--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে। ৰাজনৈতিক সমীকৰণৰ লগতে আৰ এছ এছৰ পৰা পোৱা পৰামৰ্শৰ পাছত জাতিগত সমীকৰণৰ উন্নতিৰ প্ৰচেষ্টা চলোৱা হৈছে। ইফালে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি দলীয় নেতৃত্বই ৰাজ্যসভাৰ সকলো বিজেপি সাংসদক ২০২৪ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হ’বলৈ কোৱাৰ খবৰ আহিছে।

তথ্য অনুসৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই দলটোৰ ৰাজ্যসভাৰ সাংসদ (যিসকল কেবিনেট মন্ত্ৰী)ক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে লোকসভাৰ আসন বিচাৰি উলিয়াবলৈ কয় য’ৰ পৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰকে ধৰি সকলো কেন্দ্ৰীয় মন্ত্ৰীকে এই কথা দলৰ পৰা জনাইছে।

এই তালিকাত অন্তৰ্ভুক্ত কেন্দ্ৰীয় মন্ত্ৰী কোন আৰু ক’ৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে?

১/ বিত্ত, কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে তামিলনাডুৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিব পাৰে।


২) বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰে তামিলনাডুৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিব পাৰে।

৩) মহাৰাষ্ট্ৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, উপভোক্তা পৰিক্ৰমা, বস্ত্ৰশিল্প মন্ত্ৰী পীযূষ গোৱেলে।

৪) শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ওড়িশা পৰা প্ৰতিদ্বন্দ্বীতা কৰাৰ সম্ভাৱনা আছে।

৫) নাৰায়ণ ৰাণে - ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ; মহাৰাষ্ট্ৰ

৬) সৰ্বানন্দ সোণোৱাল - আয়ুষ, বন্দৰ, জাহাজ আৰু জলপথ; অসম

৭) জ্যোতিৰাদিত্য সিন্ধিয়া - অসামৰিক বিমান পৰিবহণ, তীখা;,মধ্যপ্ৰদেশৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰাৰ সম্ভাৱনা

৮) অশ্বিনী বৈষ্ণৱ - ৰেলৱে, যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি; ওড়িশাৰ পৰা

৯) হৰদীপ সিং পুৰী - পেট্ৰলিয়াম, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা; পঞ্জাৱ বা জম্মু-কাশ্মীৰ

১০) মানসুখ মাণ্ডবিয়া - স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাসায়নিক; গুজৰাট

১১) ভূপেন্দ্ৰ যাদৱ - পৰিৱেশ আৰু শ্ৰম; হাৰিয়ানা বা ৰাজস্থান

১২) পুৰুষোত্তম ৰূপালা - মীন, পশুপালন আৰু দুগ্ধ পালন; গুজৰাটৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰাৰ সম্ভাৱনা বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা পোৱা তথ্যৰ পৰা গ’ম পোৱা গৈছে৷অৱশ্যে কোনে কোনখন আসনৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিব লাগিব, প্ৰতিদ্বন্দ্বীতা কৰিব নে নকৰে সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব দলৰ নেতৃত্বই।














FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে