--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি কোনোবাই আপোনাৰ সন্মুখত উচ্চস্বৰত কথা কয় তেন্তে আপোনাৰ বিৰক্তি লাগে নিশ্চয়। কিন্তু আপুনি কাৰোবাক উচ্চস্বৰত কথা কোৱাৰ বাবে ১ কোটি টকা ক্ষতিপূৰণ লাভ কৰা দেখিছে নেকি? অবিশ্বাস্য যেন লাগিলেও সম্প্ৰতি তেনে এক ঘটনা পোহৰলৈ আহিছে। ব্ৰিটেইনৰ এক্সেটাৰ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়া হৈছে। ডাঙৰকৈ কথা কোৱাৰ অপৰাধত কৰ্তৃপক্ষই চাকৰিৰ পৰা অধ্যাপিকাগৰাকীক বৰ্খাস্ত কৰা বুলি জানিবলৈ পোৱা গৈছে। এই বিষয়ে অভিযোগ কৰাৰ পাছত বিশ্ববিদ্যালয়খনে তেওঁক ক্ষতিপূৰণ হিচাপে ১ কোটি টকা পৰিশোধ কৰিছে। মনকৰিবলগীয়া যে, এনেট প্লুটে ২৯ বছৰৰো অধিক সময় ধৰি এক্সেটাৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপনা কৰি আহিছিল। কিন্তু তেওঁক হঠাতে উচ্চস্বৰত কথা কোৱা বাবে বিশ্ববিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰা হৈছিল। প্ৰথমতে বিশ্ববিদ্যালয়খনে যুক্তি দিছিল যে, দুগৰাকী গৱেষক শিক্ষাৰ্থীৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ বাবেই তেওঁক বৰ্খাস্ত কৰা হৈছিল। ৫৯ বছৰীয়া এনেটে কয়, এজন মধ্য-ইউৰোপীয় ইহুদী হোৱাৰ বাবে স্বাভাৱিকতে তেওঁৰ কণ্ঠস্বৰ উচ্চ আৰু সেইকাৰণে তেওঁক বৰ্খাস্ত কৰা বুলি দাবী কৰিছিল অধ্যাপিকাগৰাকীয়ে। তথাপি, বিশ্ববিদ্যালয়খনৰ দাবী তেওঁক বৰ্খাস্ত কৰাৰ আঁৰত জাতি, অৰ্হতা বা লিংগৰ কোনো সম্পৰ্ক নাই। বিতৰ্কিত বৰ্খাস্তৰ পাছত, এনেটে বিশ্ববিদ্যালয়খনক প্ৰতিষ্ঠানগতভাৱে অচেতন আৰু পক্ষপাতদুষ্ট বুলি বৰ্ণনা কৰে। তেওঁ কৈছিল যে, যেতিয়া তেওঁ নিউয়ৰ্ক আৰু জাৰ্মানীত বাস কৰিছিল। তেতিয়া তেওঁৰ উচ্চ কণ্ঠস্বৰৰ বাবে কাৰো কোনো সমস্যা হোৱা নাছিল। একো উপায় নাপাই অৱশেষত আদালতৰ কাষ চাপে তেওঁ। বিচাৰকসকলে এনেটৰ পক্ষত দিছিল ৰায়। পুনৰ নিযুক্তিৰ উপৰিও, আদালতে বিশ্ববিদ্যালয়খনে এনেটক ১লাখ টকাৰ ক্ষতিপূৰণ দিবলৈও নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু