--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই স্বামীক এৰি প্ৰেমিকৰ সৈতে পলাই যায়। পুত্ৰ, ঘৰৰ সকলো গহনা আৰু নগদ ধন লৈ মহিলাৰ পলায়ন। স্বামীয়ে কয় যে বিয়া হোৱাৰে পৰাই পত্নীয়ে তেওঁক বুঢ়া হোৱা বুলি ঠাট্টা-মস্কৰা কৰিছিল আৰু সদায় তেওঁৰ পৰা আঁতৰি থাকিবলৈ অজুহাত বিচাৰি ফুৰিছিল। 

দুয়োৰে দুবছৰ আগতে বিয়া হৈছিল আৰু তেওঁলোকৰ এটা পুত্ৰ সন্তানৰো জন্ম হয়। 

লাভ কৰা তথ্য অনুসৰি ২০২২ চনৰ ৩১ জানুৱাৰীত গুড্ডু আৰু ছাবিনা খাতুনৰ বিবাহ পৰিয়ালৰ সদস্যৰ সন্মতি সাপেক্ষে সম্পন্ন হয়। ইয়াৰ পিছত দুয়োজনেই সুখেৰে জীয়াই আছিল। কিছুদিনৰ আগতে দুয়োৰে এটা ল’ৰা সন্তানৰ জন্ম হৈছিল। গুড্ডুৱে ঘৰৰ পৰাই খাৰুৰ ব্যৱসায় কৰিছিল। ছাবিনাই সদায় তেওঁক ঘৰৰ বাহিৰত থাকি কাম কৰিবলৈ কৈছিল। ছাবিনাৰ এই কথা শুনি গুড্ডুৰ অলপ অদ্ভুত যেন লাগিছিল যদিও তেওঁ গুৰুত্ব দিয়া নাছিল।

গুড্ডুৱে কয় যে পত্নীৰ জোৰত তেওঁ ভায়েকৰ দোকানত কাম আৰম্ভ কৰিছিল। ২৫ এপ্ৰিলত গুড্ডুৱে কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই আহিল। ইয়াৰ পিছত দুপৰীয়া এজন ল’ৰাক কিবা কামৰ বাবে ঘৰলৈ পঠিয়াই দিয়া হ’ল। ল’ৰাটো ঘৰলৈ আহি দেখে যে দুৱাৰখন বন্ধ হৈ আছে। ইয়াৰ পিছত ল’ৰাজনে গুড্ডুক ফোন কৰি খবৰ দিলে। ইয়াৰ পিছত গুড্ডু ঘৰলৈ আহি গম পালে যে ছাবিনা আৰু তেওঁৰ পুত্ৰ সন্তান ঘৰত নাই। পাছত বিচাৰ-খোচাৰ কৰি ওচৰ-চুবুৰীয়াৰ পৰা গম পায় যে অন্য ডেকা ল’ৰা এটাৰ সৈতে বাইকত উঠি গুচি গৈছে ছাবিনা আৰু পুত্ৰ। 

পত্নী পলাই যোৱাৰ পিছত স্বামীয়ে থানাত গোচৰ ৰুজু কৰে। এই ঘটনা মুজাফ্ফৰপুৰৰ। পতিয়ে পাছত অনুসন্ধান কৰি গম পায় যে ৩ মাহ ধৰি এজন ল'ৰাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্কত আছিল ছাবিনা। ছাবিনাই পুত্ৰক লগতে লৈ যোৱাৰ লগতে ডেৰ লাখ টকা নগদ ধন আৰু ৩ লাখ টকাৰ গহনা লৈ গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ