--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অমিতাভ বচ্চনৰ অনুমতি অবিহনে নাম, কণ্ঠ আৰু ফটো ব্যৱহাৰ কৰাত বাধা আৰোপ কৰে। আদালতে অমিতাভ বচ্চনৰ এখন আবেদনৰ ওপৰত এই অন্তৱৰ্তীকালীন আদেশ দিছিল, য’ত তেওঁ প্ৰচাৰ আৰু ব্যক্তিত্বৰ অধিকাৰ বিচাৰিছিল। ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়ে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি আৰু টেলিকম সেৱা মন্ত্ৰালয়ক তেওঁলোকৰ বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিয়ে।

আচলতে বহু সৰু-ডাঙৰ কোম্পানীয়ে অনুমতি অবিহনে অমিতাভৰ ফটো, কণ্ঠ আৰু নাম ব্যৱহাৰ কৰে। অমিতাভ বচ্চনৰ অনুমতি অবিহনে বহু বিজ্ঞাপনত তেওঁৰ মুখখন দেখা যায়। এই সন্দৰ্ভত অমিতাভৰ অধিবক্তা হৰিশ ছালভে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। বাণিজ্যিক উদ্যোগত ইয়াক নিষিদ্ধ কৰিব লাগে বুলি আবেদন জনোৱা হৈছিল।

শুকুৰবাৰে ন্যায়াধীশ নবীন চাওলাৰ আদালতত এই গোচৰৰ শুনানি অনুষ্ঠিত হয়। ন্যায়াধীশ চাওলাই ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি আৰু টেলিকম সেৱা মন্ত্ৰালয়ক বিগ বিৰ নাম, ফটো আৰু কণ্ঠৰ সৈতে জড়িত বিষয়বস্তু শীঘ্ৰে আঁতৰাবলৈ কয়। ইয়াৰ উপৰিও আদালতে ইণ্টাৰনেট সেৱা প্ৰদানকাৰীসকলক বিগ বিৰ ব্যক্তিত্বৰ অধিকাৰৰ অন্তৰ্গত অনলাইন লিংক আঁতৰাবলৈও কয়।

শুনানিৰ সময়ত হৰিশ ছালভে কিছুমান বিজ্ঞাপনৰ উদাহৰণ দিছিল য’ত বিগ বিৰ মুখখন ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ লগতে কয় যে কোনোবাই অমিতাভৰ মুখখন টি-চাৰ্টত লগাইছে, আনহাতে কোনোবাই তেওঁৰ পোষ্টাৰ বিক্ৰী কৰি আছে। একে সময়তে কোনোবাই তেওঁৰ নামত ডমেইন নাম পঞ্জীয়ন কৰিছে। ইয়াৰ বাবেই তেওঁ বিচাৰে যে তেওঁৰ নাম, কণ্ঠ আৰু ব্যক্তিত্ব কোনো বিজ্ঞাপনত ব্যৱহাৰ কৰা নহ'ব।

নবীন ছাফে কয় যে অমিতাভৰ দৰে চেলিব্ৰিটিৰ মুখ দেখুৱাই কোনো সংস্থা বা ব্যক্তিয়ে অনুমতি অবিহনে সামগ্ৰীৰ প্ৰচাৰ কৰিব নোৱাৰে। তেওঁ কয় যে অমিতাভ বচ্চনক এনেদৰে ‘ব্যৱহাৰ’ হ’ব দিব নোৱাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক