--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৰৱৰ্তী লোকসভা নিৰ্বাচনত সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু থাকিব লাগিব অসম গণ পৰিষদ৷ আঞ্চলিকতাবাদী চৰিত্ৰক বিসৰ্জন দি বিজেপিৰ মিত্ৰতাত আবদ্ধ হোৱা অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোক সাংগঠনিকভাৱে সংকুচিত কৰি আনিছে ভাৰতীয় জনতা পাৰ্টীয়ে৷ আৰু তাৰেই অংশস্বৰূপে পৰৱৰ্তী লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু থাকিব শ্বহীদৰ তেজসিক্ত অসম গণ পৰিষদ৷

২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে গুৰুত্ব প্ৰদান কৰিছে কংগ্ৰেছৰ দখলত থকা বৰপেটা আৰু কলিয়াবৰ সমষ্টিত৷ কংগ্ৰেছৰ দখলত থকা এই দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে মিত্ৰদলক বঞ্চিত কৰি বিজেপিয়ে নিজেই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ বিজেপিৰ সমীকৰণ অনুসৰি, আন ১২টা সমষ্টিত বিজেপিৰ বিজয় নিচান উৰুৱাবলৈ তৎপৰ হৈ পৰা বিজেপিৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে বৰপেটা আৰু কলিয়াবৰ লোকসভা সমষ্টি৷ বিজেপিৰ পৰিকল্পনাৰ অংশ মতেই এই দুটা সমষ্টিত বিজেপিয়েহে প্ৰাৰ্থিত্ব আগবঢ়াব৷

ইতিমধ্যে, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সৰ্বানন্দ সোণোৱালক কলিয়াবৰ আৰু ভুবনেশ্বৰ কলিতাক বৰপেটাৰ পৰ্সবেক্ষক হিচাপে নিযুক্ত কৰা হৈছে৷ ৰাজ্যিক বিজেপিৰ তৎপৰতাৰ মাজতেই কালি কলিয়াবৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু৷

কলিয়াবৰ লোকসভা সমষ্টিৰ লোকসভা প্ৰভাস যোজনা আঁচনিৰ ‘হিতাধিকাৰী সন্মিলন’ত অংশ ল’বলৈ আহি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৰপেটা, কলিয়াবৰ আৰু নগাঁৱত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি ইংগিতধৰ্মী মন্তব্য কৰে৷ তেওঁ কয়, অসমৰ সকলোতে এতিয়া তৃণমূল পৰ্যায়ত বিজেপিৰ শক্তিশালী ভেঁটি আছে৷ কিন্তু বিজেপিৰ ভেঁটি থাকিলেও আমি সন্তুষ্ট নহওঁ৷ সেয়ে সমাগত লোকসভা নিৰ্বাচনত কলিয়াবৰ, বৰপেটা আৰু নগাঁৱত বিজেপিৰ প্ৰাৰ্থী জিকিব লাগিব৷ নৰেন্দ্ৰ মোদী আকৌ প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থতেই এই তিনিটা সময়ত বিজেপি প্ৰাৰ্থী জিকিব লাগিব৷ 

এইদৰেই মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমষ্টিকেইটা অগপক এৰি নিদিয়াৰ স্পষ্ট ইংগিত দিয়ে৷ উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত বৰপেটা আৰু কলিয়াবৰ অগপক এৰি দিছিল বিজেপিয়ে৷ বৰপেটাত কুমাৰ দীপক দাস আৰু কলিয়াবৰত মণিমাধৱ মহন্তক দিয়া হৈছিল প্ৰাৰ্থিত্ব৷ কংগ্ৰেছৰ হাতত পৰাজিত হৈছিল দুয়োগৰাকী নেতাই৷

পূৰ্বৰ ২০১৪ৰ লোকসভা নিৰ্বাচনতো সমষ্টি দুটাত অগপ প্ৰাৰ্থী জয়ী হোৱা নাছিল৷ এনে প্ৰেক্ষাপটতে ২০১৪ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে নিজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি সমষ্টিকেইটাত নিজৰ আধিপত্য বিস্তাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু