--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত উফিৰ সমস্যা সাধাৰণতে দেখা যায়। উফিৰ বাবে বহুতেই চুলিৰ ষ্টাইল দিব নোৱাৰে আৰু ভালদৰে চুলি মেলি ৰাখিব নোৱাৰে। শীতৰ শুকান বতৰ আৰু চুলিত জমা হোৱা মলিৰ বাবে উফি হয়। কেতিয়াবা উফিও লাজৰ কাৰণ হৈ পৰে। আহক জানো উফি আঁতৰোৱাৰ কিছুমান ঘৰুৱা উপায়।

১) নিমৰ পেষ্টঃ উফিৰ পৰা পৰিত্ৰাণ পাবলৈ অতীজৰে পৰা মানুহে নিম ব্যৱহাৰ কৰি আহিছে। ইয়াৰ এণ্টিফাংগেল আৰু এণ্টিবেক্টেৰিয়েল গুণ আছে যি উফি আঁতৰোৱাত ফলপ্ৰসূ। উফি আঁতৰাবলৈ নিমৰ পাত পিহি পেষ্ট বনাওক। এই পেষ্টটো চুলিত আধা ঘণ্টামান ৰাখি তাৰ পিছত ধুব।

২) আপেলৰ ভিনেগাৰঃ আপেলৰ ভিনেগাৰ পানীৰ লগত মিহলাই চুলিৰ পৰা উফি আঁতৰাব পাৰি। উফি আঁতৰাবলৈ আপেলৰ ভিনেগাৰ ২ মগ পানীত মিহলাই চুলিত ভালদৰে লগাব লাগে। এই মিশ্ৰণটো চুলিৰ ওপৰত ২-৪ মিনিট ৰাখি তাৰ পিছত চুলি ধুব।

৩) নাৰিকল তেল আৰু নেমুঃ চুলিৰ বাবে নাৰিকল তেল অতি উপকাৰী। উফি আঁতৰাবলৈ নাৰিকল তেলত নেমু মিহলাই চুলিৰ গুৰিত লগাব লাগে। ১০-১৫ মিনিটৰ পিছত চুলি ধুলে উফিৰ সমস্যা নাইকিয়া হৈ যাব।

৪) দৈঃ দৈৰ টেঙাৰ বাবে উফি নোহোৱা হৈ যায়। যদি আপুনি উফিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে চুলি আৰু চুলিৰ গুৰিত ভালদৰে দৈ লগাব। ২০-২৫ মিনিট ৰাখিব, তাৰ পিছত ঠাণ্ডা পানীৰে চুলি ধুব। উফি গুচি যাব, লগতে চুলিত জিলিকনিও আহিব।

৫) এলোভেৰা জেলঃ এলোভেৰাৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল গুণ আছে যিয়ে চুলিৰ পৰা উফি আঁতৰোৱাত সহায় কৰে। এলোভেৰাৰ জেল উলিয়াই চুলিত লগাব। ১৫-২০ মিনিট চুলিৰ ওপৰত ৰাখিব, তাৰ পিছত চুলি ধুব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement