ডিজিটেল ডেস্কঃভাৰতীয় অৰ্থনীতিত মীন পালন খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ই ৰাষ্ট্ৰীয় উপাৰ্জন বৃদ্ধি, ৰপ্তানি, খাদ্য আৰু পুষ্টিগত সুৰক্ষাৰ লগতে নিযুক্তি সৃষ্টিত অৰিহণা যোগাই আহিছে। মীন পালন খণ্ডক 'উজ্জ্বল খণ্ড' হিচাপে স্বীকৃতি দিয়া হৈছে আৰু ভাৰতৰ প্ৰায় ৩০ নিযুত লোকৰ জীৱিকা অৰ্জনত এই খণ্ডটোৱে সহায় কৰি আহিছে। বিশেষকৈ সমাজৰ একেবাৰে শেষৰ স্তৰত বাস কৰা দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে মীন পালনে নতুন দিশৰ সন্ধান দিছে। ২০২২-২৩ বিত্তীয় বৰ্ষত ১৭৫.৪৫ লাখ টন মাছ উৎপাদনেৰে ভাৰতে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ মাছ উৎপাদক দেশ হিচাবে পৰিগণিত হৈছে। ভাৰতে বিশ্বব্যাপী হোৱা মাছ উৎপাদনৰ ৮% অৰিহণা যোগাই আহিছে।
আৰু দেশৰ মুঠ মূল্য সংযোজন (জিভিএ)ত ওএই খণ্ডৰ অৰিহণা প্ৰায় ১.০৯ % আৰু কৃষি জিভিএ-ত ইয়াৰ অৱদান ৬.৭২৪ % ৰো অধিক । এই খণ্ডটোৰ বিকাশৰ অপৰিসীম সম্ভাৱনা আছে। সেয়েহে মান পালনৰ খণ্ডটোক অধিক বহনক্ষম, দায়িত্বশীল, সামগ্ৰিক আৰু ন্যায়সঙ্গত বিকাশৰ বাবে নীতি আৰু বিত্তীয় সমৰ্থনৰ বিষয়ত মনোযোগ দিবলৈ চৰকাৰে সকলোকে আহ্বান জনাই আহিছে। চৰকাৰে এই খণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি যুগুতাই উলিয়াইছে। সেইবোৰৰ ভিতৰত অন্যতম কেইখনমান আঁচনি হ’ল-
ক. প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (পিএমএমএছৱাই)
কেবিনেটে ২০ মে’ ২০২০ত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (পিএমএমএছৱাই)ত সৰ্বাধিক ২০,০৫০ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইথিল। যাৰ ভিতৰত কেন্দ্ৰীয় অংশ হৈছে ৪,৮৮০ কোটি টকা আৰু হিতাধিকাৰীৰ অংশ হৈছে ৫,৭৬৩ কোটি টকা। ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈ কেৱল সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৫ বছৰত কাৰ্যকৰী কৰাৰ বাবে ভাৰত চৰকাৰৰ কোভিড-১৯ সাহায্য পেকেজৰ (আত্মনিৰ্ভৰ ভাৰত পেকেজ) অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে ২০২০ চনৰ ১০ ছেপ্টেম্বৰত পিএমএমএছৱাই আৰম্ভ কৰিছিল।
খ. এফ.আই.ডি.এফ.-ৰ ৰূপায়ণ
মীন পালন খণ্ডৰ বাবে আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে, মীন বিভাগ
২০১৮-১৯ বৰ্ষত মুঠ ৭,৫২২.৪৮ কোটি টকাৰ পুঁজিৰে মীন পালন আৰু জলজ সম্পদ পালন আন্তঃগাঁথনি উন্নয়ন পুঁজি (এফআইডিএফ) নামৰ পুঁজি সৃষ্টি কৰিছিল। এফ.আই.ডি.এফ.-য়ে নোডাল লোনিং এণ্টিটি (এন.এল.ই.) অৰ্থাৎ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড), (আই.আই.), ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (এন.চি.ডি.চি.) আৰু সকলো অনুসূচীত বেংকৰ জৰিয়তে চিনাক্ত কৰা মীন পালন আন্তঃগাঁথনি সুবিধাৰ বিকাশৰ অৰ্থে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্যিক প্ৰতিষ্ঠানসমূহক ৰেহাই হাৰত বিত্ত সাহায্য প্ৰদান কৰি আহিছে।
এফ.আই.ডি.এফ.-ৰ অধীনত, মীন বিভাগে এন.এল.ই.-ৰ দ্বাৰা ৰেহাইমূলক বিত্ত প্ৰদান কৰাৰ লগতে বছৰি ৫ % তকৈ কম সূতৰ হাৰত সুত ৰেহাই প্ৰদান কৰে। এফ.আই.ডি.এফ.-ৰ অধীনত ঋণ ঋণৰ ম্যাদ হৈছে ২০১৮-১৯ ৰ পৰা ২০২২-২৩ লৈ পাঁচ বছৰ আৰু মূলধন পৰিশোধৰ ওপৰত ২ বছৰৰ অতিৰিক্ত সময়সহ সৰ্বাধিক ১২ বছৰৰ পৰিশোধৰ ম্যাদ। এই প্ৰস্তাৱসমূহ অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, মণিপুৰ, মিজোৰাম, উৰিষ্যা, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগকে ধৰি ১৮ খন ৰাজ্যত আতবঢ়োৱা হৈছে।
গ. কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি)
কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি) আঁচনিখন ভাৰত চৰকাৰে ২০১৮-১৯ বৰ্ষত মীন পালন আৰু পশুপালনৰ সৈতে জড়িতসকলক উপকৃত কৰিবলৈ গ্ৰহণ কৰিছিল। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ৪ ফেব্ৰুৱাৰী ২০১৯ ত মীন পালক আৰু মাছ খেতিয়কসকলৰ বাবে কেচিচিৰ বিষয়ত নিৰ্দেশনা জাৰি কৰিছিল। পৰৱৰ্তী সময়ত, পশুপালন আৰু মীন পালনকাৰীসকলক কেচিচিৰ জৰিয়তে ঋণ প্ৰদানৰ প্ৰক্ৰিয়াটো সুশৃংখল কৰাৰ বাবে এএইচডিএফ মন্ত্ৰালয়, আৰবিআই, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড) আৰু ইণ্ডিয়ান বেঙ্কৰ এছ'চিয়েচন (আইবিএ)কে ধৰি অংশীদাৰসকলৰ সৈতে আলোচনা কৰি এক মানক সঞ্চালন প্ৰক্ৰিয়া (এছ.ও.পি.)নিৰ্দেশনা জাৰি কৰা হৈছিল।
"দেশব্যাপী এএইচডিএফ কেচিচি অভিযান" ১৫ ছেপ্টেম্বৰ ২০২২ ৰ পৰা ১৫ মাৰ্চ ২০২৩ লৈ পুনৰ আৰম্ভ কৰা হৈছিল আৰু ১ মে’ ২০২৩ ৰ পৰা ৩১ মাৰ্চ ২০২৪ লৈ সেয়া অব্যাহত আছিল। দেশৰ উপকূলীয় জিলাসমূহত সাগৰ পৰিক্ৰমা কাৰ্যসূচীৰ সময়ত বিশেষ কেচিচি অভিযানো আয়োজন কৰা হৈছে। ইয়াৰ উপৰি সমগ্ৰ ভাৰতত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত কেচিচি সম্পৰ্কীয় অগ্ৰগতি নিৰীক্ষণ কৰা হৈছে। এই ধাৰাবাহিক প্ৰচেষ্টাৰ জৰিয়তে মুঠ ৩,২৪,৪০৪ জনৰ পৰা কেচিচিৰ আবেদন লাভ কৰা হৈছে। যাৰ ভিতৰত ১,৭০,৬৪৭ জনক কেচিচি প্ৰদান কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।