--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে  ফ্ৰান্স ভ্ৰমণ কৰি থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক  ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰদান কৰে দেশ খনৰ সৰ্বোচ্চ  সন্মান গ্ৰেণ্ড ক্ৰছ অফ দ্য লিজিয়ন অফ অনাৰ। মেক্ৰন আৰু তেওঁৰ পত্নী ব্ৰিগিট মেক্ৰনে  এলয়চি পেলেচত উপস্থিত হোৱাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। 

মোদীয়ে শুকুৰবাৰে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্ণ  সৈতেও দুয়োখন দেশৰ মাজত অধিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গ্ৰেণ্ড ক্ৰছ অফ দ্য লিজিয়ন অফ অনাৰ প্ৰদান কৰে। এয়া ফ্ৰান্সৰ   সামৰিক বা অসামৰিক  ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান। প্ৰধানমন্ত্ৰী মোদীয়েই  এই সন্মান লাভ কৰা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাবে বিবেচিত হৈছে। নেপোলিয়ন বোনাপাৰ্টে আৰম্ভ কৰা  লিজিয়ন অফ অনাৰত পাঁচটা  ডিগ্ৰী থাকে। 

প্ৰধানমন্ত্ৰীক সৰ্বোচ্চ গ্ৰেণ্ড ক্ৰছো প্ৰদান কৰা হয়। এই সন্মানৰ স্মাৰকৰ ৰিবন ৰঙা আৰু বেজটোত এটা ওক তথা  লৰেল পুষ্পস্তৱকৰ ওপৰত পাঁচডাল মাল্টিজ এষ্টেৰিস্ক আছে।লগতে ভাৰতৰ বাহিৰতো এইবাৰ ফ্ৰান্সলৈ গ’ল  ইউনিফাইড পেমেণ্টচ ইণ্টাৰফেচ অৰ্থাৎ ইউপিআই।। ফ্ৰান্স ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  শুক্ৰবাৰে  ফ্ৰান্সত প্ৰথম ইউপিআই আইফেল টাৱাৰত মুকলি কৰে। এতিয়াৰে পৰা আইফেল টাৱাৰতো মানুহে ইউপিআই ব্যৱহাৰ কৰি ধনৰ ডিজিটেল লেন দেন কৰিবলৈ সক্ষম হ’ব।

 উল্লেখ্য  চিঙ্গাপুৰত প্ৰথমে ইউপিআই প্ৰণালী প্ৰৱৰ্তন কৰা হৈছিল। পিছলৈ ভূটান, নেপাল, ইউ.এ.ইতো  এই ডিজিটেল মাধ্যমেৰে ধনৰ লেনদেন আৰম্ভ হয়। এইবাৰ এয়া  ফ্ৰান্সত গ্ৰহণ কৰা হ'ব। শুকুৰবাৰে ভাৰতীয় আৰু প্ৰবাসী ভাৰতীয়সকলৰ এক সমাৱেশ সম্বোধন কৰি মোদীয়ে কয়, "ফ্ৰান্সত ইউপিআই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এয়া  আইফেল টাৱাৰত উপলব্ধ হ’ব । ই ভাৰতীয় পৰ্যটকসকলক উপকৃত কৰিব। ''


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস