--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অনলাইন শ্বপিং, কাপোৰৰ বজাৰৰ ভীৰ অথবা বেণ্ডৰ বস্তু যেন এতিয়া আকাশৰ জোনবাইটোৰ দৰে৷ দূৰৈৰ পৰা চাবহে পাৰি ধৰিব বা আনিব নোৱাৰি৷ পূজাত কাপোৰ লোৱাটো একাংশৰ বাবে যেন এতিয়া সপোন৷ লগতে এইবেলি পূজাত বাইক এৰি চাইকেলৰে আমেজ ল'ব একাংশই৷ কাৰণ বঢ়িছে পেট্ৰ'লৰ দাম৷ এইবেলি পূজাত মোদী চৰকাৰে জনতালৈ দিলে এই বিশেষ উপহাৰটি৷ চেঞ্চুৰী কোবালে পেট্ৰ'লে৷

পিছে খাটিখোৱা জনতাৰহে পকেট খালী৷ অত্যাৱশীয় সামগ্ৰী পৰা পেট্ৰ'লৰ মূল্য ভাৰ সহিব নোৱাৰি পূজাৰ কাপোৰ বৰ্জন কৰিলে বহুজনে৷ সমান্তৰালকৈ বৃদ্ধি পাইছে ডিজেলৰ মূল্য, ৰন্ধন গেছৰ মূল্যও হাজাৰৰ ঘৰ অতিক্রম কৰিছে৷ আজি বিশ্বনাথত, চৰাইদেউ, ধেমাজি, ধুবুৰী, মাজুলী, দৰং, নলবাৰী, মৰিগাঁও, নগাঁও ইত্যাদি জিলাত পেট্র’লৰ মূল্য শতকৰ ঘৰ অতিক্রম কৰিলে৷ গুৱাহাটী মহানগৰীত আজি পেট্র'লৰ মূল্য হ'লগৈ ৯৯.৫০৷

পৰিবৰ্তনশীন চৰকাৰৰ এই মূল্যবৃদ্ধি ধমাকাই যেন অতিস্থ কৰিছে জনতাক৷ সেয়ে ‘প্ৰাগ নিউজ’ৰ সাংবাদিকৰ আগতো ক্ষোভ উজাৰে ভুক্তভোগী জনতাই৷ লগতে কয় যে, 'পূজাত কাপোৰ লোৱা বাদ দিছো, বাইক-গাড়ী এৰি চাইকেল চলাবলৈ লৈছো৷' আনহাতে আন একাংশই কয়, 'মূল্যবৃদ্ধি নিয়ন্ত্রণত ব্যৰ্থ চৰকাৰ৷ এফালে আলু-পিঁয়াজ, মিঠাতেল ইত্যাদি সামগ্রীৰ দাম বৃদ্ধি আনফালে পেট্র’ল-ডিজেল, ৰন্ধন গেছৰ অস্বাভাৱিক দাম বৃদ্ধি কেনেকৈ চলিম আমি?'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ