--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহে ৰুদ্ৰাক্ষ পিন্ধিবলৈ ভালপায়। বহুলোকে এয়া ধাৰ্মিক ভিত্তিত পিন্ধে আৰু কিছুমানে ফেশ্বন হিচাপে পিন্ধে। শাস্ত্ৰত ৰুদ্ৰাক্ষৰ বিশেষ গুৰুত্ব আছে। ভগৱান শিৱৰ চকুলোৰ পৰাই ৰুদ্ৰাক্ষৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয় আৰু ৰুদ্ৰাক্ষ ভগৱান শিৱৰ অতি প্ৰিয়। কোৱা হয় যে যিয়ে ৰুদ্ৰাক্ষক পিন্ধে তেওঁ ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ পায়। 

শাস্ত্ৰত ৰুদ্ৰাক্ষক অতি অলৌকিক বুলি গণ্য কৰা হৈছে। একমুখী ৰুদ্ৰাক্ষৰ পৰা ২১মুখী ৰুদ্ৰাক্ষলৈকে পোৱা যায় আৰু সকলোৰে গুৰুত্ব বেলেগ বেলেগ। ৰুদ্ৰাক্ষ পিন্ধাৰ আগতে ইয়াৰ গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে জানো আহক।

ৰুদ্ৰাক্ষ পৰিধানৰ নিয়ম জনাটো উচিত

- ৰুদ্ৰাক্ষ প্ৰথমবাৰলৈ পিন্ধোতে পুৱা পিন্ধিব। ইয়াৰ বাবে ৰুদ্ৰাক্ষ মন্ত্ৰ আৰু ৰুদ্ৰাক্ষ মূল মন্ত্ৰ ৯ বাৰ জপ কৰক। জ্যোতিষৰ মতে, ৰুদ্ৰাক্ষ এবাৰ খুলিলে পূজাস্থলীৰ দৰে পবিত্ৰ স্থানত ৰাখিব লাগে।

- কোনো ব্যক্তিয়ে কেতিয়াও ৰুদ্ৰাক্ষ পিন্ধি শ্মশানলৈ যোৱা উচিত নহয়। 

- জ্যোতিষৰ মতে ৰুদ্ৰাক্ষক তুলসী মালাৰ দৰে পবিত্ৰ বুলি গণ্য কৰা হয়। সেইবাবেই ৰুদ্ৰাক্ষ পিন্ধি মাছ-মাংস আৰু মদ একেবাৰে সেৱন কৰিব নালাগে।

- স্নান নকৰাকৈ ৰুদ্ৰাক্ষক স্পৰ্শ কৰিব নালাগে বুলি কোৱা হয়। গা ধোৱাৰ পিছত শুদ্ধ কৰাৰ পিছতহে পিন্ধিব লাগে।

- মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত ৰুদ্ৰাক্ষ পৰিধান কৰিব নালাগে।

-  ইয়াৰ বাহিৰেও নৱজাতকৰ জন্মৰ সময়ত বা আনকি নৱজাত শিশু থকা ঠাইত ভুলতো ৰুদ্ৰাক্ষ পিন্ধিব নালাগে।

- ৰুদ্ৰাক্ষ সদায় বিষম সংখ্যাতহে ৰাখিব লাগে। কিন্তু মালাত ২৭টাতকৈ কম গুটি থাকিব নালাগে।

- ৰুদ্ৰাক্ষ সদায় কেৱল ৰঙা বা হালধীয়া সূতাৰে পিন্ধিব লাগে। কেতিয়াও ক’লা সূতাত পিন্ধিব নালাগে। ইয়াৰ অশুভ প্ৰভাৱ পৰে।

-  ৰুদ্ৰাক্ষ পিন্ধি ভগৱান শিৱৰ ধ্যান কৰক। লগতে ভগৱান শিৱৰ আদিমন্ত্ৰ ঔম নমঃ শিৱায় জপ কৰক।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু