--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্ক আৰু ছিৰিয়া এতিয়া ধ্বংসভূমি৷ ভয়ংকৰ ভূমিকম্পই সোমবাৰে কঁপাই গ’ল দেশ দুখন৷ দেশ দুখনত এতিয়া কেৱল কান্দোনৰ সুৰ৷ মৃতকৰ সংখ্যাই ২১ হাজাৰ অতিক্ৰম কৰিছে।

তুৰস্ক আৰু ছিৰিয়াৰ অধীনত থকা আনাতোলিয়া আৰু আৰব টেকটনিক প্লেটৰ সংঘৰ্ষৰ বাবেই দুয়োখন দেশৰ পৰিস্থিতিৰ কাৰণ বুলি ভূতত্ত্ববিদসকলৰ মতে।

তুৰস্কৰ তলৰ আনাতোলিয়ান প্লেটে তুৰস্ককে ধৰি এক বৃহৎ অঞ্চলক বিশ্বৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে গঢ়ি তুলিছে।

এই প্ৰবল ভূমিকম্পৰ পিছত বিভিন্ন দেশ সতৰ্ক হৈ পৰিছে। ভাৰততো সতৰ্কতা আৰম্ভ হৈছে। কাৰণ ভাৰতত এনে কিছুমান অঞ্চল আছে য’ত ভূমিকম্পৰ প্ৰৱণতা অধিক৷

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ব্যাখ্যা কৰে যে ভাৰত উপমহাদেশৰ বিশাল হিমালয় অঞ্চলতো ভূমিকম্পৰ প্ৰৱণতা আছে। ইয়াত ৰিখটাৰ স্কেলৰ ৮ তকৈ অধিক ভূমিকম্প হ’ব পাৰে।

এন ডি এম এৰ তথ্য অনুসৰি, ভাৰতৰ প্ৰায় ৫৯ শতাংশ ভূখণ্ড ভূমিকম্পৰ প্ৰৱণতা আছে। ভূমিকম্পীয় জ’নিং মেপ অনুসৰি ভাৰতক চাৰিটা ভূমিকম্পীয় জ’ন বা ভূমিকম্প প্ৰৱণ অঞ্চলত বিভক্ত কৰা হৈছে।

এই মণ্ডল বা অঞ্চলসমূহৰ ভিতৰত ৫ নং মণ্ডল আটাইতকৈ দুৰ্বল আৰু ২ নং মণ্ডল আটাইতকৈ কম দুৰ্বল। দেশৰ প্ৰায় ১১ শতাংশ ভূমি জ’ন ৫ৰ অন্তৰ্গত। প্ৰায় ১৮ শতাংশ মাটি জ’ন ৪ৰ অধীনত আছে। ৩ নং মণ্ডলত ৩০ শতাংশ মাটি আছে। বাকীবোৰ জ’ন ২ত আছে।

ভাৰতৰ এই স্থানসমূহৰ ভিতৰত য’ত ভূমিকম্পৰ প্ৰৱণতা বেছি, তাৰ ভিতৰত গুজৰাটৰ ভূজ অঞ্চলটো প্ৰথম স্থানত আছে। বিহাৰৰ দ্বাৰভংগাও দেশৰ ভিতৰতে অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল।

অসমৰ মুঠ চাৰিটা গুৰুত্বপূৰ্ণ অঞ্চল ভূমিকম্প প্ৰৱণ বুলি চিনাক্ত কৰা হৈছে। এই অঞ্চলসমূহ হ’ল গুৱাহাটী, যোৰহাট, শদিয়া আৰু তেজপুৰ। ইয়াৰ উপৰিও মণিপুৰৰ ইম্ফল, নাগালেণ্ডৰ কোহিমা, আৰু হিমাচল প্ৰদেশৰ মণ্ডীতো ভূমিকম্প প্ৰৱণ।

এন ডি এম এয়ে আন্দামানৰ প’ৰ্ট ব্লেয়াৰ আৰু জম্মু-কাশ্মীৰৰ নিকোবৰ আৰু শ্ৰীনগৰক লৈও একেধৰণৰ উদ্বেগ প্ৰকাশ কৰে।

উল্লেখ্য যে এন ডি এম এ হৈছে ভূমি বিজ্ঞান মন্ত্ৰালয়ৰ অধীনস্থ এটা ন’ডেল এজেন্সী। এনডিএমএই ভূমিকম্পৰ তীব্ৰতা জুখিব পাৰে। সেই কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ সমগ্ৰ দেশতে এনডিএমএৰ ১১৫টা নিৰীক্ষণ কেন্দ্ৰ আছে।

উপৰোক্ত অঞ্চলসমূহৰ ভিতৰত গুজৰাটৰ ভূজত ইয়াৰ পূৰ্বেও ভূমিকম্পৰ সৃষ্টি হৈছে। ২০০১ চনৰ ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসত পুৱা প্ৰায় ৯ বজাত ভূজৰ মাটি কঁপিছিল।

ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৭। তাৰ বাবেই বহু ঘৰ ভাঙি পৰিল। বাট-পথত বহল ফাট মেলিও সৃষ্টি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন