--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত উফিৰ সমস্যা সাধাৰণতে দেখা যায়। উফিৰ বাবে বহুতেই চুলিৰ ষ্টাইল দিব নোৱাৰে আৰু ভালদৰে চুলি মেলি ৰাখিব নোৱাৰে। শীতৰ শুকান বতৰ আৰু চুলিত জমা হোৱা মলিৰ বাবে উফি হয়। কেতিয়াবা উফিও লাজৰ কাৰণ হৈ পৰে। আহক জানো উফি আঁতৰোৱাৰ কিছুমান ঘৰুৱা উপায়।

১) নিমৰ পেষ্টঃ উফিৰ পৰা পৰিত্ৰাণ পাবলৈ অতীজৰে পৰা মানুহে নিম ব্যৱহাৰ কৰি আহিছে। ইয়াৰ এণ্টিফাংগেল আৰু এণ্টিবেক্টেৰিয়েল গুণ আছে যি উফি আঁতৰোৱাত ফলপ্ৰসূ। উফি আঁতৰাবলৈ নিমৰ পাত পিহি পেষ্ট বনাওক। এই পেষ্টটো চুলিত আধা ঘণ্টামান ৰাখি তাৰ পিছত ধুব।

২) আপেলৰ ভিনেগাৰঃ আপেলৰ ভিনেগাৰ পানীৰ লগত মিহলাই চুলিৰ পৰা উফি আঁতৰাব পাৰি। উফি আঁতৰাবলৈ আপেলৰ ভিনেগাৰ ২ মগ পানীত মিহলাই চুলিত ভালদৰে লগাব লাগে। এই মিশ্ৰণটো চুলিৰ ওপৰত ২-৪ মিনিট ৰাখি তাৰ পিছত চুলি ধুব।

৩) নাৰিকল তেল আৰু নেমুঃ চুলিৰ বাবে নাৰিকল তেল অতি উপকাৰী। উফি আঁতৰাবলৈ নাৰিকল তেলত নেমু মিহলাই চুলিৰ গুৰিত লগাব লাগে। ১০-১৫ মিনিটৰ পিছত চুলি ধুলে উফিৰ সমস্যা নাইকিয়া হৈ যাব।

৪) দৈঃ দৈৰ টেঙাৰ বাবে উফি নোহোৱা হৈ যায়। যদি আপুনি উফিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে চুলি আৰু চুলিৰ গুৰিত ভালদৰে দৈ লগাব। ২০-২৫ মিনিট ৰাখিব, তাৰ পিছত ঠাণ্ডা পানীৰে চুলি ধুব। উফি গুচি যাব, লগতে চুলিত জিলিকনিও আহিব।

৫) এলোভেৰা জেলঃ এলোভেৰাৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল গুণ আছে যিয়ে চুলিৰ পৰা উফি আঁতৰোৱাত সহায় কৰে। এলোভেৰাৰ জেল উলিয়াই চুলিত লগাব। ১৫-২০ মিনিট চুলিৰ ওপৰত ৰাখিব, তাৰ পিছত চুলি ধুব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে