--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ আলৱাৰত এটা পৰিয়ালৰ জীৱন লৈ ল’লে ৰুম হিটাৰে। দুমহীয়া কন্যাসন্তানৰ সৈতে কোঠাটোত শুই আছিল স্বামী-স্ত্ৰী। ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ দম্পতীহালে কোঠাটোত হিটাৰটো জ্বলাই থৈছিল।উল্লেখ্য যে নিশা হিটাৰৰ পৰা অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ বাবেই পিতৃ-কন্যাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে মহিলাগৰাকীৰ চিকিৎসালয়তে মৃত্যু হয়। এই দুৰ্ঘটনাত সমগ্ৰ পৰিয়ালটোৰ মৃত্যু হয়।

শ্বেখপুৰ থানাৰ অন্তৰ্গত মুণ্ডনা গাঁৱত সংঘটিত হৈছে এই ঘটনা। ইয়াত বাস কৰা দীপক নামৰ ব্যক্তিজনে ২ বছৰ পূৰ্বে জয়পুৰৰ সঞ্জু যাদৱৰ সৈতে প্ৰেমবিবাহ হৈছিল। দুমাহ আগতে দীপকৰ ঘৰত এগৰাকী কন্যা সন্তান জন্ম হৈছিল। দীপক আৰু সঞ্জু হিটাৰ জ্বলাই কোঠাটোত শুই আছিল।আৰু হঠাৎ নিশা হিটাৰৰ পৰা জুই লাগে। ইয়াৰ বাবেই দীপক আৰু তেওঁৰ কন্যা নিশিকাৰ থিতাতে মৃত্যু হয়, আনহাতে মহিলাগৰাকীক গুৰুতৰভাৱে পোৰাৰ ফলত আঘাতপ্ৰাপ্ত হয়।তেওঁক চিকিৎসাৰ বাবে আলৱাৰৰ ৰাজীৱ গান্ধী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য'ত মহিলাগৰাকীৰ মৃত্যু হয়। গাঁৱৰ ৰাইজ আৰু আৰক্ষীয়ে জনোৱা মতে, নিশা প্ৰায় ১.৩০ বজাত অত্যধিক গৰমৰ বাবে ঘৰৰ কাপোৰবোৰত জুই লাগিছিল, তাৰ পাছত জুই দ্ৰুতগতিত তিনিওজনকেই জুইৰ শিখাই আগুৰি ধৰে। চিঞৰ-বাখৰ শুনি গাঁৱৰ মানুহখিনি সেই স্থান পালে যদিও তেতিয়ালৈকে গোটেই কোঠাটো জ্বলি গৈছিল। গাঁৱৰ মানুহে যেনে-তেনে তিনিওকে উলিয়াই আনে। ইয়াত পিতৃ-কন্যাৰ মৃত্যু হৈছিল, আনহাতে মহিলাগৰাকীয়ে ৮০%তকৈ অধিক জ্বলি গৈছিল। অতিৰিক্ত আৰক্ষী অধীক্ষক তেজপাল সিঙে জানিবলৈ দিয়া মতে, মহিলাগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো আত্মীয়ৰ হাতত গতাই দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক