--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহৎ সংখ্যক লোকে চাহ বা কফিৰে দিনটো আৰম্ভ কৰিবলৈ ভাল পায়। এইবোৰ ৰাতিপুৱাৰ পানীয়ৰ আটাইতকৈ প্ৰিয় আৰু জনপ্ৰিয়। কিছুমান মানুহে কফিৰ প্ৰতি ইমানেই আকৰ্ষিত যে সদায় অফিচ বা যিকোনো সময়তে কফি খায়। আমাৰ স্বাস্থ্যই কফিৰ কিছু উপকাৰ পাব পাৰে, যদিহে আপুনি ইয়াক সীমাবদ্ধভাৱেহে সেৱন কৰে। সীমিত পৰিমাণতকৈ অধিক কফি সেৱন কৰিলে আপোনাৰ ক্ষতি হ’ব পাৰে। আপুনি হয়তো নাজানে যে কফি খালে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। যিসকল লোকৰ কলেষ্টেৰলৰ সমস্যা আছে, তেওঁলোকে কফি খোৱাৰ পৰা বিৰত থাকিব লাগে। জানক কফিয়ে বেয়া কলেষ্টেৰলৰ মাত্ৰাত কেনে প্ৰভাৱ পেলায়।

কফিৰ কলেষ্টেৰলৰ সংযোগ
বহু গৱেষণাত প্ৰমাণিত হৈছে যে কফি খালে শৰীৰৰ ছিৰাম কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। অৱশ্যে কিমান কফি খাব তাৰ ওপৰত নিৰ্ভৰ কৰে। আন এটা বিশেষ কথা হ’ল কফিয়ে মহিলা আৰু পুৰুষৰ কলেষ্টেৰলৰ মাত্ৰাত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। ২০১৬ চনত কৰা এক গৱেষণাৰ মতে কফিৰ অত্যধিক সেৱনে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। কফিৰ বীনত পোৱা দ্ৰুত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ বাবে দায়ী।

যি কফি ক্ষতিকাৰক
The Institute for Scientific Information on Coffee (ISIC)ৰ তথ্য অনুসৰি কফিত পোৱা ডাইটাৰপিনৰ বাবে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। ২০১১ চনৰ এক অধ্যয়ন অনুসৰি স্ক্যাণ্ডিনেভিয়ান বয়ল্ড কফি, ফ্ৰেঞ্চ প্ৰেছ কফি, তুৰ্কী কফি কমকৈ সেৱন কৰিব লাগে। এই কফিবোৰে কলেষ্টেৰলৰ মাত্ৰাত আটাইতকৈ বেছি প্ৰভাৱ পেলায়। একে সময়তে এস্প্ৰেছ’, ফিল্টাৰ কফি আৰু ইনষ্টেণ্ট কফিত ডাইটাৰপিন অতি কম পৰিমাণে পোৱা যায়, যাৰ ফলত কলেষ্টেৰলৰ মাত্ৰাত বিশেষ পাৰ্থক্য নাথাকে।

কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ উপায়
সুস্থ জীৱনশৈলী অনুসৰণ কৰক
দৈনিক ৩০-৪৫ মিনিট ব্যায়াম কৰিব লাগে
দীৰ্ঘসময় বহি থকাৰ পৰা বিৰত থাকিব
স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য খাব লাগে
বেছি কফি নাখাব

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু