--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় ফৰাচী অভিনেতা গেস্পাৰ্ড উলিয়েলৰ মৃত্যু। ফৰাচী সংবাদ মাধ্যমে বুধবাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি চেনেল পাৰফিউম বিজ্ঞাপনত অভিনয় কৰা আৰু ২০১৪ চনৰ এখন জীৱনীমূলক ছবিত ফেশ্বন ডিজাইনাৰ য়ভেছ ছেইণ্ট লৰেণ্টৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে জনাজাত ফৰাচী অভিনেতা গেস্পাৰ্ড উলিয়েলৰ ৩৭ বছৰ বয়সত আল্পছত সংঘটিত এক স্কি দুৰ্ঘটনাৰ ফলত মৃত্যু হয়। পৰিচালক জেভিয়াৰ ড'লানৰ এখন চলচ্চিত্ৰ "ইটছ অ'নলি দ্য এণ্ড অফ দা ৱৰ্ল্ড"ত কৰা অভিনয়ৰ বাবে গেস্পাৰ্ড উলিয়েলে ২০১৭ চনত শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ফৰাচী চিজাৰ বঁটা লাভ কৰিছিল। গেস্পাৰ্ড উলিয়েল আছিল ফ্ৰান্সৰ এজন জনপ্ৰিয় অভিনেতা। ফ্ৰান্সৰ বিত্তমন্ত্ৰী ব্ৰুনো লে মাইৰে টুইটাৰত পোষ্ট কৰি কয়, "ফৰাচী চিনেমাই এক বিশাল প্ৰতিভা হেৰুৱাইছে, যি আছিল আকৰ্ষণ আৰু শক্তিৰে পৰিপূৰ্ণ।" মঙলবাৰে আবেলি গেস্পাৰ্ড উলিয়েলে পূৱ ফ্ৰান্সৰ মণ্টভালেজান চহৰত স্কি ট্ৰেইল কৰি আছিল। হঠাতে এটা মধ্যৱৰ্তী ঢালত আন এজন স্কিয়াৰৰ সৈতে অভিনেতাজনৰ সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষৰ পিছত উলিয়েল অচেতন হৈ পৰিছিল আৰু তেওঁক হেলিকপ্টাৰেৰে গ্ৰেনোবল চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য'ত বুধবাৰে তেওঁৰ মৃত্যু হয়। আনজন স্কিয়াৰ কিন্তু আঘাতপ্ৰাপ্ত হোৱা নাছিল। উল্লেখ্য যে ডিজনী+ হটষ্টাৰত প্ৰিমিয়াৰ হ'বলগীয়া মাৰ্ভেল মিনি শৃংখলা মুন নাইটত গেস্পাৰ্ড উলিয়েলক এণ্টন মোগাৰ্ট নামৰ এটা চৰিত্ৰত দেখা যাব। গেস্পাৰ্ড উলিয়েলৰ অকাল মৃত্যুত সমগ্ৰ ফ্ৰান্সতে শোকৰ ছাঁ পৰাৰ লগতে তেওঁৰ অনুৰাগীসকল দুখত ভাগি পৰিছে। আৰু পঢ়কঃ পেৰা অলিম্পিকত স্বৰ্ণ পদক জয়ী অৱনী লেখাৰালৈ মহিন্দ্ৰাৰ বিলাসী বাহন উপহাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ