--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ হত্যাৰ বলি হ’ল উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তা। তাকো নিজৰ স্বামীৰ হাততে প্ৰাণ হেৰুৱালে অধিবক্তা পত্নীয়ে। কোটিটকীয়া  এটা বাংলো বিক্ৰীক লৈ হোৱা বিবাদৰ বাবেই উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা অধিবক্তাক হত্যা কৰা হৈছে বুলি অভিযোগ উঠিছে। 

স্বামীৰ বিৰুদ্ধে তেওঁৰ পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে। অভিযুক্তজনে তেওঁৰ পত্নীৰ মৃতদেহ নয়ডাৰ বাংলোৰ শৌচালয়ত লুকুৱাই ৰাখিছিল। হত্যাৰ পিছত তেওঁ বাংলোটোৰ এটা কোঠাত   প্ৰায় ৩৬ ঘণ্টা লুকাই আছিল। অৱশ্যে দিল্লী আৰক্ষীয়ে ফোন  ট্ৰেক কৰি  অভিযুক্ত স্বামীক  আটক কৰিবলৈ সক্ষম হৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি, ৬১ বছৰীয়া অধিবক্তা  ৰেণু সিনহাক তেওঁৰ স্বামীয়ে হত্যা কৰিছে।  নয়ডাৰ চেক্টৰ ৩০ ত থকা তেওঁলোকৰ বাংলোৰ শৌচালয়ৰ পৰা ৰেণু সিনহাৰ  মৃতদেহ উদ্ধাৰ কৰা হৈছে। 

দম্পতীহালে বাংলোটোত বহু দুনৰে পৰা বাস কৰি আছিল।তেওঁলোকৰ একমাত্ৰ পুত্ৰ দেশৰ বাহিৰত থাকে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  বাংলোটো বিক্ৰী কৰাকলৈয়েই  ৰেণুৰ স্বামী নীতিন নাথ সিনহাৰ সৈতে বিবাদ হৈছিল। বাংলোটো বিক্ৰীত  ৰেণুৰ আপত্তি আছিল। আনহাতে নিটিনে তেওঁৰ সম্পত্তি বিক্ৰী কৰাৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়িছে। তেওঁ ক্ৰেতাৰ পৰা আগধনো হৈছিল। এইক্ষেত্ৰত তেওঁ তেওঁৰ পত্নীক হত্যা কৰি বাটকৰ কাঁইট আঁতৰাব বিচাৰিছিল।

দুদিন ধৰি ৰেণুক তেওঁৰ ভায়েে  ফোনত  পোৱা নাছিল। তেওঁ পিছত  আৰক্ষীক বিষয়টো অৱগত কৰে। একেদিনাই আৰক্ষীয়ে বাংলোটোৰ শৌচালয়ৰ পৰা ৰেণুৰ মৃতদেহ উদ্ধাৰ কৰে। অৱশ্যে, নিতিনক প্ৰথমে আৰক্ষীয়ে  বিচাৰি পোৱা নাছিল। তেওঁ বাংলোটোৰ এটা সৰু কোঠাত লুকাই আছিল। অৱশেষত বহু সময়ৰ পিছত আৰক্ষীয়ে মোবাইল ফোন ট্ৰেক কৰি অভিযুক্তজনক আটক কৰে। নিতিনক ইতিমধ্যে  গ্ৰেপ্তাৰ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা