--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড – ইছাক-মুইভা, চমুকৈ (এন এছ চি এন-আই এম)য়ে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে। শনিবাৰে (৯ ছেপ্টেম্বৰ) প্ৰকাশ কৰা এক বিবৃতিত কয় যে সাত দশক পুৰণি নগা ৰাজনৈতিক সংঘাতৰ সমাধান  নগাসকলৰ বাবে পৃথক পতাকা আৰু সংবিধানৰ অবিহনে ভাৰতীয় সংবিধানৰ অধীনত সম্ভৱ নহয়।

কেন্দ্ৰীয় চৰকাৰে বিদ্ৰোহী গোটটোৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰাৰ কিছুদিন পিছতে এই বিবৃতি প্ৰকাশ কৰিছে। এন এছ চি এন-আই এমৰ মতে ৮ ছেপ্টেম্বৰত সেনাপতিস্থিত (মণিপুৰত) মায়ংখাঙত অনুষ্ঠিত হোৱা পৰামৰ্শমূলক বৈঠকৰ শেষত এইটোৱেই আছিল “সুসংহত কণ্ঠ” নগা ৰাজনৈতিক বিষয় বুলি 'ডেকান হেৰাল্ড’ত প্ৰকাশ পাইছে।

২০১৫ চনৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰিত ‘ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট’ৰ মূল বিষয়সমূহৰ কাষত থিয় দিয়াৰ সংকল্পৰে বৈঠকৰ সামৰণি পৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

২৫ আগষ্টত দিল্লীত সংঘই সংগঠনটোৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰাৰ পিছত এন এছ চি এন-আই এমৰ এইটোৱেই আছিল প্ৰথম বক্তব্য।

মণিপুৰৰ পাহাৰত থকা সম্প্ৰদায়টোৰ চুবুৰীয়া কুকিসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা “বিচ্ছিন্ন প্ৰশাসন”ৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে নগা আলোচনা আৰম্ভ কৰিছে।

এন এছ চি এন-আই এমকে ধৰি নগা গোটসমূহে দাবী কৰে যে নগাসকল কেতিয়াও ভাৰতৰ অংশ নাছিল আৰু ১৯৪৭ চনৰ ১৪ আগষ্টত “স্বাধীনতা” ঘোষণা কৰিছিল।১৯৯৭ চনত যুদ্ধবিৰতিত প্ৰৱেশ কৰাৰ পূৰ্বে এন এছ চি এন-আই এমে দশক দশক ধৰি বিদ্ৰোহী আন্দোলনৰ নেতৃত্ব দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক