--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএদিন নহয়, দুদিন নহয় ১৮ মাহ ধৰি স্বামীৰ মৃতদেহ ঘৰৰ ভিতৰতে বিচনাত শুৱাই ৰখাৰ কথাই এতিয়া উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে। এনেদৰে ১৮ মাহ ধৰি মৃতদেহ শুৱাই ৰখা পত্নীয়ে দাবী কৰিছে যে তেওঁৰ স্বামীৰ  মৃত্যু হোৱা নাই, তেওঁ কোমাতহে আছিল। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে যোগী আদিত্যনাথৰ ৰাজ্যত এক আলোড়নৰ সৃষ্টি হয়। 

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে  ঘটনাটো কানপুৰ চহৰত সংঘটিত হৈছে। মৃত ব্যক্তিজনৰ নাম বিমলেশ দীক্ষিত। তেওঁ আয়কৰ বিভাগৰ এজন কৰ্মচাৰী আছিল।  কোভিডত আক্ৰান্ত  হোৱাৰ পিছত ২০২১ চনৰ ২২  এপ্ৰিল বিমলেশ দীক্ষিতৰ এখন ব্যক্তিগত নাৰ্চিং হোমত মৃত্যু হৈছিল। মৃত্যুৰ প্ৰমাণপত্ৰত এঅবুলি লিখা হৈছিল যে 'চাডেন কাৰ্ডিয়াক ৰেস্পিৰেটৰী চিণ্ড্ৰোম'ত তেওঁৰ  মৃত্যু হৈছে। কিন্তু লোক জনৰ পত্নীয়ে স্বামীৰ মৃত্যু মানি ল’ব পৰা নাছিল। 

 তেওঁ ভাবিছিল স্বামীয়ে হয়তো এদিন পুনৰ চকু মেলি তেওঁলৈ চাব। সেইবাবেই বিগত ১৮ মাহ ধৰি স্বামীৰ মৃতদেহ মহিলাগৰাকীয়ে বিচনাতে শুৱাই ৰাখিলে। মহিলাগৰাকীৰ দুখ এটা সময়ত  মানসিক ৰোগলৈ ৰূপান্তৰিত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে   ২০২১ চনৰ ২২ এপ্ৰিলত বিমলেশৰ মৃত্যু হয় যদিও  তেওঁৰ পৰিয়ালে মৃতদেহৰ  অন্তিম সংস্কাৰ কৰা নাছিল।  প্ৰত্যেক পুৱা পত্নীয়ে তেওঁৰ স্বামীৰ শৰীৰত গংগা পানী ছটিয়াইছিল। তেওঁ ভাবিছিল যে তেওঁৰ  স্বামীয়ে কোমাৰ পৰা সুস্থ হ’ব , গঙ্গাৰ পানীয়ে তেওঁক  স্বাভাৱিক অৱস্থালৈ ঘূৰাই  আনিব। 

এনেদৰেই মৃতদেহটো ১৮ মাহ ধৰি ঘৰত ৰখাৰ পিছত  মুখ্য চিকিৎসা বিষয়া ডাঃ আলোক ৰঞ্জনে শেহতীয়াকৈ চৰকাৰী কৰ্মচাৰীজনৰ পৰিয়ালৰ বিষয়ে সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে।কাৰণ লোকজনৰ মৃত্যুৰ বহুদিন পাছতো তেওঁৰ পৰিয়ালে  পেঞ্চনৰ বাবে আবেদন কৰা নাছিল । মানুহজনৰ পৰিয়ালে কোনো পেঞ্চন সম্পৰ্কীয় তথ্য দাখিল নকৰাত বিভাগীয় ভাবে কথাটোনো কি জানিবলৈ চেষ্টা কৰা হয়।

 বিভাগীয় কৰ্মীসকলে  ৰাৱটপুৰত বিমলেশৰ ঘৰত উপস্থিত হোৱাৰ পিছতে গোঁৰফাঁক হৈ পৰে। লগে লগে আৰক্ষীক খবৰ দিয়া হয়।বিমলেশৰ মৃতদেহ লালা লাজপত ৰায় চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকসকলে  বিমলেশৰ কেতিয়াবাই  মৃত্যু হোৱা বুলি সদৰী কৰে। মৃতদেহটো সম্পূৰ্ণৰূপে গেলি-পচি গৈছিল। আৰক্ষীয়ে শেহতীয়াকৈ মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক