--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটিল৷ স্বাভিমানী মাৰাঠী জাতীয়তাবাদৰ অন্যতম পৃষ্ঠপোষক উদ্ধৱ থাকৰেয়ে শিৰনত কৰিলে বিসম্বাদী একনাথ সিন্দেৰ ৰাজনীতিৰ ওচৰত৷ বিজেপিৰ আগ্ৰাসী ৰাজনীতিয়ে দেশৰ আঞ্চলিক শক্তিসমূহক ক্ৰমশ: নিশকতীয়া কৰি অহাৰ সময়তে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক বিসম্বাদ আছিল বিশেষভাৱে লক্ষ্যণীয়৷


লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ আভ্যন্তৰীণ ৰাজনীতিক কূটনৈতিক কৌশলেৰে বিজেপিয়ে প্ৰভাৱিত কৰিব বিচৰা বিষয়টোত নাছিল কোনো অস্বাভাৱিকতা৷ একনাথৰ মন আৰু মগজুত বিসম্বাদৰ চিন্তাটো সুমুৱাই যেন নাচৰ পুতলা কৰি তোলা হ’ল উদ্ধৱ থাকৰেক৷ আৰু অদৃশ্য ৰচী চলালে বিজেপিয়ে৷ দেৱেন্দ্ৰ ফাড়নবিশক সন্মুখত ৰাখি বিসম্বাদৰ জৰিয়তে উদ্ধৱ থাকৰেক আঁতৰাবলৈ ৰটা সকলো কূটকৌশলৰ আজি আনুষ্ঠানিক অৱসান ঘটিল৷

 

অপ্ৰত্যাশিতভাৱে মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰি গ’ল বলিষ্ঠ জাতীয়তাবাদী নেতা উদ্ধৱ থাকৰে৷ যদিও একনাথ সিন্দেই ইজনৰ পিছত সিজন বিধায়কক নিজৰ পক্ষলৈ নি উদ্ধৱ বাহিনীৰ ‘প্ৰেছাৰ’ বৃদ্ধি কৰিছিল, তথাপি ভবা হৈছিল শাৰদ পাৱাৰৰ সহযোগ আৰু মন্ত্ৰণাত এই স্নায়ুযুঁজত জয়ী হ’ব উদ্ধৱ থাকৰে৷ কিন্তু, ভবাধৰণে কথাবোৰ নহ’লগৈ৷ উচ্চতম ন্যায়ালয়ে আস্থা ভোটৰ সিদ্ধান্ত দিয়াৰ কিছুসময় পাছতেই ফেচবুক লাইভযোগে পদত্যাগ ঘোষণা কৰে উদ্ধৱ থাকৰেয়ে৷ 

 

উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ বিধানসভাত আস্থাভোট স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰাৰ কেইমিনিটমান পাছতেই নাটকীয়ভাৱে পদত্যাগ ঘোষণা কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ উদ্ধৱ থাকৰেয়ে আজি তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক কৈছিল যে যদি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত তেওঁৰ চৰকাৰৰ বিৰুদ্ধে যায়, তেন্তে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব। ভিডিঅ’ সম্বোধনৰ জৰিয়তে তেওঁৰ সিদ্ধান্ত ঘোষণা কৰি উদ্ধৱ ঠাকৰেয়ে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক তেওঁলোকৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

 

পদত্যাগৰ কথা ঘোষণা কৰি তেওঁ কয়, দুৰ্ভাগ্যই আমাৰ চৰকাৰক আঘাত কৰিছে৷ উদ্ধৱ থাকৰেয়ে সিন্দে গোটৰ প্ৰতি হতাশা ব্যক্ত কৰি কয় যে তেওঁ বিসম্বাদী বিধায়কসকলক তেওঁলোকে বিচৰা সকলোখিনি দিছিল। 

 

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক কাইলৈ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ কৈছিল। ইয়াৰ প্ৰত্যুত্তৰত শিৱসেনাৰ মুখ্য হুইপ সুনীল প্ৰভুৱে মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাদী (এমভিএ) চৰকাৰক বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আৰু, সেই আবেদন অগ্ৰাহ্য কৰি উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ সিদ্ধান্ত দিয়াৰ পাছতেই পদত্যাগ কৰিলে এসময়ৰ প্ৰবল প্ৰতাপী জাতীয়তাবাদী নেতাগৰাকীয়ে৷



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?