--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেৱাই ধৰ্ম৷ ভাৰতীয় সেনাৰ  যিটো বাহিনীয়ে   ১৯৫০ চনৰ কোৰিয়ান যুদ্ধত আহত সৈনিকৰ বাবে সেৱা আগবঢ়াইছিল সেই দলটোৱেই এতিয়া তুৰস্কতো সেৱা আগবঢ়াই আছে৷ ভাৰতীয় সেনাৰ  ৬০ পেৰা ফিল্ড চিকিৎসা দসটোৱে  তুৰস্ক আৰু চিৰিয়াৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত  লোকক  উদ্ধাৰ কৰাৰ লগতে   নিস্বাৰ্থ সেৱাৰ আগবঢ়াই  সমগ্ৰ বিশ্বৰ পৰা প্ৰশংসা লাভ কৰিছে৷

 চিকিৎসা গোটটোৱে ইয়াৰ পূৰ্বেও   চৰ্চাত লাভ কৰিছিল৷ বহুতে মৰমতে  'এঞ্জেলছ ইন মেৰুন বেৰেট' বুলি কোৱা, ৬০ পেৰাচুট ফিল্ড এম্বুলেন্স গোটে ১৯৫০  আৰু ১৯৫৪  চনৰ ভিতৰত ২০০,০০০ ৰো অধিক লোকৰ চিকিৎসা কৰিছে। কোৰিয়ান যুদ্ধৰ সময়ত (১৯৫০-৫৩) ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱসমূহ সমৰ্থন কৰিছিল আৰু লেফটেনেণ্ট কৰ্ণেল এজি ৰংৰাজৰ নেতৃত্বতত ৬০ পেৰাচুট ফিল্ড এম্বুলেন্স সেনা চিকিৎসা গোট মোতায়েন কৰিছিল ।

 গোটটোৱে ১৯৫০ চনৰ ২০ নৱেম্বৰত পুচানত অৱতৰণ কৰিছিল আৰু প্ৰথমতে ২৯ নৱেম্বৰত পিয়ংইয়ংত নিয়োজিত কৰা হৈছিল৷  তাৰ পিছত এই গোটটোক দুটা উপ গোটত বিভক্ত কৰা হৈছিল; 'ফৰৱাৰ্ড এলিমেণ্ট' ২৭ ব্ৰিটিছ ব্ৰিগেড আৰু "প্ৰশাসনিক"ৰ  গোট ৷ দুটোয়া গোটে  কোৰিয়ান আৰ্মি হস্পিটেলক সহায় কৰিবলৈ আৰু অসামৰিক লোকসকলৰ চিকিৎসাৰ বাবে ডেগুত সেৱা আগবঢ়াইছিল। ফৰৱাৰ্ড এলিমেণ্টটো ১৯৫৩ চনৰ ২৩ ৰ পৰা ৩১ মাৰ্চলৈ মুনচানৰ এলেকাত অষ্টম আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ সৈতে "অ'পি টমাহাক" নামৰ এটা গুৰুত্বপূৰ্ণ এয়াৰলিফ্ট অভিযানত ভাগ লৈছিল৷    ইয়াৰ পিছত গোটটোৱে  ১৯৫৩ চনৰ ২৩  আগষ্টলৈকে "অপাৰেচন কমাণ্ডো এণ্ড অপাৰেচন কিলাৰ" নামৰ এক শৃংখলাবদ্ধ অভিযানত অংশগ্ৰহণ কৰিছিল। গোটটোত ৬২৭  জন কৰ্মচাৰী আছিল৷  গোটটো  ভাৰতলৈ উভতি অহাৰ পিছত ১৯৫৫ চনৰ ১০ মাৰ্চত তদানীন্তন ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদে আগ্ৰাত ৰাষ্ট্ৰপতি ট্ৰফী প্ৰদান কৰিছিল। কৰ্ণেল ৰংৰাজক অপাৰেচন টমাহাকৰ  বাবে  মহা বীৰ চক্ৰ (এমভিচি) প্ৰদান কৰা হৈছিল।

সেৱাৰ পৰম্পৰা অব্যাহত ৰাখি  ভাৰতীয় সেনাৰ চিকিৎসা গোটটোৱে এইবাৰ  তুৰস্ক আৰু চিৰিয়াত সেৱা আগবঢ়াবলৈ গৈছে৷ 'অপাৰেচন ডষ্ট'ৰ অধীনত ভাৰতে উদ্ধাৰকাৰী কৰ্মীসহ দৰব-পাতিৰে ছযখন বিমান তুৰস্কলৈ প্ৰেৰণ কৰিছে৷  ভূমিকম্প প্ৰভাৱিত লোকসকলক সহায় আগবঢ়োৱাৰ বাবে তুৰস্কৰ হাতাইত স্থাপন কৰা ভাৰতীয় সেনাৰ চিকিৎসালয়খনে বহু আহত লোকক নৱ জীৱন দিবলৈ সক্ষম হৈছে৷  তুৰ্কীৰ হাতয়ৰ ইচকেন্দেৰুনত থকা সেনা ক্ষেত্ৰ চিকিৎসালয়খনে চিকিৎসা, অস্ত্ৰোপচাৰ আৰু জৰুৰীকালীন ৱাৰ্ড চলাই গৈছে৷  ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে  টুইটাৰত  লিখিছে: "তুৰ্কীৰ হাতয়ৰ ভাৰতীয় সেনাৰ  ফিল্ড হস্পিটেলে ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলৰ চিকিৎসা কৰিছে । আমাৰ চিকিৎসা দলটোৱে   জৰুৰীকালীন অৱস্থাৰ চিকিৎসাৰ বাবে সম্পূৰ্ণ সাজু হৈ  আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক