--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বসবাস কৰা জৈন সম্প্ৰদায়ৰ শতাধিক লোকে সন্ন্যাসী হৈ বস্তুগত জগতখন ত্যাগ কৰিছে। দীক্ষা লোৱাৰ পিছত তেওঁলোকে খালী ভৰিৰে খোজ কাঢ়ে, দান হিচাপে পোৱাখিনিহে খায় আৰু এয়াৰ কণ্ডিচনাৰ আৰু অন্যান্য ইলেক্ট্ৰনিক গেজেটৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ নকৰে। 

শেহতীয়াকৈ এগৰাকী বিখ্যাত ব্যৱসায়ীৰ পত্নীয়ে দীক্ষা গ্ৰহণ কৰিছে। তেওঁৰ নাম ছুইটী। বয়স ৩০ বছৰ। তেওঁৰ স্বামী মনীষ কৰ্ণাটকৰ এজন প্ৰখ্যাত ব্যৱসায়ী। তেওঁলোকৰ আছে কেইবা কোটি টকাৰ সম্পত্তি। ছুইটীৰ লগতে তেওঁৰ ১১ বছৰীয়া পুত্ৰ হৃদনো সন্ন্যাসী হৈ পৰিছে। দীক্ষা লোৱাৰ পিছত তেওঁলোকে নতুন নাম পালে। ছুইটীৰ নাম ভৱশুধি ৰেখা শ্ৰী জী আৰু পুত্ৰৰ নাম বেনিতাশী ৰতনবিজয় জী।

তেওঁলোকৰ এগৰাকী আত্মীয়ই কয় যে যেতিয়া ছুইটী গৰ্ভৱতী আছিল তেতিয়াই তেওঁ সন্ন্যাসী হোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁ তেতিয়াও সিদ্ধান্ত লৈছিল যে তেওঁৰ সন্তানেও তেওঁৰ পদাংক অনুসৰণ কৰি জৈন সন্ন্যাসী হ’ব।

চাওক ভিডিঅ'




তেওঁৰ পুত্ৰক এই বুজাবুজিৰে ডাঙৰ-দীঘল কৰা হৈছিল যে তেওঁলোকে সন্ন্যাসৰ জীৱনত প্ৰৱেশ কৰিব। ছুইটীৰ সংকল্প শুনি তেওঁৰ স্বামী মনীষে সমৰ্থন কৰে। মনীষ আৰু পৰিয়ালৰ আন সদস্যসকল তেওঁক লৈ সুখী আৰু গৌৰৱান্বিত। 

২০২৪ চনৰ জানুৱাৰী মাহত গুজৰাটৰ চুৰাটত মাতৃ-পুত্ৰৰ দীক্ষা অনুষ্ঠান অতি আড়ম্বৰেৰে অনুষ্ঠিত হৈছিল। দুয়ো এতিয়া চুৰাটতো থাকে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামতো মাতৃ-পুত্ৰৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে গুজৰাটৰ এহাল ধনী জৈন দম্পতীয়ে সন্ন্যাসী হ’বলৈ প্ৰায় ২০০ কোটি টকাৰ সম্পত্তি ত্যাগ কৰিছিল। ভৱেশ ভাণ্ডাৰী আৰু তেওঁৰ পত্নীয়ে ফেব্ৰুৱাৰী মাহত সন্ন্যাসীৰ জীৱন যাপনৰ বাবে আনুষ্ঠানিক অনুষ্ঠানৰ আয়োজন কৰিছিল। ২০২২ চনত দীক্ষা লোৱা এই দম্পতীৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু