--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক লৈ তৃণমূলৰ সাংসদ মহুয়া মৈত্ৰই বিজেপিক লক্ষ্য কৰি লৈছিল। সোমবাৰে তেওঁ মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে টুইট কৰে আৰু পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীক সমালোচনা কৰে। বিজেপিয়ে পৰোক্ষভাৱে ঘোঁৰা কিনা-বেছা ৰাজনীতিত নামিছে বুলি অভিযোগ উত্থাপন কৰি মহুয়া মৈত্ৰই কয় যে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলৰ কোনো কোঠা ৩০ জুনলৈকে খালী নাই। 

একে সময়তে, বিদেশৰ মাটিত ভাৰতৰ জৰুৰীকালীন অৱস্থা সন্দৰ্ভত হোৱা আলোচনাক লৈ তৃণমূলৰ সাংসদজনে প্ৰধানমন্ত্ৰীক তীব্ৰ ভাষাত আক্ৰমণ কৰে। প্ৰধানমন্ত্ৰীয়ে বিদেশৰ মাটিত ভাৰতৰ জৰুৰীকালীন অৱস্থা সন্দৰ্ভত আলোচনা কৰিব পাৰে, কিন্তু চৰকাৰৰ বিৰুদ্ধে মুখ খুলিলে বিৰোধীপক্ষক কিয় "বিশ্বাসঘাতক" বুলি অভিহিত কৰা হয় বুলি তেওঁ প্ৰশ্ন কৰে।

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি অধিক জটিল হৈ পৰিছে।  বিদ্ৰোহী নেতা একনাথ চিন্দে শিবিৰে বিধায়ক পদ বৰ্খাস্তৰ জাননীক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতৰ কাষ চাপিছে। বৰ্তমান বিদ্ৰোহী বিধায়কসকল ৰেডিচন ব্লু হোটেল অৱস্থান কৰি আছে।  তৃণমূলৰ সাংসদ মহুয়া মৈত্ৰই টুইট কৰি হোটেলখনত বিদ্ৰোহী বিধায়কসকলৰ বাবে আন লোকসকলৰ বাবেও অসুবিধা হৈছে।

মহুয়া মৈত্ৰই টুইটত কি কৈছিল?
তৃণমূলৰ সাংসদগৰাকীয়ে লিখিছিল, "৩০ জুনলৈকে হোটেল কৰ্তৃপক্ষই কৈছে যে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত কোনো খালী কোঠা নাই। "

মহাৰাষ্ট্ৰৰ লগতে তৃণমূলৰ সাংসদগৰাকীয়ে বিদেশত জৰুৰীকালীন অৱস্থাসন্দৰ্ভত আলোচনাৰ বিষয়টো সন্দৰ্ভত এক টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লক্ষ্য কৰি লৈছিল। এক টুইটযোগে মহুয়াই কয়, "জাৰ্মানীত প্ৰধানমন্ত্ৰীয়ে দেশখনত জৰুৰীকালীন অৱস্থাৰ বিষয়ে আলোচনা কৰে। তেওঁ ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাক গণতন্ত্ৰৰ বাবে এক ক'লা দিন বুলিও বৰ্ণনা কৰিছিল। ইয়াত আমাৰ কৱ লগা নাই। কিন্তু যেতিয়া বিৰোধীয়ে দেশৰ অঘোষিত জৰুৰীকালীন অৱস্থা বিদেশী সংবাদ মাধ্যমৰ ওচৰত উপস্থাপন কৰে, তেতিয়া তেওঁলোকে বিৰোধীক দোষাৰোপ কৰে। বিৰোধীক বিশ্বাসঘাতক বুলি আখ্যা দিয়া হয়। 

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী বৰ্তমান জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জাৰ্মানীত আছে। তাত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ ১৯৭৫ চনত ভাৰতত জৰুৰীকালীন অৱস্থাৰ কথা উত্থাপন কৰে। মোদীয়ে এইটোও কৈছিল যে জৰুৰীকালীন অৱস্থা ঘোষণাৰ দিনটো গণতন্ত্ৰৰ বাবে এটা ক'লা দিন আছিল। তেওঁ বিদেশৰ মাটিত থিয় হৈ কয়, "৪৭ বছৰ আগতে, ২৫ জুনত ভাৰতৰ গণতন্ত্ৰ দমন কৰা হৈছিল। জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। এইটো ভাৰতৰ ইতিহাসত এটা ক'লা দিন হিচাপে জনাজাত। কিন্তু ভাৰতৰ মানুহে গণতন্ত্ৰৰ ওপৰত বিশ্বাস ৰাখিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
কিয় প্ৰতিদিনে কৰা উচিত সূৰ্য নমস্কাৰ? ইয়াৰ লাভালাভ জানিলে আচৰিত হ’ব
শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত দ্য গ্ৰেট খালি; দুটা দিন বানাক্ৰান্ত ৰাইজক আগবঢ়াব সাহায্য
বাক্সাৰ বিদ্যালয়ত ২২ ছাত্ৰীৰ অস্বাভাৱিক আচৰণক লৈ ৰহস্য! ভূতৰ আতংকত কম্পমান অঞ্চলবাসী
ট্ৰাম্প-নাটালিক লৈ তুংগত চৰ্চা! কোন এই নাটালি, যিয়ে কম সময়তে লাভ কৰিলে ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ মহলত বিশেষ স্থান?
লং খায়নে? এই মছলাবিধৰ আছে নানা উপকাৰী গুণাগুণ
চেন্নাইস্থিত চিএছআইআৰ-এছইআৰচি ভ্ৰমণ অসমৰ সংবাদ মাধ্যমৰ সম্পাদক-প্ৰতিনিধি দলৰ
চকুত কাপোৰ বান্ধি ৫৫ ছেকেণ্ডতে ১৪ গৰাকী মহান ব্যক্তিৰ ছবি চিনাক্ত! 'অসম বুক অৱ ৰেকৰ্ডছ'ত নাম অন্তৰ্ভুক্ত গৌৰীপুৰৰ কণমানি ইফা হকৰ
সৰুপথাৰত মৰ্মান্তিক ঘটনা; মুকলিকৈ পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি শিশুৰ মৃত্যু
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰতিবেদন; লালকিল্লাত বিস্ফোৰণ ঘটাইছিল আল-কায়দাই
গ্রাহকলৈ ‘ৰিলায়েন্স ডিজিটেল’ৰ বিশেষ অফাৰ
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে