--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন শান্ত হৈ থকাৰ পিছত পুনৰ উত্তপ্ত হৈ পৰিছে মাওবাদী অধ্যুষিত ৰাজ্য  ছত্তীশগড়৷ বুধবাৰে নক্সালৰ আক্ৰমণত  কঁপি উঠিল ছত্তীশগড়ৰ দান্তেৱাড়া৷ আজি নক্সালৰ ভয়ংকৰ আক্ৰমণত নিহত হয়  ডিষ্ট্ৰিক  ৰিজাৰ্ভ গাৰ্ডৰ (ডিআৰজি) দহজনকৈ জোৱানৰ লগতে  তেওঁলোকে যাত্ৰা কৰি থকা বাহনখনৰ চালকজন৷ 

শেহতীয়াকৈ পোৱা তথ্য অনুসৰি ডিআৰজিৰ জোৱানসকলে নক্সালবাদীৰ উপস্থিতিৰ খবৰ লাভ কৰাৰ পিছতে দান্তেৱাড়াৰ আৰণপুৰ অঞ্চললৈ গৈছিল৷ তেওঁলোকে অঞ্চলটোত বিদ্ৰোহী  বিৰোধী অভিযান সমাপ্ত কৰি উভতি অহাৰ পথতে  অঘটনটো ঘটে। অঞ্চলটোৰ পৰা উভতি অহাৰ সময়ত ডিআৰজি বাহিনীৰ বাহনখন মাওবাদীয়ে স্থাপন কৰি থোৱা আইইডিৰ বিস্ফোৰণত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

 আৰক্ষীয়ে  প্ৰকাশ কৰা মতে নক্সাল বিদ্ৰোহীয়ে পথৰ মাজত বিস্ফোৰক সামগ্ৰী পুতি ৰাখিছিল৷   নক্সালৰ আইইডি বিস্ফোৰণত ডিআৰজি বাহিনীৰ দহজন জোৱান আৰু বাহনখনৰ চালকজন নিহত হয়৷ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে আক্ৰমণত জড়িত নক্সালসকলক এৰি দিয়া নহ'ব৷ তেওঁ কয় "আমাৰ নক্সালৰ বহু  তথ্য আছে। 

এয়া  বৰ দুখজনক ঘটনা। শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জনাইছো। নক্সালৰ বিৰুদ্ধে চলা যুঁজখন অন্তিম পৰ্যায়ত আছে। নক্সালসকলক এৰি দিয়া নহ'ব," । ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছতীশগড়ৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি ঘটনাটোৰ বুজ লয়৷ইফালে এই ঘটনাৰ পিছতে ছত্তীশগড়ৰ  আইজি সুন্দৰাজে  শীৰ্ষ  আৰক্ষী বিষয়াসকলৰ জৰুৰী  এখন বৈঠক অনুষ্ঠিত কৰিছে।উল্লেখ্য মাও অধ্যুষিত ৰাজ্য সমূহত বিশেষ সুৰক্ষা বাহিনী মোতায়েন কৰি মাওবাদী বিদ্ৰোহীক নিঃশেষ কৰাৰ অভিযান চলি আহিছে৷ ইয়াৰ মাজতে মাওবাদীয়ে চলোৱা কেইবাটাও ভয়ংকৰ আক্ৰমণত এতিয়ালৈকে বহু নিৰাপত্তা কৰ্মী নিহত হৈছে৷ 












FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন