--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন শান্ত হৈ থকাৰ পিছত পুনৰ উত্তপ্ত হৈ পৰিছে মাওবাদী অধ্যুষিত ৰাজ্য  ছত্তীশগড়৷ বুধবাৰে নক্সালৰ আক্ৰমণত  কঁপি উঠিল ছত্তীশগড়ৰ দান্তেৱাড়া৷ আজি নক্সালৰ ভয়ংকৰ আক্ৰমণত নিহত হয়  ডিষ্ট্ৰিক  ৰিজাৰ্ভ গাৰ্ডৰ (ডিআৰজি) দহজনকৈ জোৱানৰ লগতে  তেওঁলোকে যাত্ৰা কৰি থকা বাহনখনৰ চালকজন৷ 

শেহতীয়াকৈ পোৱা তথ্য অনুসৰি ডিআৰজিৰ জোৱানসকলে নক্সালবাদীৰ উপস্থিতিৰ খবৰ লাভ কৰাৰ পিছতে দান্তেৱাড়াৰ আৰণপুৰ অঞ্চললৈ গৈছিল৷ তেওঁলোকে অঞ্চলটোত বিদ্ৰোহী  বিৰোধী অভিযান সমাপ্ত কৰি উভতি অহাৰ পথতে  অঘটনটো ঘটে। অঞ্চলটোৰ পৰা উভতি অহাৰ সময়ত ডিআৰজি বাহিনীৰ বাহনখন মাওবাদীয়ে স্থাপন কৰি থোৱা আইইডিৰ বিস্ফোৰণত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

 আৰক্ষীয়ে  প্ৰকাশ কৰা মতে নক্সাল বিদ্ৰোহীয়ে পথৰ মাজত বিস্ফোৰক সামগ্ৰী পুতি ৰাখিছিল৷   নক্সালৰ আইইডি বিস্ফোৰণত ডিআৰজি বাহিনীৰ দহজন জোৱান আৰু বাহনখনৰ চালকজন নিহত হয়৷ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে আক্ৰমণত জড়িত নক্সালসকলক এৰি দিয়া নহ'ব৷ তেওঁ কয় "আমাৰ নক্সালৰ বহু  তথ্য আছে। 

এয়া  বৰ দুখজনক ঘটনা। শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জনাইছো। নক্সালৰ বিৰুদ্ধে চলা যুঁজখন অন্তিম পৰ্যায়ত আছে। নক্সালসকলক এৰি দিয়া নহ'ব," । ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছতীশগড়ৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি ঘটনাটোৰ বুজ লয়৷ইফালে এই ঘটনাৰ পিছতে ছত্তীশগড়ৰ  আইজি সুন্দৰাজে  শীৰ্ষ  আৰক্ষী বিষয়াসকলৰ জৰুৰী  এখন বৈঠক অনুষ্ঠিত কৰিছে।উল্লেখ্য মাও অধ্যুষিত ৰাজ্য সমূহত বিশেষ সুৰক্ষা বাহিনী মোতায়েন কৰি মাওবাদী বিদ্ৰোহীক নিঃশেষ কৰাৰ অভিযান চলি আহিছে৷ ইয়াৰ মাজতে মাওবাদীয়ে চলোৱা কেইবাটাও ভয়ংকৰ আক্ৰমণত এতিয়ালৈকে বহু নিৰাপত্তা কৰ্মী নিহত হৈছে৷ 












FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে