--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষাৰ অন্তত বাতিল হ’ল বিতৰ্কিত তিনিওখন কৃষক বিৰোধী কৃষি আইন৷ প্ৰায় ডেৰ বছৰজোৰা এক দীঘলীয়া আন্দোলন আৰু সংগ্ৰাম৷ ২০২০ চনৰ ৯ আগষ্টত এই আন্দোলনৰ আৰম্ভণি হৈছিল ৷ সমান্তৰালভাৱে চলি গৈছিল তেওঁলোকৰ সংগ্ৰাম ।

আন্দোলনৰ হোৱাৰ মুখ্য কাৰণ আছিল নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদত গৃহীত কৰা তিনিখন কৃষি আইনক লৈ৷ এই তিনিখন আইনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ভাৰতীয় কৃষকসকল। ‘এই আইন আমি কোনা কাৰণতে মানি নলও বুলি পথাৰ এৰি ৰাজপথলৈ ওলাই আহিল কৃষকসকল। ত্রিশটাৰো অধিক কৃষক সংগঠনৰ নেতৃত্বত আৰম্ভ হ’ল ‘দিল্লী চলো’ আন্দোলন৷ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকসকল এই আন্দোলত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল৷ এই আন্দোলনত প্ৰায় ৬০০ ৰ পৰা ৭০০ লোকে ইতিমধ্যে প্ৰাণ আহুতি দিলে৷ অৱশেষত, বহু প্ৰতিক্ষাৰ অন্তত আজি বাতিল হ’ল কৃষকবিৰোধী এই তিনিখন কৃষি আইন৷ নিজৰ প্ৰাপ্য, অধিকাৰ যে ভাৰতীয়ই আন্দোলনৰ যোগেদি আজুৰি আনিব পাৰে সেইয়া পুনৰবাৰ প্ৰতিপন্ন হ’ল৷ কৃষকৰ এই জয় এক ঐতিহাসিক জয়।

কৃষকবিৰোধী এই তিনিখন আইন, বিলৰ পৰা আইন হোৱালৈকে আজি বাতিল হোৱা পৰ্যায়লৈকে পাৰ কৰিছিল এটা দীঘলীয়া পৰিক্ৰমা...

-ভাৰত চৰকাৰে ৫ জুন, ২০২০ ত প্ৰথমে এই তিনিখন কৃষি বিধেয়কৰ অধ্যোদেশৰ খচৰা প্ৰকাশ কৰিছিল৷
-১৪ ছেপ্তেম্বৰ, ২০২০ ত ভাৰত চৰকাৰে এই তিনিখন বিধেয়ক সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনত উত্থাপন কৰে৷
-১৭ ছেপ্তেম্বৰ, ২০২০ ত লোকসভাত বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ পাছতো তিনিখন বিল আইনলৈ পৰিণত হ’ল৷
-২০ ছেপ্তেম্বৰ, ২০২০ ত ৰাজ্যসভাতো বিনাদ্বিধাই বিলখনে আইনৰ ৰূপ পালে৷
-২৪ ছেপ্তেম্বৰ, ২০২০ ত কৃষি আইনকেইখনৰ বিৰোধীতাৰে পঞ্জাৱৰ কৃষকসকলে তিনিদিনীয়া কাৰ্যসূচীৰে ৰেল অৱৰোধ কৰে৷
-২৫ ছেপ্তেম্বৰ, ২০২০ ত অখিল ভাৰতীয় কিষাণ সংঘৰ্ষ সমন্বয় সমিতিৰ উদ্যোগত লাখ-লাখ কৃষক ৰাজপথলৈ উলাই আহে৷
-২৭ ছেপ্তেম্বৰ, ২০২০ ত তিনিখন কৃষি আইনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আইনকেইখনক অন্তিম মোহৰ(স্বাক্ষৰ) মাৰে৷
-২৫ নৱেম্বৰ, ২০২০ ত তিনিখন কৃষি আইনক লৈ প্ৰতিবাদী কৃষকসকলে ‘দিল্লী চলো’ অভিযান গ্ৰহণ কৰিছিল৷
-২৬ নৱেম্বৰ, ২০২০ ত পুলিছে আম্বালা সীমান্তত প্ৰতিবাদী কৃষকসকলৰ ওপৰত কন্দুৱা গেছ আৰু পানী নিক্ষেপ কৰিছিল৷
-২৮ নৱেম্বৰ, ২০২০ ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰতিবাদী কৃষকসকলক চৰকাৰৰ সৈতে কথা-বতৰা পাতিবলৈ আমন্ত্ৰণ জনাই৷
-০৩ ডিচেম্বৰ, ২০২০ ত কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনৰ মাজত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে আলোচনাত মিলিত হ’য় আৰু আলোচনা বিফল হৈছিল৷
-০৫ ডিচেম্বৰ, ২০২০ ত কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনৰ মাজত দ্বিতীয়বাৰৰ বাবে আলোচনাত মিলিত হৈছিল আৰু সেই আলোচনাও বিফল হৈছিল৷
-০৮ ডিচেম্বৰ, ২০২০ ত কৃষক সংগঠনে ভাৰত বন্ধ ঘোষণা কৰে৷
-০৯ ডিচেম্বৰ, ২০২০ ত কেন্দ্ৰীয় চৰকাৰে আইনকেইখনৰ কেইটামান দফা সংশোধন কৰিবলৈ যি প্ৰস্তাৱ আগবঢ়াইছিল, সেয়াও কৃষকে নাকচ কৰিছিল৷
-০৭ জানুৱাৰী, ২০২১ ত চুপ্ৰিম কৰ্টে কৃষকৰ সকলো আপত্তি শুনিবলৈ মান্তি হৈছিল৷
-২৬ জানুৱাৰী, ২০২১ ত কৃষকসকলে লাল কিল্লাত তীব্ৰ আন্দোলন গঢ়ি তোলে৷
-০৬ ফেব্ৰুৱাৰী, ২০২১ ত কৃষকসকলে ভাৰতজুৰি চকা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছিল৷
-১৮ অক্টোৱৰ ২০২১ ত কৃষকসকলে পুনৰবাৰ ৰেল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল৷
-১৯ নৱেম্বৰ ২০২১ ত চৰকাৰে কৃষকৰ ওচৰত হেওঁ মানি তিনিখন কৃষি আইন বাতিল কৰিলে৷

অৱশেষত কৃষকৰ জয় হ’ল৷ গণতন্ত্ৰৰ প্ৰতি আস্থা হেৰাই যোৱা মানুহৰ বাবে এই আন্দোলনে গণতন্ত্ৰক পুনৰ বাৰ প্ৰতিষ্ঠা কৰিলে৷ কৃষকৰ এই সৰ্ববৃহৎ গণ আন্দোলন ভাৰতীয় ইতিহাসত সদায়েই সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
গভীৰ সংকটত পাকিস্তানৰ কৃষক
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল