--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি কোনোবাই আপোনাৰ সন্মুখত উচ্চস্বৰত কথা কয় তেন্তে আপোনাৰ বিৰক্তি লাগে নিশ্চয়। কিন্তু আপুনি কাৰোবাক উচ্চস্বৰত কথা কোৱাৰ বাবে ১ কোটি টকা ক্ষতিপূৰণ লাভ কৰা দেখিছে নেকি? অবিশ্বাস্য যেন লাগিলেও সম্প্ৰতি তেনে এক ঘটনা পোহৰলৈ আহিছে। ব্ৰিটেইনৰ এক্সেটাৰ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়া হৈছে। ডাঙৰকৈ কথা কোৱাৰ অপৰাধত কৰ্তৃপক্ষই চাকৰিৰ পৰা অধ্যাপিকাগৰাকীক বৰ্খাস্ত কৰা বুলি জানিবলৈ পোৱা গৈছে। এই বিষয়ে অভিযোগ কৰাৰ পাছত বিশ্ববিদ্যালয়খনে তেওঁক ক্ষতিপূৰণ হিচাপে ১ কোটি টকা পৰিশোধ কৰিছে। মনকৰিবলগীয়া যে, এনেট প্লুটে ২৯ বছৰৰো অধিক সময় ধৰি এক্সেটাৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপনা কৰি আহিছিল। কিন্তু তেওঁক হঠাতে উচ্চস্বৰত কথা কোৱা বাবে বিশ্ববিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰা হৈছিল। প্ৰথমতে বিশ্ববিদ্যালয়খনে যুক্তি দিছিল যে, দুগৰাকী গৱেষক শিক্ষাৰ্থীৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ বাবেই তেওঁক বৰ্খাস্ত কৰা হৈছিল। ৫৯ বছৰীয়া এনেটে কয়, এজন মধ্য-ইউৰোপীয় ইহুদী হোৱাৰ বাবে স্বাভাৱিকতে তেওঁৰ কণ্ঠস্বৰ উচ্চ আৰু সেইকাৰণে তেওঁক বৰ্খাস্ত কৰা বুলি দাবী কৰিছিল অধ্যাপিকাগৰাকীয়ে। তথাপি, বিশ্ববিদ্যালয়খনৰ দাবী তেওঁক বৰ্খাস্ত কৰাৰ আঁৰত জাতি, অৰ্হতা বা লিংগৰ কোনো সম্পৰ্ক নাই। বিতৰ্কিত বৰ্খাস্তৰ পাছত, এনেটে বিশ্ববিদ্যালয়খনক প্ৰতিষ্ঠানগতভাৱে অচেতন আৰু পক্ষপাতদুষ্ট বুলি বৰ্ণনা কৰে। তেওঁ কৈছিল যে, যেতিয়া তেওঁ নিউয়ৰ্ক আৰু জাৰ্মানীত বাস কৰিছিল। তেতিয়া তেওঁৰ উচ্চ কণ্ঠস্বৰৰ বাবে কাৰো কোনো সমস্যা হোৱা নাছিল। একো উপায় নাপাই অৱশেষত আদালতৰ কাষ চাপে তেওঁ। বিচাৰকসকলে এনেটৰ পক্ষত দিছিল ৰায়। পুনৰ নিযুক্তিৰ উপৰিও, আদালতে বিশ্ববিদ্যালয়খনে এনেটক ১লাখ টকাৰ ক্ষতিপূৰণ দিবলৈও নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ