--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ নেতা কিম জং আনৰ ব্যক্তিগত কথাকলৈ বহুতেই কৌতূহল প্ৰকাশ কৰি আহিছে।   উদ্ভটতা আৰু নিষ্ঠুৰতাৰ বাবে কিম জং বিশ্বজুৰি জনাজাত।  তেওঁৰ দৈনন্দিন জীৱন আৰু তেওঁ ব্যৱহাৰ কৰা গেজেটবোৰৰ বিষয়ে কৌতূহলৰ সৃষ্টি হৈ আহিছে। 

 কোনটো মোবাইল ফোনৰ কোম্পানীৰ ফোন ব্যৱহাৰ কৰে  কিম জং আনে? এই প্ৰশ্নই এতিয়া বহুতৰে মাজত বাগৰি ফুৰিছে।  বহুতেই এতিয়া কিম জঙৰ পছন্দ জানিবলৈ বিশেষভাৱে আগ্ৰহী। শেহতীয়াকৈ উত্তৰ কোৰিয়া চৰকাৰে প্ৰকাশ কৰা এখন ফটোৰ জৰিয়তে এই ৰহস্যটোএক প্ৰকাৰ ফাদিল হৈছে। ফটো খনত  কিম জং আনে চেমচাং জেড ফ্লিপ বা হুৱেই পকেট এছ ফোন ব্যৱহাৰ কৰা দেখা গৈছে।

 শেহতীয়াকৈ হোৱাচং-১৮ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল  উৎক্ষেপণৰ সময়ত, এখন ফটোত কিম জং আনক এখন চকীত বহি থকা দেখা গৈছিল। তেওঁৰ সন্মুখত টেবুলত এটা  ফোন আছিল। ৰূপালী ৰঙৰ ফোনটো চেমচাং গ্যালাক্সি জেড ফ্লিপ বা হুৱেই পকেট এছ-ৰ দৰেই আছিল।উত্তৰ কোৰিয়াৰ বিৰুদ্ধে  ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞাৰ থকাৰ বাবে  ইলেক্ট্ৰনিক্স সামগ্ৰী আমদানি আৰু ৰপ্তানি বন্ধ  কৰা হৈছে। তেন্তে কিম জং আনে    চেমচাং বা হুৱেই ফোন লাভ কৰিলে?  বহুতৰে মাজত এতিয়া এই  প্ৰশ্ন উত্থাপন হৈছে। 

 সন্দেহ কৰা হৈছে যে চীনৰ পৰা অবৈধভাৱে উত্তৰ কোৰিয়ালৈ স্মাৰ্টফোনটো অনা হৈছে। কিম জং আনৰ গেজেটৰ প্ৰতি প্ৰীতি আছে আৰু আগতে আইপেড, আইফোন আৰু মেকবুককে ধৰি বিভিন্ন এপল ডিভাইচৰ সৈতে তেওঁক  দেখা গৈছিল।  উত্তৰ কোৰিয়াৰ একনায়ক কিম জংআনেও দামী এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰে।

অতীতত কিম জঙৰ ওচৰত দেখা পোৱা স্মাৰ্টফোনটোক লৈ এক বিতৰ্ক হৈছিল। নেটিজেনসকলে স্মাৰ্টফোনটো এইচটিচি বা চেমচাঙৰ বুলি ধাৰণা কৰিছিল।চেমচাঙে অৱশ্যে উত্তৰ কোৰিয়াত ফোন বিক্ৰী কৰাৰ কথা অস্বীকাৰ কৰি কৈছে  যে তেওঁলোক নিশ্চিত যে উত্তৰ কোৰিয়াৰ একনায়কে তেওঁলোকৰ ডিভাইচ ব্যৱহাৰ কৰিছেনে নে নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ