--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৰৱৰ্তী লোকসভা নিৰ্বাচনত সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু থাকিব লাগিব অসম গণ পৰিষদ৷ আঞ্চলিকতাবাদী চৰিত্ৰক বিসৰ্জন দি বিজেপিৰ মিত্ৰতাত আবদ্ধ হোৱা অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোক সাংগঠনিকভাৱে সংকুচিত কৰি আনিছে ভাৰতীয় জনতা পাৰ্টীয়ে৷ আৰু তাৰেই অংশস্বৰূপে পৰৱৰ্তী লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু থাকিব শ্বহীদৰ তেজসিক্ত অসম গণ পৰিষদ৷

২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে গুৰুত্ব প্ৰদান কৰিছে কংগ্ৰেছৰ দখলত থকা বৰপেটা আৰু কলিয়াবৰ সমষ্টিত৷ কংগ্ৰেছৰ দখলত থকা এই দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে মিত্ৰদলক বঞ্চিত কৰি বিজেপিয়ে নিজেই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ বিজেপিৰ সমীকৰণ অনুসৰি, আন ১২টা সমষ্টিত বিজেপিৰ বিজয় নিচান উৰুৱাবলৈ তৎপৰ হৈ পৰা বিজেপিৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে বৰপেটা আৰু কলিয়াবৰ লোকসভা সমষ্টি৷ বিজেপিৰ পৰিকল্পনাৰ অংশ মতেই এই দুটা সমষ্টিত বিজেপিয়েহে প্ৰাৰ্থিত্ব আগবঢ়াব৷

ইতিমধ্যে, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সৰ্বানন্দ সোণোৱালক কলিয়াবৰ আৰু ভুবনেশ্বৰ কলিতাক বৰপেটাৰ পৰ্সবেক্ষক হিচাপে নিযুক্ত কৰা হৈছে৷ ৰাজ্যিক বিজেপিৰ তৎপৰতাৰ মাজতেই কালি কলিয়াবৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু৷

কলিয়াবৰ লোকসভা সমষ্টিৰ লোকসভা প্ৰভাস যোজনা আঁচনিৰ ‘হিতাধিকাৰী সন্মিলন’ত অংশ ল’বলৈ আহি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৰপেটা, কলিয়াবৰ আৰু নগাঁৱত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি ইংগিতধৰ্মী মন্তব্য কৰে৷ তেওঁ কয়, অসমৰ সকলোতে এতিয়া তৃণমূল পৰ্যায়ত বিজেপিৰ শক্তিশালী ভেঁটি আছে৷ কিন্তু বিজেপিৰ ভেঁটি থাকিলেও আমি সন্তুষ্ট নহওঁ৷ সেয়ে সমাগত লোকসভা নিৰ্বাচনত কলিয়াবৰ, বৰপেটা আৰু নগাঁৱত বিজেপিৰ প্ৰাৰ্থী জিকিব লাগিব৷ নৰেন্দ্ৰ মোদী আকৌ প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থতেই এই তিনিটা সময়ত বিজেপি প্ৰাৰ্থী জিকিব লাগিব৷ 

এইদৰেই মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমষ্টিকেইটা অগপক এৰি নিদিয়াৰ স্পষ্ট ইংগিত দিয়ে৷ উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত বৰপেটা আৰু কলিয়াবৰ অগপক এৰি দিছিল বিজেপিয়ে৷ বৰপেটাত কুমাৰ দীপক দাস আৰু কলিয়াবৰত মণিমাধৱ মহন্তক দিয়া হৈছিল প্ৰাৰ্থিত্ব৷ কংগ্ৰেছৰ হাতত পৰাজিত হৈছিল দুয়োগৰাকী নেতাই৷

পূৰ্বৰ ২০১৪ৰ লোকসভা নিৰ্বাচনতো সমষ্টি দুটাত অগপ প্ৰাৰ্থী জয়ী হোৱা নাছিল৷ এনে প্ৰেক্ষাপটতে ২০১৪ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে নিজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি সমষ্টিকেইটাত নিজৰ আধিপত্য বিস্তাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক