--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ভাৰতৰ বাবেও আহিল বেয়া খবৰটো৷ তুৰস্কৰ বিধ্বংসী ভূমিকম্পত এতিয়ালৈকে ২৬,০০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে যদিও কোনো ভাৰতীয় লোকৰ মৃত্যু ঘটাৰ খবৰ অহা নাছিল৷ কিন্তু শেহতীয়াকৈ অহা খবৰ অনুসৰি তুৰস্কত ভূমিকম্পৰ ফলত এজন ভাৰতীয় লোকৰো মৃত্যু ঘটিছে৷ মৃতু ঘটা লোক জনৰ নাম বিজয় কুমাৰ বুলি জানিব পৰা গৈছে৷ 

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি এখন হোটেলৰ ধ্বংসাৱশেষৰ মাজত বিজয় কুমাৰৰ মৃতদেহ  উদ্ধাৰ  কৰা হৈছে৷ তুৰস্কত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰা তথ্য অনুসৰি ৬ ফেব্ৰুৱাৰীৰ ভূমিকম্পৰ পিছৰে পৰা বিজয় কুমাৰ  সন্ধানহীন হৈ আছিল৷ অৱশেষত আজি  বিজয় কুমাৰৰ মৃতদেহ আজি হোটেলৰ ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰা হয়।বেংগালুৰুৰ এটা গেছ-প্লাণ্ট কোম্পানীৰ টেকনিচিয়ান বিজয় কুমাৰে ২৫ জানুৱাৰীত তুৰস্কলৈ গৈছিল আৰু মালতিয়াৰ অৱছাৰ হোষ্টেলত আছিল।

ভাৰতীয় দূতাবাসে মৃত  বিজয় কুমাৰৰ মৃতদেহ ভাৰতলৈ প্ৰেৰণ কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য ভূমিকম্পৰ সময়ত তুৰস্কৰ সেই বিশেষ স্থানত ১০ জন ভাৰতীয় লোক থকা বুলি ভাৰতৰ বৈদেশিক দপ্তৰে পূৰ্বেই প্ৰকাশ কৰিছিল৷ ইয়াৰে এজন লোক সন্ধানহীন হৈ থকা বুলিও কোৱা হৈছিল৷ অৱশেষত সন্ধানহীন বিজয় কুমাৰৰ সন্ধান ওলাল মৃত অৱস্থাত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক