--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএদিন নহয়, দুদিন নহয় ১৮ মাহ ধৰি স্বামীৰ মৃতদেহ ঘৰৰ ভিতৰতে বিচনাত শুৱাই ৰখাৰ কথাই এতিয়া উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে। এনেদৰে ১৮ মাহ ধৰি মৃতদেহ শুৱাই ৰখা পত্নীয়ে দাবী কৰিছে যে তেওঁৰ স্বামীৰ  মৃত্যু হোৱা নাই, তেওঁ কোমাতহে আছিল। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে যোগী আদিত্যনাথৰ ৰাজ্যত এক আলোড়নৰ সৃষ্টি হয়। 

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে  ঘটনাটো কানপুৰ চহৰত সংঘটিত হৈছে। মৃত ব্যক্তিজনৰ নাম বিমলেশ দীক্ষিত। তেওঁ আয়কৰ বিভাগৰ এজন কৰ্মচাৰী আছিল।  কোভিডত আক্ৰান্ত  হোৱাৰ পিছত ২০২১ চনৰ ২২  এপ্ৰিল বিমলেশ দীক্ষিতৰ এখন ব্যক্তিগত নাৰ্চিং হোমত মৃত্যু হৈছিল। মৃত্যুৰ প্ৰমাণপত্ৰত এঅবুলি লিখা হৈছিল যে 'চাডেন কাৰ্ডিয়াক ৰেস্পিৰেটৰী চিণ্ড্ৰোম'ত তেওঁৰ  মৃত্যু হৈছে। কিন্তু লোক জনৰ পত্নীয়ে স্বামীৰ মৃত্যু মানি ল’ব পৰা নাছিল। 

 তেওঁ ভাবিছিল স্বামীয়ে হয়তো এদিন পুনৰ চকু মেলি তেওঁলৈ চাব। সেইবাবেই বিগত ১৮ মাহ ধৰি স্বামীৰ মৃতদেহ মহিলাগৰাকীয়ে বিচনাতে শুৱাই ৰাখিলে। মহিলাগৰাকীৰ দুখ এটা সময়ত  মানসিক ৰোগলৈ ৰূপান্তৰিত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে   ২০২১ চনৰ ২২ এপ্ৰিলত বিমলেশৰ মৃত্যু হয় যদিও  তেওঁৰ পৰিয়ালে মৃতদেহৰ  অন্তিম সংস্কাৰ কৰা নাছিল।  প্ৰত্যেক পুৱা পত্নীয়ে তেওঁৰ স্বামীৰ শৰীৰত গংগা পানী ছটিয়াইছিল। তেওঁ ভাবিছিল যে তেওঁৰ  স্বামীয়ে কোমাৰ পৰা সুস্থ হ’ব , গঙ্গাৰ পানীয়ে তেওঁক  স্বাভাৱিক অৱস্থালৈ ঘূৰাই  আনিব। 

এনেদৰেই মৃতদেহটো ১৮ মাহ ধৰি ঘৰত ৰখাৰ পিছত  মুখ্য চিকিৎসা বিষয়া ডাঃ আলোক ৰঞ্জনে শেহতীয়াকৈ চৰকাৰী কৰ্মচাৰীজনৰ পৰিয়ালৰ বিষয়ে সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে।কাৰণ লোকজনৰ মৃত্যুৰ বহুদিন পাছতো তেওঁৰ পৰিয়ালে  পেঞ্চনৰ বাবে আবেদন কৰা নাছিল । মানুহজনৰ পৰিয়ালে কোনো পেঞ্চন সম্পৰ্কীয় তথ্য দাখিল নকৰাত বিভাগীয় ভাবে কথাটোনো কি জানিবলৈ চেষ্টা কৰা হয়।

 বিভাগীয় কৰ্মীসকলে  ৰাৱটপুৰত বিমলেশৰ ঘৰত উপস্থিত হোৱাৰ পিছতে গোঁৰফাঁক হৈ পৰে। লগে লগে আৰক্ষীক খবৰ দিয়া হয়।বিমলেশৰ মৃতদেহ লালা লাজপত ৰায় চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকসকলে  বিমলেশৰ কেতিয়াবাই  মৃত্যু হোৱা বুলি সদৰী কৰে। মৃতদেহটো সম্পূৰ্ণৰূপে গেলি-পচি গৈছিল। আৰক্ষীয়ে শেহতীয়াকৈ মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু