো পুনেত সংঘটিত হৈছে৷ 

প্ৰতিবেদন অনুসৰি, এগৰাকী ১৯ বছৰীয়া কিশোৰীয়ে পুনে মহানগৰ আৰক্ষীৰ ওচৰত এনে আতিশয্যৰ  বিৰুদ্ধে অভিযোগ দাখিল কৰিছে৷  অভিযোগৰ পিছতে ডেলিভাৰী বয়জনক  গ্ৰেপ্তাৰ কৰা হৈছিল৷  খাদ্য প্ৰদানৰ পিছত খোৱা  পানী বিচৰাৰ সুযোগত যুৱতীগৰাকীক উৎপীড়ন কৰিছিল এই ডেলিভাৰী বয়জনে৷ 

আৰক্ষীৰ ওচৰত কৰা অভিযোগত কিশোৰীগৰাকীয়ে  অভিযোগ কৰিছিল যে খাদ্যখিনি তাইক দিয়াৰ পিছত ডেলিভাৰী মেনজনে তেওঁক খোৱাখো পানী বিচাৰিছিল৷ পানী অনাৰ লগে লগে, ব্যক্তিজনে  কিশোৰীগৰাকীক পৰিয়ালৰ সদস্যসকলৰ বিষয়ে সুধিবলৈ আৰম্ভ কৰিছিল।সেই সময়ত যুৱতীগৰাকী  ফ্লেটটোত অকলে আছে বুলি গম পোৱাৰ পিছতে ব্যক্তিজনে পুনৰ পানী বিচাৰিছিল৷  কিন্তু এইবাৰ পানী গিলাচ আনিবলৈ যোৱাৰ সময়তে  ডেলিভাৰী মেনজনে তেওঁক  পিছফালৰ পৰা টানি ধৰি ছিল আৰু তাইৰ গালত দুবাৰ জোৰকৈ চুমা খাইছিল। এই কাৰ্য্যৰ পিছত, ডেলিভাৰী মেনজনে ঘটনাস্থলী এৰি গৈছিল৷ আনহাতে, ঘটনাস্থলী ত্যাগ কৰাৰ পিছতহ  ডেলিভাৰী বয়জন  হোৱাটছএপ নম্বৰত মেচেজ দিবলৈ আৰম্ভ কৰিছিলকৰিছি যুৱতীগৰাকীক৷ 

খবৰ অনুসৰি ঘটনাটো ১৭ ছেপ্টেম্বৰৰ নিশা প্ৰায় ৯:৩০ বজাত সংঘটিত হৈছিল। যুৱতীগৰাকী  এখন  অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ  বিদ্যাৰ্থী ৷ যুৱতীগৰাকীয়ে পূৰ্বতে অভিযোগ কৰিবলৈ সংকোচবোধ কৰিছিল। কিন্তু যেতিয়া ডেলিভাৰী বয়জনে  হোৱাটছএপত মেচেজ কৰা আৰম্ভ কৰিছিল, তেতিয়া তেওঁ  কোন্ধৱা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল।

অভিযোগৰ পিছতে অভিযুক্ত জ’মেট’ বয়জনক  গ্ৰেপ্তাৰ কৰা হৈছিল ৷ কিন্তু কিছু সময়ৰ পিছতে  জামিনত মুক্তি লাভ কৰিছিল অভিযুক্তজনে৷ বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখি জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক চৰ্দাৰ পাটিলে কয় যে পৰৱৰ্তী তদন্ত এতিয়াও চলি আছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু