--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উন্নয়নৰ কথা বাদ, কেৱল কেতবোৰ উপৰুৱা কাৰকক আলম কৰিয়েই  ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে এইবাৰ উত্তৰ প্ৰদেশৰ গৰিষ্ঠ সংখ্যক আসন জয়ৰ সপোন দেখিছে। ৰাম মন্দিৰ, মোডীৰ কেৰিশ্মা, যোগীৰ যাদু,  নেতাসকলৰ সাংগঠনিক দক্ষতা, 'লাভাৰথিছ'ৰ আনুগত্য (চৰকাৰী আঁচনিৰ হিতাধিকাৰী), অ'বিচি আৰু বুলডোজাৰৰ ৰাজনীতিৰ বিষয়ত গুৰুত্ব আৰোপ  আদি বিষয় সমূহেই উত্তৰ প্ৰদেশত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক সাভাৱান্বিত কৰিব বুলি গেৰুৱা দলটোৰ নেতাসকলে আশা কৰিছে। এনেবোৰ অস্ত্ৰ লৈয়েই এতিয়া  বিজেপিয়ে উত্তৰ প্ৰদেশত লোকসভা নিৰ্বাচনৰ যুঁজ দিবলৈ সাজু হৈছে।  কেৱল সেয়াই নহয়  ছ'চিয়েল মিডিয়াৰ  দলটিকো বিজেপিয়ে ভালদৰে সজাই-পৰাই তুলিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেৰিশ্মা আৰু যোগী আদিত্যনাথৰ জনপ্ৰিয়তা ৰাজনীতিত বিজেপিৰ মূল আধাৰ হিচাবে লৈ বিজেপিয়ে এতিয়া উত্তৰ প্ৰদেশত আসন দখল কৰাৰ প্ৰয়াস কৰিছে। দলটোৱে আহি থকা লোকসভাৰ নিৰ্বাচনত উত্তৰ প্ৰদেশত ইয়াৰ সফলতা  বজাই ৰখাটো নিশ্চিত কৰিবলৈ এনে কাৰকসমূহ যোগ কৰিব বিচাৰিছে। দলটোৱে জানে যে ৮০  খন আসন থকা উত্তৰ প্ৰদেশে পৰৱৰ্তী চৰকাৰ গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বিজেপি কৰ্মীসকলে  নিশ্চিত যে এজন হিন্দু নেতা হিচাপে যোগী আদিত্যনাথৰ বৰ্ধিত জনপ্ৰিয়তা এজন প্ৰশাসক হিচাপে তেওঁৰ কঠোৰ স্থিতি আৰু কেৱল তেওঁৰ সৰ্বব্যাপী কেৰিশ্মাই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে এক সুন্দৰ বিজয় নিশ্চিত কৰিব। ২০২২ চনৰ বিধানসভা নিৰ্বাচনত  জয়ৰ পিছত  যোগী কাৰকটোকলৈ বহুতেই সেয়ে আশা কৰিছে।  

উত্তৰ প্ৰদেশত বিজেপিৰ এতিয়ালৈকে কেৱল এটা ৰণনীতি আছে আৰু সেয়া হ'ল কেডাৰসকলক নিৰ্বাচনৰ বাবে একত্ৰিত কৰি ৰখা আৰু নিয়মীয়াকৈ প্ৰতিটো বুথ পুনৰ পৰিদৰ্শন কৰা।দলৰ এজন কৰ্মীয়ে কয় "আমাৰ মোদী আৰু যোগীৰ দৰে আকৰ্ষণীয় নেতা আছে আৰু আমি কেৱল আমাৰ পদাতিক সৈনিকসকলক আশাহত  হোৱাৰ পৰা প্ৰতিহত কৰিব লাগিব। আমাৰ 'পান্না প্ৰমুখ' আৰু বিস্তাৰক'সকল কামত লাগি আছে আৰু আমাৰ নেতাসকলে সেই আসনবোৰত জোৰ দি  আছে য'ত দলটো তুলনামূলকভাৱে দুৰ্বল যেন লাগিছে," ।

উত্তৰ প্ৰদেশৰ পূৰ্বৰ নিৰ্বাচনসমূহত বিজেপিক বিভিন্ন ধৰণে সহায় কৰা  সুনীল বনচালক ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ দায়িত্ব ল'বলৈ কোৱা হৈছে।  তেওঁ উত্তৰ প্ৰদেশত ২০২৪ চনৰ বাবে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

বিজেপিয়েও বিৰোধীৰ কৌশল প্ৰতিহত কৰিবলৈ  প্ৰাৰ্থী সলনি কৰাৰো প্ৰস্তুতি চলাই আছে। দলীয় সূত্ৰই দাবী কৰিছে যে কিছুমান প্ৰাৰ্থীক ৭০  বছৰতকৈ অধিক বয়সৰ সীমা অতিক্ৰম কৰাৰ বাবে বাদ দিয়া হ'ব পাৰে । আনহাতে আন কিছুমানে তেওঁলোকৰ সমষ্টিত কাম কৰিব নোৱাৰাৰ বাবে  বাবে টিকট নাপাব পাৰে।


বিজেপিয়ে হিতাধিকাৰীক অস্ত্ৰ হিচাবে লৈ ভোট বেংকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।  হিতাধিকাৰীৰ ভিতৰত সংখ্যালঘু আৰু দলিত বহু ভোটাৰ আছে।  মাফিয়াৰ বিৰুদ্ধে যোগীৰ চৰকাৰে চলাই অহা  বুলডোজাৰেও নিৰ্বাচনত সহায় কৰিব বুলি বিজেপি আশাবাদী।  





FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন