--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে। ৰাজনৈতিক সমীকৰণৰ লগতে আৰ এছ এছৰ পৰা পোৱা পৰামৰ্শৰ পাছত জাতিগত সমীকৰণৰ উন্নতিৰ প্ৰচেষ্টা চলোৱা হৈছে। ইফালে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি দলীয় নেতৃত্বই ৰাজ্যসভাৰ সকলো বিজেপি সাংসদক ২০২৪ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হ’বলৈ কোৱাৰ খবৰ আহিছে।

তথ্য অনুসৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই দলটোৰ ৰাজ্যসভাৰ সাংসদ (যিসকল কেবিনেট মন্ত্ৰী)ক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে লোকসভাৰ আসন বিচাৰি উলিয়াবলৈ কয় য’ৰ পৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰকে ধৰি সকলো কেন্দ্ৰীয় মন্ত্ৰীকে এই কথা দলৰ পৰা জনাইছে।

এই তালিকাত অন্তৰ্ভুক্ত কেন্দ্ৰীয় মন্ত্ৰী কোন আৰু ক’ৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে?

১/ বিত্ত, কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে তামিলনাডুৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিব পাৰে।


২) বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰে তামিলনাডুৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিব পাৰে।

৩) মহাৰাষ্ট্ৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, উপভোক্তা পৰিক্ৰমা, বস্ত্ৰশিল্প মন্ত্ৰী পীযূষ গোৱেলে।

৪) শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ওড়িশা পৰা প্ৰতিদ্বন্দ্বীতা কৰাৰ সম্ভাৱনা আছে।

৫) নাৰায়ণ ৰাণে - ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ; মহাৰাষ্ট্ৰ

৬) সৰ্বানন্দ সোণোৱাল - আয়ুষ, বন্দৰ, জাহাজ আৰু জলপথ; অসম

৭) জ্যোতিৰাদিত্য সিন্ধিয়া - অসামৰিক বিমান পৰিবহণ, তীখা;,মধ্যপ্ৰদেশৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰাৰ সম্ভাৱনা

৮) অশ্বিনী বৈষ্ণৱ - ৰেলৱে, যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি; ওড়িশাৰ পৰা

৯) হৰদীপ সিং পুৰী - পেট্ৰলিয়াম, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা; পঞ্জাৱ বা জম্মু-কাশ্মীৰ

১০) মানসুখ মাণ্ডবিয়া - স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাসায়নিক; গুজৰাট

১১) ভূপেন্দ্ৰ যাদৱ - পৰিৱেশ আৰু শ্ৰম; হাৰিয়ানা বা ৰাজস্থান

১২) পুৰুষোত্তম ৰূপালা - মীন, পশুপালন আৰু দুগ্ধ পালন; গুজৰাটৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰাৰ সম্ভাৱনা বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা পোৱা তথ্যৰ পৰা গ’ম পোৱা গৈছে৷অৱশ্যে কোনে কোনখন আসনৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিব লাগিব, প্ৰতিদ্বন্দ্বীতা কৰিব নে নকৰে সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব দলৰ নেতৃত্বই।














FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু