--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ হত্যাৰ বলি হ’ল উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তা। তাকো নিজৰ স্বামীৰ হাততে প্ৰাণ হেৰুৱালে অধিবক্তা পত্নীয়ে। কোটিটকীয়া  এটা বাংলো বিক্ৰীক লৈ হোৱা বিবাদৰ বাবেই উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা অধিবক্তাক হত্যা কৰা হৈছে বুলি অভিযোগ উঠিছে। 

স্বামীৰ বিৰুদ্ধে তেওঁৰ পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে। অভিযুক্তজনে তেওঁৰ পত্নীৰ মৃতদেহ নয়ডাৰ বাংলোৰ শৌচালয়ত লুকুৱাই ৰাখিছিল। হত্যাৰ পিছত তেওঁ বাংলোটোৰ এটা কোঠাত   প্ৰায় ৩৬ ঘণ্টা লুকাই আছিল। অৱশ্যে দিল্লী আৰক্ষীয়ে ফোন  ট্ৰেক কৰি  অভিযুক্ত স্বামীক  আটক কৰিবলৈ সক্ষম হৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি, ৬১ বছৰীয়া অধিবক্তা  ৰেণু সিনহাক তেওঁৰ স্বামীয়ে হত্যা কৰিছে।  নয়ডাৰ চেক্টৰ ৩০ ত থকা তেওঁলোকৰ বাংলোৰ শৌচালয়ৰ পৰা ৰেণু সিনহাৰ  মৃতদেহ উদ্ধাৰ কৰা হৈছে। 

দম্পতীহালে বাংলোটোত বহু দুনৰে পৰা বাস কৰি আছিল।তেওঁলোকৰ একমাত্ৰ পুত্ৰ দেশৰ বাহিৰত থাকে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  বাংলোটো বিক্ৰী কৰাকলৈয়েই  ৰেণুৰ স্বামী নীতিন নাথ সিনহাৰ সৈতে বিবাদ হৈছিল। বাংলোটো বিক্ৰীত  ৰেণুৰ আপত্তি আছিল। আনহাতে নিটিনে তেওঁৰ সম্পত্তি বিক্ৰী কৰাৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়িছে। তেওঁ ক্ৰেতাৰ পৰা আগধনো হৈছিল। এইক্ষেত্ৰত তেওঁ তেওঁৰ পত্নীক হত্যা কৰি বাটকৰ কাঁইট আঁতৰাব বিচাৰিছিল।

দুদিন ধৰি ৰেণুক তেওঁৰ ভায়েে  ফোনত  পোৱা নাছিল। তেওঁ পিছত  আৰক্ষীক বিষয়টো অৱগত কৰে। একেদিনাই আৰক্ষীয়ে বাংলোটোৰ শৌচালয়ৰ পৰা ৰেণুৰ মৃতদেহ উদ্ধাৰ কৰে। অৱশ্যে, নিতিনক প্ৰথমে আৰক্ষীয়ে  বিচাৰি পোৱা নাছিল। তেওঁ বাংলোটোৰ এটা সৰু কোঠাত লুকাই আছিল। অৱশেষত বহু সময়ৰ পিছত আৰক্ষীয়ে মোবাইল ফোন ট্ৰেক কৰি অভিযুক্তজনক আটক কৰে। নিতিনক ইতিমধ্যে  গ্ৰেপ্তাৰ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব