--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে  ফ্ৰান্স ভ্ৰমণ কৰি থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক  ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰদান কৰে দেশ খনৰ সৰ্বোচ্চ  সন্মান গ্ৰেণ্ড ক্ৰছ অফ দ্য লিজিয়ন অফ অনাৰ। মেক্ৰন আৰু তেওঁৰ পত্নী ব্ৰিগিট মেক্ৰনে  এলয়চি পেলেচত উপস্থিত হোৱাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। 

মোদীয়ে শুকুৰবাৰে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্ণ  সৈতেও দুয়োখন দেশৰ মাজত অধিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গ্ৰেণ্ড ক্ৰছ অফ দ্য লিজিয়ন অফ অনাৰ প্ৰদান কৰে। এয়া ফ্ৰান্সৰ   সামৰিক বা অসামৰিক  ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান। প্ৰধানমন্ত্ৰী মোদীয়েই  এই সন্মান লাভ কৰা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাবে বিবেচিত হৈছে। নেপোলিয়ন বোনাপাৰ্টে আৰম্ভ কৰা  লিজিয়ন অফ অনাৰত পাঁচটা  ডিগ্ৰী থাকে। 

প্ৰধানমন্ত্ৰীক সৰ্বোচ্চ গ্ৰেণ্ড ক্ৰছো প্ৰদান কৰা হয়। এই সন্মানৰ স্মাৰকৰ ৰিবন ৰঙা আৰু বেজটোত এটা ওক তথা  লৰেল পুষ্পস্তৱকৰ ওপৰত পাঁচডাল মাল্টিজ এষ্টেৰিস্ক আছে।লগতে ভাৰতৰ বাহিৰতো এইবাৰ ফ্ৰান্সলৈ গ’ল  ইউনিফাইড পেমেণ্টচ ইণ্টাৰফেচ অৰ্থাৎ ইউপিআই।। ফ্ৰান্স ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  শুক্ৰবাৰে  ফ্ৰান্সত প্ৰথম ইউপিআই আইফেল টাৱাৰত মুকলি কৰে। এতিয়াৰে পৰা আইফেল টাৱাৰতো মানুহে ইউপিআই ব্যৱহাৰ কৰি ধনৰ ডিজিটেল লেন দেন কৰিবলৈ সক্ষম হ’ব।

 উল্লেখ্য  চিঙ্গাপুৰত প্ৰথমে ইউপিআই প্ৰণালী প্ৰৱৰ্তন কৰা হৈছিল। পিছলৈ ভূটান, নেপাল, ইউ.এ.ইতো  এই ডিজিটেল মাধ্যমেৰে ধনৰ লেনদেন আৰম্ভ হয়। এইবাৰ এয়া  ফ্ৰান্সত গ্ৰহণ কৰা হ'ব। শুকুৰবাৰে ভাৰতীয় আৰু প্ৰবাসী ভাৰতীয়সকলৰ এক সমাৱেশ সম্বোধন কৰি মোদীয়ে কয়, "ফ্ৰান্সত ইউপিআই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এয়া  আইফেল টাৱাৰত উপলব্ধ হ’ব । ই ভাৰতীয় পৰ্যটকসকলক উপকৃত কৰিব। ''


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ