--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটিল৷ স্বাভিমানী মাৰাঠী জাতীয়তাবাদৰ অন্যতম পৃষ্ঠপোষক উদ্ধৱ থাকৰেয়ে শিৰনত কৰিলে বিসম্বাদী একনাথ সিন্দেৰ ৰাজনীতিৰ ওচৰত৷ বিজেপিৰ আগ্ৰাসী ৰাজনীতিয়ে দেশৰ আঞ্চলিক শক্তিসমূহক ক্ৰমশ: নিশকতীয়া কৰি অহাৰ সময়তে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক বিসম্বাদ আছিল বিশেষভাৱে লক্ষ্যণীয়৷


লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ আভ্যন্তৰীণ ৰাজনীতিক কূটনৈতিক কৌশলেৰে বিজেপিয়ে প্ৰভাৱিত কৰিব বিচৰা বিষয়টোত নাছিল কোনো অস্বাভাৱিকতা৷ একনাথৰ মন আৰু মগজুত বিসম্বাদৰ চিন্তাটো সুমুৱাই যেন নাচৰ পুতলা কৰি তোলা হল উদ্ধৱ থাকৰেক৷ আৰু অদৃশ্য ৰচী চলালে বিজেপিয়ে৷ দেৱেন্দ্ৰ ফাড়নবিশক সন্মুখত ৰাখি বিসম্বাদৰ জৰিয়তে উদ্ধৱ থাকৰেক আঁতৰাবলৈ ৰটা সকলো কূটকৌশলৰ আজি আনুষ্ঠানিক অৱসান ঘটিল৷

 

অপ্ৰত্যাশিতভাৱে মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰি গল বলিষ্ঠ জাতীয়তাবাদী নেতা উদ্ধৱ থাকৰে৷ যদিও একনাথ সিন্দেই ইজনৰ পিছত সিজন বিধায়কক নিজৰ পক্ষলৈ নি উদ্ধৱ বাহিনীৰ প্ৰেছাৰবৃদ্ধি কৰিছিল, তথাপি ভবা হৈছিল শাৰদ পাৱাৰৰ সহযোগ আৰু মন্ত্ৰণাত এই স্নায়ুযুঁজত জয়ী হব উদ্ধৱ থাকৰে৷ কিন্তু, ভবাধৰণে কথাবোৰ নহলগৈ৷ উচ্চতম ন্যায়ালয়ে আস্থা ভোটৰ সিদ্ধান্ত দিয়াৰ কিছুসময় পাছতেই ফেচবুক লাইভযোগে পদত্যাগ ঘোষণা কৰে উদ্ধৱ থাকৰেয়ে৷ 

 

উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ বিধানসভাত আস্থাভোট স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰাৰ কেইমিনিটমান পাছতেই নাটকীয়ভাৱে পদত্যাগ ঘোষণা কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ উদ্ধৱ থাকৰেয়ে আজি তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক কৈছিল যে যদি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত তেওঁৰ চৰকাৰৰ বিৰুদ্ধে যায়, তেন্তে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব। ভিডিঅসম্বোধনৰ জৰিয়তে তেওঁৰ সিদ্ধান্ত ঘোষণা কৰি উদ্ধৱ ঠাকৰেয়ে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক তেওঁলোকৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

 

পদত্যাগৰ কথা ঘোষণা কৰি তেওঁ কয়, দুৰ্ভাগ্যই আমাৰ চৰকাৰক আঘাত কৰিছে৷ উদ্ধৱ থাকৰেয়ে সিন্দে গোটৰ প্ৰতি হতাশা ব্যক্ত কৰি কয় যে তেওঁ বিসম্বাদী বিধায়কসকলক তেওঁলোকে বিচৰা সকলোখিনি দিছিল। 

 

উল্লেখযোগ্য যেমহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক কাইলৈ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ কৈছিল। ইয়াৰ প্ৰত্যুত্তৰত শিৱসেনাৰ মুখ্য হুইপ সুনীল প্ৰভুৱে মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাদী (এমভিএ) চৰকাৰক বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আৰু, সেই আবেদন অগ্ৰাহ্য কৰি উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ সিদ্ধান্ত দিয়াৰ পাছতেই পদত্যাগ কৰিলে এসময়ৰ প্ৰবল প্ৰতাপী জাতীয়তাবাদী নেতাগৰাকীয়ে৷



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান