--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় ফৰাচী অভিনেতা গেস্পাৰ্ড উলিয়েলৰ মৃত্যু। ফৰাচী সংবাদ মাধ্যমে বুধবাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি চেনেল পাৰফিউম বিজ্ঞাপনত অভিনয় কৰা আৰু ২০১৪ চনৰ এখন জীৱনীমূলক ছবিত ফেশ্বন ডিজাইনাৰ য়ভেছ ছেইণ্ট লৰেণ্টৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে জনাজাত ফৰাচী অভিনেতা গেস্পাৰ্ড উলিয়েলৰ ৩৭ বছৰ বয়সত আল্পছত সংঘটিত এক স্কি দুৰ্ঘটনাৰ ফলত মৃত্যু হয়। পৰিচালক জেভিয়াৰ ড'লানৰ এখন চলচ্চিত্ৰ "ইটছ অ'নলি দ্য এণ্ড অফ দা ৱৰ্ল্ড"ত কৰা অভিনয়ৰ বাবে গেস্পাৰ্ড উলিয়েলে ২০১৭ চনত শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ফৰাচী চিজাৰ বঁটা লাভ কৰিছিল। গেস্পাৰ্ড উলিয়েল আছিল ফ্ৰান্সৰ এজন জনপ্ৰিয় অভিনেতা। ফ্ৰান্সৰ বিত্তমন্ত্ৰী ব্ৰুনো লে মাইৰে টুইটাৰত পোষ্ট কৰি কয়, "ফৰাচী চিনেমাই এক বিশাল প্ৰতিভা হেৰুৱাইছে, যি আছিল আকৰ্ষণ আৰু শক্তিৰে পৰিপূৰ্ণ।" মঙলবাৰে আবেলি গেস্পাৰ্ড উলিয়েলে পূৱ ফ্ৰান্সৰ মণ্টভালেজান চহৰত স্কি ট্ৰেইল কৰি আছিল। হঠাতে এটা মধ্যৱৰ্তী ঢালত আন এজন স্কিয়াৰৰ সৈতে অভিনেতাজনৰ সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষৰ পিছত উলিয়েল অচেতন হৈ পৰিছিল আৰু তেওঁক হেলিকপ্টাৰেৰে গ্ৰেনোবল চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য'ত বুধবাৰে তেওঁৰ মৃত্যু হয়। আনজন স্কিয়াৰ কিন্তু আঘাতপ্ৰাপ্ত হোৱা নাছিল। উল্লেখ্য যে ডিজনী+ হটষ্টাৰত প্ৰিমিয়াৰ হ'বলগীয়া মাৰ্ভেল মিনি শৃংখলা মুন নাইটত গেস্পাৰ্ড উলিয়েলক এণ্টন মোগাৰ্ট নামৰ এটা চৰিত্ৰত দেখা যাব। গেস্পাৰ্ড উলিয়েলৰ অকাল মৃত্যুত সমগ্ৰ ফ্ৰান্সতে শোকৰ ছাঁ পৰাৰ লগতে তেওঁৰ অনুৰাগীসকল দুখত ভাগি পৰিছে। আৰু পঢ়কঃ পেৰা অলিম্পিকত স্বৰ্ণ পদক জয়ী অৱনী লেখাৰালৈ মহিন্দ্ৰাৰ বিলাসী বাহন উপহাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু