--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অমিতাভ বচ্চনে নিজৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। ছুপাৰহিৰোজনে কয় যে ক’ৰবাত টি-চাৰ্টত তেওঁৰ মুখখন দেখা গৈছে আৰু ক’ৰবাত তেওঁৰ মাত উলিয়াই লটাৰী কেলেংকাৰী কৰা হৈছে। কেৱল এয়াই নহয়, তেওঁৰ শ্ব’ কেবিচিৰ ল’গ’ ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত বহু ধৰণৰ দাবী উত্থাপন হৈছে। এনে পৰিস্থিতিত তেওঁ ব্যক্তিত্ব আৰু প্ৰচাৰৰ অধিকাৰ সুৰক্ষাৰ বাবে আদালতত আবেদন জনাইছে। এই বিষয়ত অমিতাভ বচ্চনৰ পক্ষ আদালতত দাখিল কৰিছিল প্ৰখ্যাত অধিবক্তা হৰিশ ছালভে। 

আজি দিল্লী উচ্চ ন্যায়ালয়ে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ ব্যক্তিত্ব আৰু প্ৰচাৰৰ অধিকাৰ সামগ্ৰিকভাৱে উলংঘা কৰাৰ পৰা বাধা দি অন্তৱৰ্তীকালীন আদেশ গৃহীত কৰে। অমিতাভ বচ্চনক সকাহ দি ন্যায়াধীশ নবীন চাওলাই কৰ্তৃপক্ষ আৰু দূৰসংযোগ বিভাগক নিৰ্দেশ দিয়ে যে ৰাজহুৱাভাৱে উপলব্ধ অমিতাভ বচ্চনৰ নাম, ফটোসমূহ তৎকালীনভাৱে আঁতৰাই পেলাব লাগে। অমিতাভ বচ্চনৰ সপক্ষে জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আদালতক অনুৰোধ কৰে যে বিগ বিৰ অনুমতি অবিহনে কোনেও তেওঁৰ নাম বা তেওঁৰ কোনো পৰিচয় ব্যৱহাৰ নকৰিব। এইদৰে অভিনেতাৰ ভাবমূর্তি কলংকিত হৈ পৰে আৰু সেয়া সম্পূৰ্ণ অবৈধ।

আমি সকলোৱে জানে যে অমিতাভ বচ্চন সমগ্ৰ বিশ্বতে এটা ডাঙৰ নাম। মানুহে তেওঁৰ নাম, কণ্ঠ আৰু ব্যক্তিত্বৰ দ্বাৰা  প্ৰভাৱিত হয়। কিন্তু কিছুমান কোম্পানীয়ে তেওঁৰ অনুমতি অবিহনে অভিনেতাজনৰ ব্যক্তিত্ব, মৰ্যাদা আৰু নাম অপব্যৱহাৰ কৰি আছে, যিটো প্ৰত্যক্ষভাৱে অবৈধ। এই সকলোবোৰ প্ৰচাৰৰ অধিকাৰৰো বিৰোধী। এনে লোক আৰু কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত অভিনেতাগৰাকীয়ে আৱেদন দাখিল কৰি কয় যে এনে কাৰ্যকলাপে তেওঁৰ আত্মসন্মানত আঘাত পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক