--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু মন্ত্ৰীয়ে মণিপুৰত শান্তি ঘূৰি অহা বুলি দাবী কৰিছে সেই সময়তে  মোদীক এক বিশেষ প্ৰত্যহ্বান জনালে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে। যাদৱে মোদীক প্ৰত্যহ্বান জনাই কয় যে যদি মণিপুৰলৈ সঁচাকৈয়ে শান্তি ঘূৰি আহিছে তেন্তে ৰাজ্য খনত চৰকাৰে  জি-২০ ৰ অনুষ্ঠান অনুষ্ঠিত কৰি দেখুৱাওক। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে  ভাৰতীয় জনতা পাৰ্টিকো একেটা বিষয়তে  আক্ৰমণ কৰে।

এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি আছিল যাদৱে কয়  "উত্তৰ প্ৰদেশ বা দেশৰ আন প্ৰান্তত জি-২০ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কিন্তু মণিপুৰত কিয় কোনো অনুষ্ঠান অনুষ্ঠিত কৰা নাই? বিজেপিয়ে তাত এটা অনুষ্ঠান আয়োজন কৰা উচিত আৰু বিশ্বক দেখুৱাব লাগে যে তাত কোনো সমস্যা নাই। " যাদৱে লগতে কয় "বিজেপিয়ে নিজৰ দোষ লুকুৱাবলৈ চেষ্টা কৰা উচিত নহয়। বিজেপি হৈছে দেশৰ সৰ্ববৃহৎ 'স্বজনতোষণকাৰীৰ' দল। "উল্লেখ্য ৭৭ সংখ্যক  স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰি ভাষণ দিছিল। প্ৰধানমন্ত্ৰীয়ে  মণিপুৰৰ হিংসাৰ প্ৰসংগটোও  উত্থাপন কৰিছিল।

লালকিল্লাৰ পৰা   প্ৰধানমন্ত্ৰীয়ে কৈছিল, "মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছে। বহুলোকৰ মৃত্যু হৈছে। মণিপুৰ যোৱা কেইসপ্তাহমান ধৰি উত্তেজনাপূৰ্ণ হৈ আছে। মাতৃ আৰু ভগ্নীসকলৰ সন্মান হানি হৈছে। কিন্তু দেশখন মণিপুৰৰ সৈতে আছে। শান্তি লাহে লাহে তালৈ ঘূৰি আহিছে। আমাৰ বৈচিত্ৰ্যই হৈছে আমাৰ শক্তি। " প্ৰধানমন্ত্ৰীৰ এনে দাবীৰ পিছতে অখিলেশ যাদৱে মণিপুৰৰ প্ৰসংগত মোদীক 'জি-২০ বৈঠক ' অনুষ্ঠিত কৰাৰ প্ৰত্যাহ্বান জনায়। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস