--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অমিতাভ বচ্চনে নিজৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। ছুপাৰহিৰোজনে কয় যে ক’ৰবাত টি-চাৰ্টত তেওঁৰ মুখখন দেখা গৈছে আৰু ক’ৰবাত তেওঁৰ মাত উলিয়াই লটাৰী কেলেংকাৰী কৰা হৈছে। কেৱল এয়াই নহয়, তেওঁৰ শ্ব’ কেবিচিৰ ল’গ’ ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত বহু ধৰণৰ দাবী উত্থাপন হৈছে। এনে পৰিস্থিতিত তেওঁ ব্যক্তিত্ব আৰু প্ৰচাৰৰ অধিকাৰ সুৰক্ষাৰ বাবে আদালতত আবেদন জনাইছে। এই বিষয়ত অমিতাভ বচ্চনৰ পক্ষ আদালতত দাখিল কৰিছিল প্ৰখ্যাত অধিবক্তা হৰিশ ছালভে। 

আজি দিল্লী উচ্চ ন্যায়ালয়ে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ ব্যক্তিত্ব আৰু প্ৰচাৰৰ অধিকাৰ সামগ্ৰিকভাৱে উলংঘা কৰাৰ পৰা বাধা দি অন্তৱৰ্তীকালীন আদেশ গৃহীত কৰে। অমিতাভ বচ্চনক সকাহ দি ন্যায়াধীশ নবীন চাওলাই কৰ্তৃপক্ষ আৰু দূৰসংযোগ বিভাগক নিৰ্দেশ দিয়ে যে ৰাজহুৱাভাৱে উপলব্ধ অমিতাভ বচ্চনৰ নাম, ফটোসমূহ তৎকালীনভাৱে আঁতৰাই পেলাব লাগে। অমিতাভ বচ্চনৰ সপক্ষে জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আদালতক অনুৰোধ কৰে যে বিগ বিৰ অনুমতি অবিহনে কোনেও তেওঁৰ নাম বা তেওঁৰ কোনো পৰিচয় ব্যৱহাৰ নকৰিব। এইদৰে অভিনেতাৰ ভাবমূর্তি কলংকিত হৈ পৰে আৰু সেয়া সম্পূৰ্ণ অবৈধ।

আমি সকলোৱে জানে যে অমিতাভ বচ্চন সমগ্ৰ বিশ্বতে এটা ডাঙৰ নাম। মানুহে তেওঁৰ নাম, কণ্ঠ আৰু ব্যক্তিত্বৰ দ্বাৰা  প্ৰভাৱিত হয়। কিন্তু কিছুমান কোম্পানীয়ে তেওঁৰ অনুমতি অবিহনে অভিনেতাজনৰ ব্যক্তিত্ব, মৰ্যাদা আৰু নাম অপব্যৱহাৰ কৰি আছে, যিটো প্ৰত্যক্ষভাৱে অবৈধ। এই সকলোবোৰ প্ৰচাৰৰ অধিকাৰৰো বিৰোধী। এনে লোক আৰু কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত অভিনেতাগৰাকীয়ে আৱেদন দাখিল কৰি কয় যে এনে কাৰ্যকলাপে তেওঁৰ আত্মসন্মানত আঘাত পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু