--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু মন্ত্ৰীয়ে মণিপুৰত শান্তি ঘূৰি অহা বুলি দাবী কৰিছে সেই সময়তে  মোদীক এক বিশেষ প্ৰত্যহ্বান জনালে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে। যাদৱে মোদীক প্ৰত্যহ্বান জনাই কয় যে যদি মণিপুৰলৈ সঁচাকৈয়ে শান্তি ঘূৰি আহিছে তেন্তে ৰাজ্য খনত চৰকাৰে  জি-২০ ৰ অনুষ্ঠান অনুষ্ঠিত কৰি দেখুৱাওক। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে  ভাৰতীয় জনতা পাৰ্টিকো একেটা বিষয়তে  আক্ৰমণ কৰে।

এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি আছিল যাদৱে কয়  "উত্তৰ প্ৰদেশ বা দেশৰ আন প্ৰান্তত জি-২০ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কিন্তু মণিপুৰত কিয় কোনো অনুষ্ঠান অনুষ্ঠিত কৰা নাই? বিজেপিয়ে তাত এটা অনুষ্ঠান আয়োজন কৰা উচিত আৰু বিশ্বক দেখুৱাব লাগে যে তাত কোনো সমস্যা নাই। " যাদৱে লগতে কয় "বিজেপিয়ে নিজৰ দোষ লুকুৱাবলৈ চেষ্টা কৰা উচিত নহয়। বিজেপি হৈছে দেশৰ সৰ্ববৃহৎ 'স্বজনতোষণকাৰীৰ' দল। "উল্লেখ্য ৭৭ সংখ্যক  স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰি ভাষণ দিছিল। প্ৰধানমন্ত্ৰীয়ে  মণিপুৰৰ হিংসাৰ প্ৰসংগটোও  উত্থাপন কৰিছিল।

লালকিল্লাৰ পৰা   প্ৰধানমন্ত্ৰীয়ে কৈছিল, "মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছে। বহুলোকৰ মৃত্যু হৈছে। মণিপুৰ যোৱা কেইসপ্তাহমান ধৰি উত্তেজনাপূৰ্ণ হৈ আছে। মাতৃ আৰু ভগ্নীসকলৰ সন্মান হানি হৈছে। কিন্তু দেশখন মণিপুৰৰ সৈতে আছে। শান্তি লাহে লাহে তালৈ ঘূৰি আহিছে। আমাৰ বৈচিত্ৰ্যই হৈছে আমাৰ শক্তি। " প্ৰধানমন্ত্ৰীৰ এনে দাবীৰ পিছতে অখিলেশ যাদৱে মণিপুৰৰ প্ৰসংগত মোদীক 'জি-২০ বৈঠক ' অনুষ্ঠিত কৰাৰ প্ৰত্যাহ্বান জনায়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজনিশা ভোকাতুৰ শিশুৰ চিৎকাৰে কঁপাইছে গাজা
ট্ৰাম্পে ভাৰতক ‘মৃত অৰ্থনীতি’ বুলি অভিহিত কৰাৰ পাছত প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
বিপদত অনিল আম্বানী!
১৭ ছেপ্টেম্বৰত মোদীৰ জন্মদিনৰ দিনা শুভাৰম্ভ হ'ব অৰুণোদয় ৩.০ৰ