--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেৱাই ধৰ্ম৷ ভাৰতীয় সেনাৰ  যিটো বাহিনীয়ে   ১৯৫০ চনৰ কোৰিয়ান যুদ্ধত আহত সৈনিকৰ বাবে সেৱা আগবঢ়াইছিল সেই দলটোৱেই এতিয়া তুৰস্কতো সেৱা আগবঢ়াই আছে৷ ভাৰতীয় সেনাৰ  ৬০ পেৰা ফিল্ড চিকিৎসা দসটোৱে  তুৰস্ক আৰু চিৰিয়াৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত  লোকক  উদ্ধাৰ কৰাৰ লগতে   নিস্বাৰ্থ সেৱাৰ আগবঢ়াই  সমগ্ৰ বিশ্বৰ পৰা প্ৰশংসা লাভ কৰিছে৷

 চিকিৎসা গোটটোৱে ইয়াৰ পূৰ্বেও   চৰ্চাত লাভ কৰিছিল৷ বহুতে মৰমতে  'এঞ্জেলছ ইন মেৰুন বেৰেট' বুলি কোৱা, ৬০ পেৰাচুট ফিল্ড এম্বুলেন্স গোটে ১৯৫০  আৰু ১৯৫৪  চনৰ ভিতৰত ২০০,০০০ ৰো অধিক লোকৰ চিকিৎসা কৰিছে। কোৰিয়ান যুদ্ধৰ সময়ত (১৯৫০-৫৩) ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱসমূহ সমৰ্থন কৰিছিল আৰু লেফটেনেণ্ট কৰ্ণেল এজি ৰংৰাজৰ নেতৃত্বতত ৬০ পেৰাচুট ফিল্ড এম্বুলেন্স সেনা চিকিৎসা গোট মোতায়েন কৰিছিল ।

 গোটটোৱে ১৯৫০ চনৰ ২০ নৱেম্বৰত পুচানত অৱতৰণ কৰিছিল আৰু প্ৰথমতে ২৯ নৱেম্বৰত পিয়ংইয়ংত নিয়োজিত কৰা হৈছিল৷  তাৰ পিছত এই গোটটোক দুটা উপ গোটত বিভক্ত কৰা হৈছিল; 'ফৰৱাৰ্ড এলিমেণ্ট' ২৭ ব্ৰিটিছ ব্ৰিগেড আৰু "প্ৰশাসনিক"ৰ  গোট ৷ দুটোয়া গোটে  কোৰিয়ান আৰ্মি হস্পিটেলক সহায় কৰিবলৈ আৰু অসামৰিক লোকসকলৰ চিকিৎসাৰ বাবে ডেগুত সেৱা আগবঢ়াইছিল। ফৰৱাৰ্ড এলিমেণ্টটো ১৯৫৩ চনৰ ২৩ ৰ পৰা ৩১ মাৰ্চলৈ মুনচানৰ এলেকাত অষ্টম আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ সৈতে "অ'পি টমাহাক" নামৰ এটা গুৰুত্বপূৰ্ণ এয়াৰলিফ্ট অভিযানত ভাগ লৈছিল৷    ইয়াৰ পিছত গোটটোৱে  ১৯৫৩ চনৰ ২৩  আগষ্টলৈকে "অপাৰেচন কমাণ্ডো এণ্ড অপাৰেচন কিলাৰ" নামৰ এক শৃংখলাবদ্ধ অভিযানত অংশগ্ৰহণ কৰিছিল। গোটটোত ৬২৭  জন কৰ্মচাৰী আছিল৷  গোটটো  ভাৰতলৈ উভতি অহাৰ পিছত ১৯৫৫ চনৰ ১০ মাৰ্চত তদানীন্তন ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদে আগ্ৰাত ৰাষ্ট্ৰপতি ট্ৰফী প্ৰদান কৰিছিল। কৰ্ণেল ৰংৰাজক অপাৰেচন টমাহাকৰ  বাবে  মহা বীৰ চক্ৰ (এমভিচি) প্ৰদান কৰা হৈছিল।

সেৱাৰ পৰম্পৰা অব্যাহত ৰাখি  ভাৰতীয় সেনাৰ চিকিৎসা গোটটোৱে এইবাৰ  তুৰস্ক আৰু চিৰিয়াত সেৱা আগবঢ়াবলৈ গৈছে৷ 'অপাৰেচন ডষ্ট'ৰ অধীনত ভাৰতে উদ্ধাৰকাৰী কৰ্মীসহ দৰব-পাতিৰে ছযখন বিমান তুৰস্কলৈ প্ৰেৰণ কৰিছে৷  ভূমিকম্প প্ৰভাৱিত লোকসকলক সহায় আগবঢ়োৱাৰ বাবে তুৰস্কৰ হাতাইত স্থাপন কৰা ভাৰতীয় সেনাৰ চিকিৎসালয়খনে বহু আহত লোকক নৱ জীৱন দিবলৈ সক্ষম হৈছে৷  তুৰ্কীৰ হাতয়ৰ ইচকেন্দেৰুনত থকা সেনা ক্ষেত্ৰ চিকিৎসালয়খনে চিকিৎসা, অস্ত্ৰোপচাৰ আৰু জৰুৰীকালীন ৱাৰ্ড চলাই গৈছে৷  ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে  টুইটাৰত  লিখিছে: "তুৰ্কীৰ হাতয়ৰ ভাৰতীয় সেনাৰ  ফিল্ড হস্পিটেলে ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলৰ চিকিৎসা কৰিছে । আমাৰ চিকিৎসা দলটোৱে   জৰুৰীকালীন অৱস্থাৰ চিকিৎসাৰ বাবে সম্পূৰ্ণ সাজু হৈ  আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু