--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰত ঘৰৰ কিছুমান গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে কোৱা হৈছে। বাস্তুত ঘৰৰ পাকঘৰৰ লগত জড়িত বহু কথাও কোৱা হৈছে। এইবিলাক কথাৰ প্ৰতি ধ্যান নিদিলে ঘৰৰ সমৃদ্ধি নোহোৱা হৈ যায়। সুখ শান্তি হেৰাই যায়। কোৱা হয় যে পাকঘৰত যিকোনো ধৰণৰ বাস্তু বিসংগতিৰ ফলত পৰিয়ালৰ লোকৰ জীৱনত নেতিবাচক প্ৰভাৱ পৰে।

ৰুটি বনোৱা সন্দৰ্ভত বাস্তুত কিছু নিয়ম দিয়া হৈছে। বাস্তু বিশেষজ্ঞসকলে কয় যে ৰুটিৰ সৈতে জড়িত এই ভুলবোৰ কৰিলে গ্ৰহৰ অৱস্থান বেয়া হয়। ঘৰৰ সুখ-শান্তি, পৰিয়ালৰ লোকৰ সমৃদ্ধি আৰু স্বাস্থ্যৰ অৱস্থা নষ্ট হৈ পৰে। এনে অৱস্থাত এই বাস্তু নিয়মবোৰৰ ধ্যান ৰখাটো অতি প্ৰয়োজনীয়।

সদায় অধিক ৰুটি বনাওক

বাস্তু বিশেষজ্ঞসকলে কয় যে যেতিয়াই আপুনি ৰুটি বনাব তেতিয়াই গণনা কৰি বনাব নালাগে, কিন্তু সদায় ৪-৫ টা ৰুটি বেছিকৈ বনাব লাগে। বাস্তুৰ মতে প্ৰথম ৰুটি গৰুক আৰু শেষ ৰুটি কুকুৰক খুৱাই দিয়াটো শুভ বুলি গণ্য কৰা হয়।

অতিথিৰ বাবেও ৰোটি বনাওক

বাস্তুৰ মতে ৰুটি বনাওঁতে মনত ৰাখিব যে সদায় অতিথিসকলৰ বাবেও ৰুটি বনাওক। সদায় ২খন অতিৰিক্ত ৰুটি বনাব লাগে। ঘৰলৈ অহা অতিথিসকল ভগৱানৰ দৰে হয় আৰু তেওঁলোকক ৰুটি যাঁচিব পাৰিলে ভাল। এনে কৰিলে মাতৃ অন্নপূৰ্ণাৰ কৃপা ৰৈ যায়। লগতে ঘৰখনলৈ আহে সমৃদ্ধি। যদি কোনো অতিথি ঘৰলৈ নাহে, তেন্তে কুকুৰ, মেকুৰী বা চৰাইক এই ৰুটি খুৱাওক।

আগতে মাৰি থোৱা বাহি আটাৰ ৰুটী খাব নালাগে

বাস্তুৰ মতে আগতে মাৰি থোৱা বাহি আটাৰ ৰুটী কেতিয়াও খাব নালাগে। কোৱা হয় যে এই আটাৰে তৈয়াৰ কৰা ৰুটীয়ে পৰিয়ালত দুখৰ সৃষ্টি কৰে। ইয়াত বহু ধৰণৰ বেক্টেৰিয়া উৎপন্ন হয়। লগতে বাহি ৰুটী ৰাহুৰ লগত সম্পৰ্কিত। সেয়েহে এই ৰুটী কুকুৰক খোৱাব পাৰি। সতেজ আটাৰে তৈয়াৰী ৰুটিয়ে মংগল গ্ৰহক শক্তিশালী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক