--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান যেন কোনো ঠাইতে সুৰক্ষিত নহয় নাৰী৷ এইবাৰ জ’মেট’ বয়ৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী৷  ৪২ বছৰীয়া এজন জ’মেট’ ডেলিভাৰী ব্যক্তিক এগৰাকী যুৱতী গ্ৰাহকক উৎপীড়ন কৰা আৰু বলপূৰ্বকভাৱে  চুম্বন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে৷ এই ঘটনাটো পুনেত সংঘটিত হৈছে৷ 

প্ৰতিবেদন অনুসৰি, এগৰাকী ১৯ বছৰীয়া কিশোৰীয়ে পুনে মহানগৰ আৰক্ষীৰ ওচৰত এনে আতিশয্যৰ  বিৰুদ্ধে অভিযোগ দাখিল কৰিছে৷  অভিযোগৰ পিছতে ডেলিভাৰী বয়জনক  গ্ৰেপ্তাৰ কৰা হৈছিল৷  খাদ্য প্ৰদানৰ পিছত খোৱা  পানী বিচৰাৰ সুযোগত যুৱতীগৰাকীক উৎপীড়ন কৰিছিল এই ডেলিভাৰী বয়জনে৷ 

আৰক্ষীৰ ওচৰত কৰা অভিযোগত কিশোৰীগৰাকীয়ে  অভিযোগ কৰিছিল যে খাদ্যখিনি তাইক দিয়াৰ পিছত ডেলিভাৰী মেনজনে তেওঁক খোৱাখো পানী বিচাৰিছিল৷ পানী অনাৰ লগে লগে, ব্যক্তিজনে  কিশোৰীগৰাকীক পৰিয়ালৰ সদস্যসকলৰ বিষয়ে সুধিবলৈ আৰম্ভ কৰিছিল।সেই সময়ত যুৱতীগৰাকী  ফ্লেটটোত অকলে আছে বুলি গম পোৱাৰ পিছতে ব্যক্তিজনে পুনৰ পানী বিচাৰিছিল৷  কিন্তু এইবাৰ পানী গিলাচ আনিবলৈ যোৱাৰ সময়তে  ডেলিভাৰী মেনজনে তেওঁক  পিছফালৰ পৰা টানি ধৰি ছিল আৰু তাইৰ গালত দুবাৰ জোৰকৈ চুমা খাইছিল। এই কাৰ্য্যৰ পিছত, ডেলিভাৰী মেনজনে ঘটনাস্থলী এৰি গৈছিল৷ আনহাতে, ঘটনাস্থলী ত্যাগ কৰাৰ পিছতহ  ডেলিভাৰী বয়জন  হোৱাটছএপ নম্বৰত মেচেজ দিবলৈ আৰম্ভ কৰিছিলকৰিছি যুৱতীগৰাকীক৷ 

খবৰ অনুসৰি ঘটনাটো ১৭ ছেপ্টেম্বৰৰ নিশা প্ৰায় ৯:৩০ বজাত সংঘটিত হৈছিল। যুৱতীগৰাকী  এখন  অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ  বিদ্যাৰ্থী ৷ যুৱতীগৰাকীয়ে পূৰ্বতে অভিযোগ কৰিবলৈ সংকোচবোধ কৰিছিল। কিন্তু যেতিয়া ডেলিভাৰী বয়জনে  হোৱাটছএপত মেচেজ কৰা আৰম্ভ কৰিছিল, তেতিয়া তেওঁ  কোন্ধৱা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল।

অভিযোগৰ পিছতে অভিযুক্ত জ’মেট’ বয়জনক  গ্ৰেপ্তাৰ কৰা হৈছিল ৷ কিন্তু কিছু সময়ৰ পিছতে  জামিনত মুক্তি লাভ কৰিছিল অভিযুক্তজনে৷ বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখি জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক চৰ্দাৰ পাটিলে কয় যে পৰৱৰ্তী তদন্ত এতিয়াও চলি আছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement