--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ নেতা কিম জং আনৰ ব্যক্তিগত কথাকলৈ বহুতেই কৌতূহল প্ৰকাশ কৰি আহিছে।   উদ্ভটতা আৰু নিষ্ঠুৰতাৰ বাবে কিম জং বিশ্বজুৰি জনাজাত।  তেওঁৰ দৈনন্দিন জীৱন আৰু তেওঁ ব্যৱহাৰ কৰা গেজেটবোৰৰ বিষয়ে কৌতূহলৰ সৃষ্টি হৈ আহিছে। 

 কোনটো মোবাইল ফোনৰ কোম্পানীৰ ফোন ব্যৱহাৰ কৰে  কিম জং আনে? এই প্ৰশ্নই এতিয়া বহুতৰে মাজত বাগৰি ফুৰিছে।  বহুতেই এতিয়া কিম জঙৰ পছন্দ জানিবলৈ বিশেষভাৱে আগ্ৰহী। শেহতীয়াকৈ উত্তৰ কোৰিয়া চৰকাৰে প্ৰকাশ কৰা এখন ফটোৰ জৰিয়তে এই ৰহস্যটোএক প্ৰকাৰ ফাদিল হৈছে। ফটো খনত  কিম জং আনে চেমচাং জেড ফ্লিপ বা হুৱেই পকেট এছ ফোন ব্যৱহাৰ কৰা দেখা গৈছে।

 শেহতীয়াকৈ হোৱাচং-১৮ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল  উৎক্ষেপণৰ সময়ত, এখন ফটোত কিম জং আনক এখন চকীত বহি থকা দেখা গৈছিল। তেওঁৰ সন্মুখত টেবুলত এটা  ফোন আছিল। ৰূপালী ৰঙৰ ফোনটো চেমচাং গ্যালাক্সি জেড ফ্লিপ বা হুৱেই পকেট এছ-ৰ দৰেই আছিল।উত্তৰ কোৰিয়াৰ বিৰুদ্ধে  ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞাৰ থকাৰ বাবে  ইলেক্ট্ৰনিক্স সামগ্ৰী আমদানি আৰু ৰপ্তানি বন্ধ  কৰা হৈছে। তেন্তে কিম জং আনে    চেমচাং বা হুৱেই ফোন লাভ কৰিলে?  বহুতৰে মাজত এতিয়া এই  প্ৰশ্ন উত্থাপন হৈছে। 

 সন্দেহ কৰা হৈছে যে চীনৰ পৰা অবৈধভাৱে উত্তৰ কোৰিয়ালৈ স্মাৰ্টফোনটো অনা হৈছে। কিম জং আনৰ গেজেটৰ প্ৰতি প্ৰীতি আছে আৰু আগতে আইপেড, আইফোন আৰু মেকবুককে ধৰি বিভিন্ন এপল ডিভাইচৰ সৈতে তেওঁক  দেখা গৈছিল।  উত্তৰ কোৰিয়াৰ একনায়ক কিম জংআনেও দামী এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰে।

অতীতত কিম জঙৰ ওচৰত দেখা পোৱা স্মাৰ্টফোনটোক লৈ এক বিতৰ্ক হৈছিল। নেটিজেনসকলে স্মাৰ্টফোনটো এইচটিচি বা চেমচাঙৰ বুলি ধাৰণা কৰিছিল।চেমচাঙে অৱশ্যে উত্তৰ কোৰিয়াত ফোন বিক্ৰী কৰাৰ কথা অস্বীকাৰ কৰি কৈছে  যে তেওঁলোক নিশ্চিত যে উত্তৰ কোৰিয়াৰ একনায়কে তেওঁলোকৰ ডিভাইচ ব্যৱহাৰ কৰিছেনে নে নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস