--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই স্বামীক এৰি প্ৰেমিকৰ সৈতে পলাই যায়। পুত্ৰ, ঘৰৰ সকলো গহনা আৰু নগদ ধন লৈ মহিলাৰ পলায়ন। স্বামীয়ে কয় যে বিয়া হোৱাৰে পৰাই পত্নীয়ে তেওঁক বুঢ়া হোৱা বুলি ঠাট্টা-মস্কৰা কৰিছিল আৰু সদায় তেওঁৰ পৰা আঁতৰি থাকিবলৈ অজুহাত বিচাৰি ফুৰিছিল। 

দুয়োৰে দুবছৰ আগতে বিয়া হৈছিল আৰু তেওঁলোকৰ এটা পুত্ৰ সন্তানৰো জন্ম হয়। 

লাভ কৰা তথ্য অনুসৰি ২০২২ চনৰ ৩১ জানুৱাৰীত গুড্ডু আৰু ছাবিনা খাতুনৰ বিবাহ পৰিয়ালৰ সদস্যৰ সন্মতি সাপেক্ষে সম্পন্ন হয়। ইয়াৰ পিছত দুয়োজনেই সুখেৰে জীয়াই আছিল। কিছুদিনৰ আগতে দুয়োৰে এটা ল’ৰা সন্তানৰ জন্ম হৈছিল। গুড্ডুৱে ঘৰৰ পৰাই খাৰুৰ ব্যৱসায় কৰিছিল। ছাবিনাই সদায় তেওঁক ঘৰৰ বাহিৰত থাকি কাম কৰিবলৈ কৈছিল। ছাবিনাৰ এই কথা শুনি গুড্ডুৰ অলপ অদ্ভুত যেন লাগিছিল যদিও তেওঁ গুৰুত্ব দিয়া নাছিল।

গুড্ডুৱে কয় যে পত্নীৰ জোৰত তেওঁ ভায়েকৰ দোকানত কাম আৰম্ভ কৰিছিল। ২৫ এপ্ৰিলত গুড্ডুৱে কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই আহিল। ইয়াৰ পিছত দুপৰীয়া এজন ল’ৰাক কিবা কামৰ বাবে ঘৰলৈ পঠিয়াই দিয়া হ’ল। ল’ৰাটো ঘৰলৈ আহি দেখে যে দুৱাৰখন বন্ধ হৈ আছে। ইয়াৰ পিছত ল’ৰাজনে গুড্ডুক ফোন কৰি খবৰ দিলে। ইয়াৰ পিছত গুড্ডু ঘৰলৈ আহি গম পালে যে ছাবিনা আৰু তেওঁৰ পুত্ৰ সন্তান ঘৰত নাই। পাছত বিচাৰ-খোচাৰ কৰি ওচৰ-চুবুৰীয়াৰ পৰা গম পায় যে অন্য ডেকা ল’ৰা এটাৰ সৈতে বাইকত উঠি গুচি গৈছে ছাবিনা আৰু পুত্ৰ। 

পত্নী পলাই যোৱাৰ পিছত স্বামীয়ে থানাত গোচৰ ৰুজু কৰে। এই ঘটনা মুজাফ্ফৰপুৰৰ। পতিয়ে পাছত অনুসন্ধান কৰি গম পায় যে ৩ মাহ ধৰি এজন ল'ৰাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্কত আছিল ছাবিনা। ছাবিনাই পুত্ৰক লগতে লৈ যোৱাৰ লগতে ডেৰ লাখ টকা নগদ ধন আৰু ৩ লাখ টকাৰ গহনা লৈ গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু