--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ আলৱাৰত এটা পৰিয়ালৰ জীৱন লৈ ল’লে ৰুম হিটাৰে। দুমহীয়া কন্যাসন্তানৰ সৈতে কোঠাটোত শুই আছিল স্বামী-স্ত্ৰী। ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ দম্পতীহালে কোঠাটোত হিটাৰটো জ্বলাই থৈছিল।উল্লেখ্য যে নিশা হিটাৰৰ পৰা অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ বাবেই পিতৃ-কন্যাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে মহিলাগৰাকীৰ চিকিৎসালয়তে মৃত্যু হয়। এই দুৰ্ঘটনাত সমগ্ৰ পৰিয়ালটোৰ মৃত্যু হয়।

শ্বেখপুৰ থানাৰ অন্তৰ্গত মুণ্ডনা গাঁৱত সংঘটিত হৈছে এই ঘটনা। ইয়াত বাস কৰা দীপক নামৰ ব্যক্তিজনে ২ বছৰ পূৰ্বে জয়পুৰৰ সঞ্জু যাদৱৰ সৈতে প্ৰেমবিবাহ হৈছিল। দুমাহ আগতে দীপকৰ ঘৰত এগৰাকী কন্যা সন্তান জন্ম হৈছিল। দীপক আৰু সঞ্জু হিটাৰ জ্বলাই কোঠাটোত শুই আছিল।আৰু হঠাৎ নিশা হিটাৰৰ পৰা জুই লাগে। ইয়াৰ বাবেই দীপক আৰু তেওঁৰ কন্যা নিশিকাৰ থিতাতে মৃত্যু হয়, আনহাতে মহিলাগৰাকীক গুৰুতৰভাৱে পোৰাৰ ফলত আঘাতপ্ৰাপ্ত হয়।তেওঁক চিকিৎসাৰ বাবে আলৱাৰৰ ৰাজীৱ গান্ধী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য'ত মহিলাগৰাকীৰ মৃত্যু হয়। গাঁৱৰ ৰাইজ আৰু আৰক্ষীয়ে জনোৱা মতে, নিশা প্ৰায় ১.৩০ বজাত অত্যধিক গৰমৰ বাবে ঘৰৰ কাপোৰবোৰত জুই লাগিছিল, তাৰ পাছত জুই দ্ৰুতগতিত তিনিওজনকেই জুইৰ শিখাই আগুৰি ধৰে। চিঞৰ-বাখৰ শুনি গাঁৱৰ মানুহখিনি সেই স্থান পালে যদিও তেতিয়ালৈকে গোটেই কোঠাটো জ্বলি গৈছিল। গাঁৱৰ মানুহে যেনে-তেনে তিনিওকে উলিয়াই আনে। ইয়াত পিতৃ-কন্যাৰ মৃত্যু হৈছিল, আনহাতে মহিলাগৰাকীয়ে ৮০%তকৈ অধিক জ্বলি গৈছিল। অতিৰিক্ত আৰক্ষী অধীক্ষক তেজপাল সিঙে জানিবলৈ দিয়া মতে, মহিলাগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো আত্মীয়ৰ হাতত গতাই দিয়া হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাৰিত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে বিশাল প্রতিবাদী সমদল
আমগুৰিত অসমীয়া যুৱ মঞ্চৰ মিঞাৰ বিৰুদ্ধে হুংকাৰ
কৃষকৰ স্বাৰ্থৰ সৈতে আপোচ কৰি আমেৰিকাৰ সৈতে চুক্তি নকৰোঁঃ মোদী
মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান! ড্ৰাগছসহ দুই লাখ টকা আৰু বাহন জব্দ, গ্ৰেপ্তাৰ ১
চিয়া ছিডছ ছালৰ বাবে অতি উপকাৰী? ইয়াৰ উপকাৰিতা জনাৰ পাছত আপুনিও খাবলৈ আৰম্ভ কৰিব
'শিক্ষাসেতু' এপত ২৫ সহস্রাধিক শিক্ষকৰ অনুপস্থিতি কেনেকৈ সম্ভৱ?
ধনখড়ৰ উত্তৰসুৰী কোন হ'ব ?
কাজিৰঙাৰ মোনা বিলত মৃত অৱস্থাত উদ্ধাৰ ৬টা ম'হ
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'