--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ভাৰতৰ বাবেও আহিল বেয়া খবৰটো৷ তুৰস্কৰ বিধ্বংসী ভূমিকম্পত এতিয়ালৈকে ২৬,০০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে যদিও কোনো ভাৰতীয় লোকৰ মৃত্যু ঘটাৰ খবৰ অহা নাছিল৷ কিন্তু শেহতীয়াকৈ অহা খবৰ অনুসৰি তুৰস্কত ভূমিকম্পৰ ফলত এজন ভাৰতীয় লোকৰো মৃত্যু ঘটিছে৷ মৃতু ঘটা লোক জনৰ নাম বিজয় কুমাৰ বুলি জানিব পৰা গৈছে৷ 

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি এখন হোটেলৰ ধ্বংসাৱশেষৰ মাজত বিজয় কুমাৰৰ মৃতদেহ  উদ্ধাৰ  কৰা হৈছে৷ তুৰস্কত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰা তথ্য অনুসৰি ৬ ফেব্ৰুৱাৰীৰ ভূমিকম্পৰ পিছৰে পৰা বিজয় কুমাৰ  সন্ধানহীন হৈ আছিল৷ অৱশেষত আজি  বিজয় কুমাৰৰ মৃতদেহ আজি হোটেলৰ ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰা হয়।বেংগালুৰুৰ এটা গেছ-প্লাণ্ট কোম্পানীৰ টেকনিচিয়ান বিজয় কুমাৰে ২৫ জানুৱাৰীত তুৰস্কলৈ গৈছিল আৰু মালতিয়াৰ অৱছাৰ হোষ্টেলত আছিল।

ভাৰতীয় দূতাবাসে মৃত  বিজয় কুমাৰৰ মৃতদেহ ভাৰতলৈ প্ৰেৰণ কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য ভূমিকম্পৰ সময়ত তুৰস্কৰ সেই বিশেষ স্থানত ১০ জন ভাৰতীয় লোক থকা বুলি ভাৰতৰ বৈদেশিক দপ্তৰে পূৰ্বেই প্ৰকাশ কৰিছিল৷ ইয়াৰে এজন লোক সন্ধানহীন হৈ থকা বুলিও কোৱা হৈছিল৷ অৱশেষত সন্ধানহীন বিজয় কুমাৰৰ সন্ধান ওলাল মৃত অৱস্থাত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু